আঞ্চলিক সংবাদ

June 22, 2024 8:50 PM June 22, 2024 8:50 PM

views 14

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ অসম প্ৰদেশৰ সমিতি গঠন

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে সমিতি গঠন কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আজি সমিতিৰ সদস্যসকলৰ নাম প্ৰকাশ কৰিছে। সেই অনুসৰি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাক উপ-নির্বাচন সমিতিৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ছিদলি ...

June 22, 2024 8:49 PM June 22, 2024 8:49 PM

views 6

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বৃক্ক আৰু যকৃৎ সংৰোপণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্রহণঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বৃক্ক আৰু যকৃৎ সংৰোপণৰ ক্ষেত্ৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে বিশেষ পদক্ষেপ গ্রহণ কৰিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলযোগে প্ৰকাশ কৰে। প্ৰথমবাৰৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সফলতাৰে দুজন লোকৰ দেহত বৃদ্ধ সংৰোপণ কৰাৰ পাছত চিকিৎসালয়খনত উপস্থিত হৈ মু...

June 22, 2024 8:47 PM June 22, 2024 8:47 PM

views 15

ৰাজ্যৰ মাধ্যমিক বিদ্যালয়সমূহৰ নতুন ভৱন নিৰ্মাণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত পর্যালোচনা বৈঠক

ৰাজ্যৰ মাধ্যমিক বিদ্যালয়সমূহৰ নতুন ভৱন নিৰ্মাণ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে লোকনিৰ্মাণ আৰু শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে এই বৈঠকত আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে প্ৰতিটো ...

June 22, 2024 8:45 PM June 22, 2024 8:45 PM

views 14

শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা আৰম্ভ, ২৬ জুনৰ পুৱা ৬ বজাত মুকলি কৰা হ’ব মন্দিৰৰ দুৱাৰ

শক্তিপীঠ কামাখ্যা ধামত আজিৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হৈছে। আজি পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। ২৬ জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। কামাখ্যা মন্দিৰ...

June 22, 2024 8:42 PM June 22, 2024 8:42 PM

views 11

দৰঙৰ বান ক্ষতিগ্ৰস্ত বিভিন্ন অঞ্চল ভ্ৰমণ কৰি ছিগা মথাউৰিসমূহ ক্ষিপ্ৰতাৰে মেৰামতি কৰিবলৈ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাৰ নিৰ্দেশ

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি বান ক্ষতিগ্ৰস্ত দৰং জিলাৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি ছিগা মথাউৰিসমূহ ক্ষীপ্ৰতাৰে মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে। ছিগা মথাউৰিৰ পুনৰ নিৰ্মাণ কৰাৰ সময়ছোৱাত বানপীড়িত ৰাইজক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰিবলৈ তেওঁ দৰং জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। মন্ত্ৰী শ্ৰীহাজৰিকাই কয় যে,...

June 22, 2024 7:13 PM June 22, 2024 7:13 PM

views 13

ৰাজ্যত কেইটামান বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নির্বাচনৰ বাবে সমিতি গঠন

অসমৰ কেইটামান বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নির্বাচনৰ বাবে সমিতি গঠন কৰা হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সমিতিৰ সদস্যসকলৰ নাম প্ৰকাশ কৰিছে। সেই অনুসৰি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাক উপ-নির্বাচন সমিতিৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ছিদলি বিধানসভা সমষ্টিৰ বাবে বিধায়ক অ...

June 22, 2024 7:12 PM June 22, 2024 7:12 PM

views 7

প্ৰতিযোগিতামূলক পৰীক্ষাত অসৎ পন্থা অৱলম্বন আৰু অনিয়ম ৰোধৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ আইন প্ৰণয়ন

কেন্দ্ৰীয় চৰকাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰাৰ ঘটনা আৰু অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে এখন কঠোৰ আইন প্ৰণয়ন কৰিছে। এই আইনখনত দোষীসকলক সৰ্বাধিক ১০ বছৰ কাৰাদণ্ড আৰু ১ কোটি টকাপৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। কৰ্মচাৰী মন্ত্ৰালয়ৰ আনুষ্ঠানিক ৰাজপত্ৰ অধিসূচনা যোগে এই আইনৰ ব্যৱস্থাসমূ...

June 22, 2024 7:11 PM June 22, 2024 7:11 PM

views 15

আকাশবাণীত ৩০ জুনত প্ৰচাৰ হ’বলগীয়া ‘মন কী বাত’ অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ দিহা-পৰামৰ্শ আহ্বান

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্র মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান...

June 22, 2024 7:05 PM June 22, 2024 7:05 PM

views 13

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত বানৰ সময়ত ল’বলগীয়া কাৰ্যব্যৱস্থাৰ প্ৰস্তুতি সন্দৰ্ভত পর্যালোচনা সভা

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি বানৰ সময়ছোৱাত ল'বলগীয়া বিভিন্ন কাৰ্যব্যৱস্থাৰ প্ৰস্তুতি সন্দৰ্ভত এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উপ-সচিব আৰু ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰকল্প সমন্বয়ক অলকানন্দা মেধিৰ উপস্থিতিত অনুষ্ঠিত সভাত খহনীয়া ...

June 22, 2024 7:03 PM June 22, 2024 7:03 PM

views 10

যোৰহাট জিলা দিৱস উদযাপনৰ প্ৰস্তুতি জিলা প্ৰশাসনৰ

যোৰহাট জিলা প্রশাসনে অহা ১ জুলাইত যোৰহাট জিলা দিৱস উদযাপনৰ প্ৰস্তুতি চলাইছে। সেই অনুসৰি প্ৰশাসনে ২৯ জুনৰ পৰা ১ জুলাইলৈ তিনিদিনীয়া কাৰ্যসূচীৰে এই দিৱস আয়োজনৰ সিদ্ধান্ত গ্রহণ কৰিছে। মৰম যোৰহাট গঢ়ি তোলাৰ উদ্দেশ্যে পৰিৱেশ নিকাকৰণ, গ্ৰন্থ উপহাৰ, সাংস্কৃতিক শোভাযাত্রা, গাঁওসভা, বিশিষ্ট ব্যক্তিসকলৰ লগত ...