আঞ্চলিক সংবাদ

June 27, 2024 11:31 AM June 27, 2024 11:31 AM

views 11

শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱৰ বাবে ২৩-২৭ জুলাইলৈ শোণিতপুৰত অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাৱেশ

ভাৰতীয় সেনাৰ শ্বিলঙৰ নিযুক্তি কার্যালয়ে মধ্য অসমৰ চাৰিখন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱৰ বাবে অহা ২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ শোণিতপুৰৰ ষ্টেডিয়ামত অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাবেশৰ আয়োজন কৰিছে। মিছামাৰীৰ সেনা ছাউনীৰ যশৱন্ত ষ্টেডিয়ামত এই সমাৱেশ অনুষ্ঠিত হ'ব। চলিত বৰ্ষৰ যোৱা এপ্রিল মাহ...

June 26, 2024 8:54 PM June 26, 2024 8:54 PM

views 8

বাৰ্ষিক ২ লাখতকৈ কম উপাৰ্জন কৰাসকলৰ সন্তানক মহাবিদ্যালয় নামভৰ্তিৰ মাছুল বহন কৰাৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে ২লাখতকৈ কম বাৰ্ষিক উপাৰ্জন কৰা অভিভাৱকসকলৰ সন্তানক মহাবিদ্যালয় নামভৰ্তিৰ মাছুল বহন কৰাৰ সিদ্ধান্ত লৈছে। এই ব্যৱস্থা ৰূপায়নৰ বাবে আনুমানিক ১৫০ কোটি টকা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে জুলাই সংশ্লিষ্ট মহাবিদ্যালয়সমূহলৈ ধন ৰাশি প্ৰেৰণ কৰা হ'ব। এই ক্ষেত্ৰত ...

June 26, 2024 8:50 PM June 26, 2024 8:50 PM

views 12

২,১০০ কোটিতকৈও অধিক টকা মূল্যৰ মাদক দ্ৰৱ্য জব্দ অসম চৰকাৰৰ

অসম চৰকাৰে মাদক দ্ৰব্যৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতি অক্ষুণ্ণ ৰাখি ২হেজাৰ ১০০ কোটিতকৈও অধিক টকা মূল্যৰ মাদক দ্ৰৱ্য জব্দ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্য আৰু নিচাযুক্ত সামগ্ৰী সৰবৰাহ বিৰোধী দিৱসৰ পৰিপ্ৰেক্ষিতত এই কথা উল্লেখ কৰি কয় যে ৰাজ্যখন মাদক দ্রব্য মু...

June 26, 2024 8:46 PM June 26, 2024 8:46 PM

views 2

যোৰহাটত গ্রেনেড নিক্ষেপৰ ঘটনা সন্দৰ্ভত চাৰিজন অভিযুক্তৰ বিৰুদ্ধে এন আই এৰ অভিযোগনামা দাখিল

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এই আজি, যোৱা বছৰ – উগ্ৰপন্থী সংগঠন আলফাই যোৰহাটৰ এটা সামৰিক ঘাটিত গ্রেনেড নিক্ষেপ কৰা ঘটনা সন্দৰ্ভত আজি চাৰিজন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। যোৰহাটৰ লিচুবাৰী সামৰিক ঘাটিত যোৱা ১৪ ডিচেম্বৰত এই ঘটনা সংঘটিত হৈছে। উগ্ৰপন্থী সংঘটনটোৱে উত্তৰ প্ৰদেশৰ ৰাজ্য কেই...

June 26, 2024 12:03 PM June 26, 2024 12:03 PM

views 8

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় পর্যায়ত বিনামূলীয়া নামভৰ্তি

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় পর্যায়ত বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব বিচৰা শিক্ষাৰ্থীসকলে পিতৃ-মাতৃৰ আয়ৰ প্ৰমাণপত্ৰৰ পৰিৱৰ্তে পৰিয়ালৰ ৰেচন কার্ডো দাখিল কৰিব পাৰিব। বিনামূলীয়া নামভৰ্তিৰ বাবে ছাত্ৰ- ছাত্ৰীসকলৰ পিতৃ-মাতৃ চৰকাৰৰ অধীনস্থ নিগম-নিকায়ত কৰ্মৰত হ'ব নোৱাৰিব,...

June 26, 2024 11:58 AM June 26, 2024 11:58 AM

views 19

ৰাজ্যত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস উদযাপন

আজি ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস। এই বছৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে - ‘প্ৰমাণ স্পষ্টঃ প্ৰতিৰোধৰ বাবে হাত আগবঢ়াওক’। ৰাজ্যত শেহতীয়াকৈ এইচ আই ভি সংক্ৰমণৰ ক্ষেত্ৰত বেজীৰ দ্বাৰা ড্ৰাগছ গ্রহণক এটা প্ৰধান কাৰক হিচাপে বিবেচনা কৰা হৈছে। উল্লেখযোগ্য যে ড্ৰাগছ গ্ৰহণকাৰীৰ মাজত ব্য...

June 26, 2024 11:52 AM June 26, 2024 11:52 AM

views 12

অম্বুবাচী মেলাৰ সামৰণিৰ পাছত ভক্তৰ বাবে কামাখ্যা মন্দিৰৰ দুৱাৰ মুকলি

পাঁচ-দিনীয়া অম্বুবাচী মেলাৰ অন্ত পৰাৰ পাছত আজি পুৱা ভক্তৰ বাবে মা কামাখ্যা মন্দিৰৰ দুৱাৰ মুকলি কৰা হয় ৷ কালি নিশা ৯ বাজি ৭ মিনিটত অম্বুবাচীৰ নিবৃত্তি ঘটে যদিও আজি পুৱা নিত্য-নৈমত্তিক পূজা-অৰ্চনাৰ পাছতে মন্দিৰৰ মূল দুৱাৰ মুকলি কৰা হয় ৷ ইতিমধ্যে মেলাৰ কেইদিনত নীলাচল পাহাৰৰ কামাখ্যা ধামত লাখ লাখ ভক্...

June 26, 2024 11:50 AM June 26, 2024 11:50 AM

views 11

কাইলৈ নলবাৰীত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

কাইলৈ নলবাৰীত অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ বাহিৰত অনুষ্ঠিত কৰি অহা এই কেবিনেট বৈঠকৰ বাবে নলবাৰী জিলা প্ৰশাসনে ইতিমধ্যে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। বৈঠকখন আজি অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও জনসংযোগৰ এটা বিবৃতিত স্থগিত ৰখাৰ কথা প্ৰকাশ ...

June 25, 2024 8:45 PM June 25, 2024 8:45 PM

views 4

প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ উদ্যোগত উলুবাৰীত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংবাদমাধ্যমৰ কৰ্মশালা

অহা ১ জুলাইৰ পৰা দেশত বলৱৎ হ'বলগীয়া নতুন ফৌজদাৰী আইন সন্দৰ্ভত আজি প্ৰেছ ইনফৰমেচন ব্যুৰ’ৰ উদ্যোগত উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমাধ্যমৰ কৰ্মশালা অনুষ্ঠিত হয়। এই অনুষ্ঠানত পি আই বি উত্তৰ-পূৰ্বাঞ্চল মণ্ডলৰ সঞ্চালক প্রধান কে সতীশ নাম্বুদিৰিপাড়, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অ...

June 25, 2024 8:41 PM June 25, 2024 8:41 PM

views 9

তিনিচুকীয়া জিলাৰ আদালত চৌহদটো উৰণ নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা

তিনিচুকীয়া জিলাৰ আদালত চৌহদটো উৰণ নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। জিলাখনৰ আয়ুক্ত স্বপ্নীল পালে এখন জাননীযোগে এই ঘোষণা জাৰি কৰিছে। এই ক্ষেত্ৰত কোনো ব্যক্তিৰ আপত্তি থাকিলে লিখিতভাৱে কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ কোৱা হৈছে।