আঞ্চলিক সংবাদ

June 22, 2024 8:42 PM June 22, 2024 8:42 PM

views 11

দৰঙৰ বান ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চল ভ্ৰমণ কৰি ছিগা মথাউৰিসমূহ ক্ষিপ্ৰতাৰে মেৰামতি কৰিবলৈ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাৰ নিৰ্দেশ

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি বান ক্ষতিগ্ৰস্ত দৰং জিলাৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি ছিগা মথাউৰিসমূহ ক্ষীপ্ৰতাৰে মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে। ছিগা মথাউৰিৰ পুনৰ নিৰ্মাণ কৰাৰ সময়ছোৱাত বানপীড়িত ৰাইজক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰিবলৈ তেওঁ দৰং জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। মন্ত্ৰী শ্ৰীহাজৰিকাই কয় যে,...

June 22, 2024 7:13 PM June 22, 2024 7:13 PM

views 13

ৰাজ্যত কেইটামান বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নির্বাচনৰ বাবে সমিতি গঠন

অসমৰ কেইটামান বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নির্বাচনৰ বাবে সমিতি গঠন কৰা হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সমিতিৰ সদস্যসকলৰ নাম প্ৰকাশ কৰিছে। সেই অনুসৰি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাক উপ-নির্বাচন সমিতিৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ছিদলি বিধানসভা সমষ্টিৰ বাবে বিধায়ক অ...

June 22, 2024 7:12 PM June 22, 2024 7:12 PM

views 7

প্ৰতিযোগিতামূলক পৰীক্ষাত অসৎ পন্থা অৱলম্বন আৰু অনিয়ম ৰোধৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ আইন প্ৰণয়ন

কেন্দ্ৰীয় চৰকাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰাৰ ঘটনা আৰু অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে এখন কঠোৰ আইন প্ৰণয়ন কৰিছে। এই আইনখনত দোষীসকলক সৰ্বাধিক ১০ বছৰ কাৰাদণ্ড আৰু ১ কোটি টকাপৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। কৰ্মচাৰী মন্ত্ৰালয়ৰ আনুষ্ঠানিক ৰাজপত্ৰ অধিসূচনা যোগে এই আইনৰ ব্যৱস্থাসমূ...

June 22, 2024 7:11 PM June 22, 2024 7:11 PM

views 15

আকাশবাণীত ৩০ জুনত প্ৰচাৰ হ’বলগীয়া ‘মন কী বাত’ অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ দিহা-পৰামৰ্শ আহ্বান

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্র মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান...

June 22, 2024 7:05 PM June 22, 2024 7:05 PM

views 13

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত বানৰ সময়ত ল’বলগীয়া কাৰ্যব্যৱস্থাৰ প্ৰস্তুতি সন্দৰ্ভত পর্যালোচনা সভা

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি বানৰ সময়ছোৱাত ল'বলগীয়া বিভিন্ন কাৰ্যব্যৱস্থাৰ প্ৰস্তুতি সন্দৰ্ভত এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উপ-সচিব আৰু ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰকল্প সমন্বয়ক অলকানন্দা মেধিৰ উপস্থিতিত অনুষ্ঠিত সভাত খহনীয়া ...

June 22, 2024 7:03 PM June 22, 2024 7:03 PM

views 10

যোৰহাট জিলা দিৱস উদযাপনৰ প্ৰস্তুতি জিলা প্ৰশাসনৰ

যোৰহাট জিলা প্রশাসনে অহা ১ জুলাইত যোৰহাট জিলা দিৱস উদযাপনৰ প্ৰস্তুতি চলাইছে। সেই অনুসৰি প্ৰশাসনে ২৯ জুনৰ পৰা ১ জুলাইলৈ তিনিদিনীয়া কাৰ্যসূচীৰে এই দিৱস আয়োজনৰ সিদ্ধান্ত গ্রহণ কৰিছে। মৰম যোৰহাট গঢ়ি তোলাৰ উদ্দেশ্যে পৰিৱেশ নিকাকৰণ, গ্ৰন্থ উপহাৰ, সাংস্কৃতিক শোভাযাত্রা, গাঁওসভা, বিশিষ্ট ব্যক্তিসকলৰ লগত ...

June 22, 2024 7:02 PM June 22, 2024 7:02 PM

views 17

আকাশবাণী গুৱাহাটীৰ আজি নিশা ৮ বাজি ২ মিনিটত ‘দৃষ্টিপাত’ত নতুন ফৌজদাৰী আইনৰ অধীনত মহিলা সম্পর্কীয় বিষয় সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইনৰ অধীনত মহিলা সম্পর্কীয় বিষয় সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অধিবক্তা চাহিনা নাজনিন অতিথি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ ফোন নম্বৰ যোগে অতিথিৰ সৈতে ...

June 22, 2024 7:01 PM June 22, 2024 7:01 PM

views 18

বোকাখাতত সামূহিক উন্নয়ন আঁচনিৰ অধীনত গাহৰি আৰু ছাগলী পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী

পশুপালন আৰু পশু চিকিৎসা বিভাগে আজি বোকাখাতত সামূহিক উন্নয়ন আঁচনিৰ অধীনত গাহৰি আৰু ছাগলী পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। বোকাখাতৰ পশু চিকিৎসা বিজ্ঞান আৰু পশুপালন বিদ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত...

June 22, 2024 12:43 PM June 22, 2024 12:43 PM

views 18

অসম আৰু চৌপাশৰ এলেকাসমূহত ঘূর্ণী বতাহ হোৱাৰ সম্ভাৱনা প্ৰকাশ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু চৌপাশৰ এলেকাসমূহত ঘূর্ণী বতাহ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। ইয়াৰ প্ৰভাৱত পৰৱৰ্তী ৪ দিনত অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ হিমালয়ৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আ...

June 22, 2024 1:31 PM June 22, 2024 1:31 PM

views 12

শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা আৰম্ভ

শক্তিপীঠ কামাখ্যা ধামত আজিৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। এই মেলা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে ৰাজ্য চৰকাৰ, কামৰূপ মহনাগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে আজি পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ...