আঞ্চলিক সংবাদ

June 25, 2024 8:40 PM June 25, 2024 8:40 PM

views 13

দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫ দিনীয়াকৈ বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে খণ্ডভিত্তিত প্ৰশিক্ষণ

দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঁচদিনীয়াকৈ বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে খণ্ডভিত্তিত প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। বৰপেটা শিক্ষাখণ্ডৰ ৩৬টা মণ্ডল সমল কেন্দ্ৰৰ গণিত আৰু বিজ্ঞানৰ শিক্ষকসকলে অংশগ্ৰহণ কৰা এই কৰ্মশালা জিলাখনৰ শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত তথা সমগ্...

June 25, 2024 8:38 PM June 25, 2024 8:38 PM

views 17

তামুলপুৰত শিশু অধিকাৰ সম্পৰ্কীয় শিবিৰৰ আজি সামৰণি

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত তামুলপুৰত আয়োজিত শিশু অধিকাৰ সম্পৰ্কীয় শিবিৰৰ আজি সামৰণি পৰে। আয়োগৰ সদস্য সকলে নাৱালকক ন্যায়, শিশুৰ শিক্ষা, যৌন নির্যাতন ৰোধ কৰা, শিশু শ্রম বন্ধ কৰা, বাল্য বিবাহ বন্ধ কৰা তথা শিশুৰ সৈতে জড়তি অন্য বিষয় সমূহ ...

June 25, 2024 8:37 PM June 25, 2024 8:37 PM

views 8

মানস ব্যাঘ্র প্রকল্প ক্ষেত্ৰ সঞ্চালকৰ সহযোগত অভিযানত ২ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

বন বিভাগে মানস ব্যাঘ্র প্রকল্প ক্ষেত্ৰ সঞ্চালকৰ সহযোগত অভিযান চলাই দুটাকৈ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰী কালিচৰণ বসুমতাৰী আৰু মাইছৰাং গয়াৰীৰ ঘৰত অভিযান চলাই বিভাগে চিকাৰত ব্যৱহাৰ দুটা হস্তনির্মিত বন্দুক, বন্দুকৰ কুণ্ডা, মৃত হৰিণাৰ শিং, কেটেলা পহুৰ কাঁইট, গুলী তৈয়াৰ কৰা ...

June 25, 2024 8:35 PM June 25, 2024 8:35 PM

views 9

১ জুলাইৰ পৰা ৩ জুলাইলৈ শোণিতপুৰ জিলা আন্তঃজিলা ফুটবল প্রতিযোগিতা

২০২৪-২৫ বৰ্ষৰ শোণিতপুৰ জিলা আন্তঃজিলা ফুটবল প্রতিযোগিতা অহা ১ জুলাইৰ পৰা ৩ জুলাইলৈ তেজপুৰৰ মিছন চাৰিআলিৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হ'ব। ১৫ আৰু ১৭ বছৰ অনুৰ্ধৰৰ ল'ৰা আৰু ১৭ বছৰ অনুৰ্ধৰৰ ছোৱালীৰ বাবে অনুষ্ঠিত এই প্ৰতিযোগিতাত পাৰদৰ্শিতাৰ ভিত্তিত খেলুৱৈসকলক পিলিক চৌধুৰী সোঁৱৰণ...

June 25, 2024 7:07 PM June 25, 2024 7:07 PM

views 8

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ১০খন জিলাৰ ৬৩১ খন গাঁৱৰ এক লাখ ৭০ হাজাৰতকৈ অধিক লোক বানৰ কবলত আছে। ১৩ হাজাৰতকৈও অধিক ক্ষতিগ্রস্ত লোকক সহায় কৰিবৰ বাবে ১০২টা আশ্রয় শিবিৰ আৰু ৩৮টা সাহায্য বিতৰণ কেন্দ্ৰ সক্ৰিয় ৰখা হৈছে। বানত ২১ হাজাৰৰো অধিক পশুধনৰ ক্ষতি হৈছে।

June 25, 2024 6:50 PM June 25, 2024 6:50 PM

views 11

৩০ জুনত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনা...

June 25, 2024 6:47 PM June 25, 2024 6:47 PM

views 13

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ৬৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি বাতৰি পৰিবেশন প্রতিযোগিতাৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন বাতৰি পৰিবেশন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। আগ্রহীসকলে আকাশবাণীত প্ৰচাৰৰ উপযোগী বাতৰিৰ এটা ১ মিনিটৰ অডিঅ' বাণীবদ্ধ কৰি নিজৰ ন...

June 25, 2024 1:16 PM June 25, 2024 1:16 PM

views 13

৫১ কোটি টকা ব্যয়ৰে গুৱাহাটী জিলা পুথিভঁৰালৰ নতুন আন্তঃগাঁথনি উন্নীতকৰণ ব্যৱস্থা

অসম চৰকাৰে গুৱাহাটী জিলা পুথিভঁৰালটো নতুন আন্তঃগাঁথনিৰে উন্নীতকৰণ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ৫১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই ভৱনটোত চাৰিটা পুথিভঁৰাল মহলা, তিনিটা সাধাৰণ অধ্যয়ন ক্ষেত্র, কিতাপৰ বিপণী, কেফেটেৰিয়া, পার্কিং সুবিধা তথা পঢ়ুৱৈ আৰু দৰ্শনাৰ্থীৰ বাবে বিভিন্ন সুবিধা ৰখা হ'ব। স...

June 25, 2024 1:13 PM June 25, 2024 1:13 PM

views 14

বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত

বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ৯খন জিলাৰ ২২ টা ৰাজহ চক্ৰৰ ৭৯৩ খন গাঁৱৰ ২ লাখ ৪ হাজাৰ ৮৯৬ গৰাকী লোক ক্ষতিৰ সন্মুখীন হৈছে। বানত ১৭ হাজাৰৰো অধিক পশুধনৰ ক্ষতি হৈছে। আনহাতে, এই বানত ৪ হাজাৰ ২৭৪ হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈ আছে। বানৰ কবলত পৰা লোকৰ বাবে ১০৭ট...

June 25, 2024 1:11 PM June 25, 2024 1:11 PM

views 8

ৰেচন কার্ড দাখিলৰ জৰিয়তে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত নামভৰ্তি কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় পৰ্যায়ত বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব বিচৰা শিক্ষাৰ্থীসকলে পিতৃ-মাতৃৰ আয়ৰ প্ৰমাণপত্ৰৰ পৰিৱৰ্তে পৰিয়ালৰ ৰেচন কার্ডো দাখিল কৰিব পাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা ঘোষণা কৰে। তেওঁ কয় যে এই সন্দৰ্ভত মহাবিদ্যালয় কর্তৃপক্ষ...