আঞ্চলিক সংবাদ

July 21, 2024 7:16 PM

views 15

ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্রদেশৰ সভাপতিৰূপে ৰাকেশ দাসক নিযুক্ত

ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্রদেশে ৰাকেশ দাসক সভাপতিৰূপে নিযুক্ত কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আজি এই বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। উল্লেখযোগ্য যে, নৱনিযুক্ত সভাপতি ৰাকেশ দাসে পূৰ্বতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।

July 21, 2024 7:11 PM

views 15

নিখিল বড়ো ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিৰ উদ্যোগত মুছলপুৰত শৈক্ষিক আলোচনা

ছাত্ৰ-ছাত্ৰীৰ নৈতিক পতন আৰু মাদক দ্ৰব্যৰ প্ৰতি আসক্তি বৃদ্ধিয়ে সমাজত পেলোৱা কু-প্ৰভাৱ দূৰীকৰণৰ বাবে আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিয়ে মুছলপুৰত এখন শৈক্ষিক আলোচনা সভা অনুষ্ঠিত কৰে। আলোচনাসভাত মহকুমাটোৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে। সভাত উপস্থিত থাকি নিখি...

July 21, 2024 7:06 PM

views 25

ৰাজ্যৰ ৩ খন জিলাত ঔদ্যোগিক উদ্যান নিৰ্মাণৰ প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কৰিমগঞ্জকে ধৰি ৰাজ্যৰ ৩ খন জিলাত ঔদ্যোগিক উদ্যান নিৰ্মাণৰ প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। কৰিমগঞ্জত পাথাৰকান্দি অঞ্চলত এখন উদ্যান গঢ়ি তোলা হ'ব। পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে এই সন্দৰ্ভত চৰকাৰৰ পদক্ষেপৰ শলাগ লৈ কয় যে, এই প্ৰকল্পৰ ফলত অঞ্চলটোত ৫ ৰ পৰা ৭ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে ...

July 21, 2024 7:04 PM

views 30

ৰাজ্যৰ বিভিন্ন ঠাইত আৱকাৰী আৰু আৰক্ষী বিভাগৰ অবৈধ সুৰা জব্দ

ৰাজ্যৰ বিভিন্ন ঠাইত আৱকাৰী আৰু আৰক্ষী বিভাগে অবৈধ সুৰা জব্দ কৰাৰ লগতে বিনষ্ট কৰে। বাক্সা জিলাৰ অন্তৰ্গত শিমলা আৰক্ষী থানাই জব্দ কৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা হোজোৱাৰ পতানৈৰ পাৰত ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ উপস্থিতিত নষ্ট কৰা হয়। উল্লেখযোগ্য যে চলিত বৰ্ষত শিমলা আৰক্ষী থানাই জিলাখনৰ বিভিন্ন স্থানৰ পৰা আঢ...

July 21, 2024 12:44 PM

views 16

স্বাধীনতা দিৱস পালনৰ উদ্দেশ্যে লখিমপুৰ জিলা আয়ুক্তৰ সভাপতিত্বত গুৰুত্বপূৰ্ণ বৈঠক

সমাগত স্বাধীনতা দিৱস পালনৰ উদ্দেশ্যে লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত কালি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, সামৰিক আৰু অৰ্ধ সামৰিক বাহিনী আৰু নাগৰিক সমাজৰ প্ৰতিনিধিসকলৰ উপস্থিতিত আয়োজিত এই সভাত স্বাধীন...

July 21, 2024 12:41 PM

views 15

মৰিগাঁৱত সাহিত্যিক প্রয়াত ড° লক্ষ্মীনন্দন বৰাৰ তৃতীয় স্মাৰক বক্তৃতা অনুষ্ঠান

অসমীয়া ভাষা সাহিত্যৰ প্ৰথিতযশা সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্রয়াত ড° লক্ষ্মীনন্দন বৰাৰ তৃতীয় স্মাৰক বক্তৃতা অনুষ্ঠান কালি মৰিগাঁও জিলাৰ জাগীৰোড মহাবিদ্যালয়ত অনুষ্ঠিত হয়। ড° লক্ষ্মীনন্দন বৰা স্মাৰক ন্যাসৰ উদ্যোগত আৰু অসমীয়া নতুন সংবাদ গোষ্ঠীৰ সহযোগত অনুষ্ঠিত বক্তৃতা অনুষ্ঠানৰ অস...

July 21, 2024 12:04 PM

views 20

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ ১৪ হাজাৰ খালী পদৰ বিপৰীতে ৩২ লাখতকৈ অধিক আবেদন

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ ১৪ হাজাৰ খালী পদৰ বিপৰীতে নিযুক্তি আয়োগে ৩২ লাখতকৈ অধিক আবেদন লাভ কৰিছে। নিযুক্তি পৰীক্ষা পৰিচালনাৰ দায়িত্ব লাভ কৰা ছেবাই প্ৰকাশ কৰা তথ্য অনুসৰি ১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া তৃতীয়বৰ্গৰ পদৰ বিপৰীতে ১১ লাখ ২৩ হাজাৰতকৈ অধিক প্ৰাৰ্থীয়ে আবেদন কৰিছে। একেদৰে ২৯ ...

July 21, 2024 12:01 PM

views 26

শিক্ষা সেতু এপ সন্দৰ্ভত বিভিন্ন শিক্ষক সন্থাৰে  ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক

সমগ্ৰ শিক্ষা অসমৰ কনফাৰেন্স কক্ষত কাইলৈ শিক্ষা সেতু এপ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। শিক্ষা সেতু এপৰ ওজৰ আপত্তি সন্দৰ্ভত আলোচনাৰ বাবে এই বৈঠকৰ আয়োজন কৰা হৈছে। সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থা, সদৌ অসম মজলীয়া বিদ্যালয় শিক্ষক সন্থা, অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাকে ধৰি ৮টা শ...

July 21, 2024 11:57 AM

views 28

সমগ্ৰ শিক্ষা অভিযানৰ অধীনত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা ঠিকাভিত্তিক শিক্ষক-কর্মচাৰীৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্যৰ সিদ্ধান্ত

সমগ্ৰ শিক্ষা অভিযানৰ অধীনত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা ঠিকাভিত্তিক শিক্ষক-কর্মচাৰীৰ পৰিয়ালক ৰাজ্য চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী আৰু শিক্ষকসকলৰ মৃত্যু হ'লে পৰিয়ালে ৬০ বছৰলৈকে অর্থাৎ অৱসৰৰ সময়লৈকে সম্পূর্ণ দৰমহা লাভ কৰে যদিও ঠ...

July 21, 2024 11:54 AM

views 16

গুৱাহাটী আই আই টিৰ বিশেষজ্ঞৰ দলে ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ কাৰকসমূহ অধ্যয়ন কৰি মাষ্টাৰ প্লেন প্ৰস্তুত কৰিবঃ সৰ্বানন্দ সোণোৱাল

কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় চহৰৰ বান পৰিস্থিতিৰ বুজ লৈ অত্যাধুনিক প্রযুক্তিৰে কৃত্ৰিম বান সমাধানৰ আশ্বাস দিছে। নালিয়াপুলৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈ তেওঁ বানৰ পৰা ৰাইজক সকাহ দিবলৈ সংশ্লিষ্ট বিষয়াসকলৰ তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি বেদখলকে ধৰি বি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।