আঞ্চলিক সংবাদ

December 6, 2025 11:55 AM

views 10

আন্তর্জাতিক কেটল বেল মাৰাথন ফেডাৰেচনৰ ৬০ মিনিট মাৰাথন শাখাত দীপান্বিতা দাসৰ মাষ্টাৰ অৱ স্পর্টছ খিতাপ অৰ্জন

অসমৰ দীপান্বিতা দাসে হাংগেৰীত অনুষ্ঠিত আন্তর্জাতিক কেটল বেল মাৰাথন ফেডাৰেচনৰ ৬০ মিনিট মাৰাথন শাখাত মাষ্টাৰ অৱ স্পর্টছ খিতাপ অৰ্জন কৰিছে। যোৱা ২৮ৰ পৰা ৩০ নবেম্বৰলৈ এই প্রতিযোগিতা অনুষ্ঠিত হৈছিল আৰু এই খিতাপ লাভ কৰা দীপান্বিতা দাস হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা।

December 6, 2025 11:52 AM

views 58

অসম শিশু সাহিত্য ন্যাসৰ কাৰ্যালয়ত আজি নতুনকৈ প্ৰকাশ কৰি উলিওৱা ৫২ খন গ্রন্থ উন্মোচন

গুৱাহাটীস্থিত অসম শিশু সাহিত্য ন্যাসৰ কাৰ্যালয়ত আজি ন্যাসে নতুনকৈ প্ৰকাশ কৰি উলিওৱা ৫২ খন গ্রন্থ উন্মোচন কৰা হ'ব। ইয়াৰ লগতে ন্যাসে অসম ভিত্তিক আয়োজন কৰা পাণ্ডুলিপি প্রতিযোগিতাত পুৰস্কাৰ লাভ কৰা প্ৰতিযোগিসকলক এই সভাতে পুৰস্কাৰসমূহ প্ৰদান কৰা হ'ব। অনুষ্ঠানত শিক্ষা মন্ত্রী তথা ন্যাসৰ সভাপতি ডাঃ ৰণোজ পে...

December 6, 2025 11:49 AM

views 16

সমাগত বিধানসভা নির্বাচনত বিজেপিয়ে নতুন প্রার্থীক অগ্রাধিকাৰ দিব বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

সমাগত বিধানসভা নির্বাচনত বিজেপিয়ে নতুন প্রার্থীক অগ্রাধিকাৰ দিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। উমৰাংদ্ভুত কালি আয়োজিত অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে কালি কয়, যে এই নির্বাচনত মহিলা আৰু যুৱ শক্তিক প্রাধান্য দিয়া হ'ব। দলটোক তৰুণৰ শক্তিৰে শক্তিশালী কৰি তোলা...

December 6, 2025 11:46 AM

views 27

ৰাজ্যৰ ২৮ গৰাকী সাহিত্যিকলৈ ২০২৫-২৬ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু পেঞ্চন ঘোষণা

ৰাজ্য চৰকাৰে ২০২৫-২৬ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু সাহিত্য পেঞ্চন ঘোষণা কৰিছে। এইবাৰ মুঠ ১৮ গৰাকী সাহিত্যিকে সাহিত্য বঁটা লাভ কৰাৰ লগতে ১০ গৰাকী সাহিত্যিকলৈ সাহিত্য পেঞ্চন আগবঢ়োৱা হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি এই কথা ঘোষণা কৰে। তেওঁ লগতে অসমীয়া সাহিত্য জগতলৈ অৰিহণা যোগোৱা এই সাহিত্যিক আৰু প...

December 6, 2025 11:44 AM

views 22

দুদিনীয়া ভ্রমণসূচীৰে মুখ্যমন্ত্রী আজি শিলচৰলৈ ৰাওনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা দুদিনীয়া ভ্রমণসূচীৰে আজি শিলচৰলৈ যাব। তেওঁ হাইলাকান্দি আৰু শিলচৰত কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে শিলচৰত উপস্থিত হৈ হাইলাকান্দিলৈ যাব আৰু তাত দিনৰ ভাগত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰিব।...

December 5, 2025 7:25 PM

views 17

মাজুলীৰ বিহিমপুৰ সত্ৰৰ যুৱ সংঘৰ সৌজন্যত অসম ভিত্তিত দিবা-নৈশ ভলীবল প্রতিযোগিতা অনুষ্ঠিত

মাজুলীৰ বিহিমপুৰ সত্ৰৰ যুৱ সংঘৰ সৌজন্যত আৰু স্থানীয় ৰাইজ সহযোগত বিহিমপুৰ সত্ৰৰ ৰংগমঞ্চ প্ৰাংগণত কালিৰে পৰা দুদিনীয়াকৈ অসম ভিত্তিত দিবা-নৈশ ভলীবল প্রতিযোগিতা অনুষ্ঠিত হৈছে। এই প্রতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভলীবল দলে অংশগ্ৰহণ কৰিছে।

December 5, 2025 7:23 PM

views 12

কাজি নেমুৰ ৰস সংৰক্ষণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীসকলৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ৰাজ্যৰ জাতীয় ফল ৰূপে স্বীকৃতি লাভ কৰা কাজি নেমুৰ ৰস সংৰক্ষণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীসকলে উদ্ভাৱন কৰা বিশেষ প্রযুক্তি কৌশলৰ বাণিজ্যিক উৎপাদনৰ এখন বুজাবুজিৰ চুক্তি আজি স্বাক্ষৰ কৰা হয়। কৃষি বিশ্ববিদ্যালয়খনৰ কৃষি গবেষণা সঞ্চালকৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত ত্রিনিতি ফুক্তা প্রাইভে...

December 5, 2025 7:39 PM

views 16

সমগ্র দেশতে আজি ইণ্ডিগ’ এয়াৰলাইন্সৰ বিমান সেৱা বাতিল

দেশৰ ব্যক্তিগত খণ্ডৰ বৃহত্তম বিমান পৰিবহণ সংস্থা ইণ্ডিগ' এয়াৰলাইন্সৰ পাইলটসকলৰ অসহযোগিতাকে ধৰি বিভিন্ন কাৰণত আজিও সমগ্ৰ দেশতে পৰিবহণ সংস্থাটোৰ বিমান সেৱা বেয়াকৈ ক্ষতিগ্রস্ত হয়। গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰতো আজি ইণ্ডিগ'ৰ কেইবাখনো বিমানৰ যাত্রা বাতিল কৰা হয় আৰু আন কেইবাখনো ...

December 5, 2025 7:16 PM

views 15

ঘন কুঁৱলীৰ বাবে যান-বাহন চলাচলৰ ক্ষেত্ৰত হোজাই জিলা প্রশাসনৰ নীতি-নির্দেশনা জাৰি

শীতকালত ঘন কুঁৱলীৰ বাবে হ'ব পৰা পথ দুর্ঘটনা হ্রাস কৰাৰ বাবে হোজাই জিলা প্রশাসনে যান-বাহন চলাচলৰ ক্ষেত্ৰত নীতি-নির্দেশনা জাৰি কৰিছে। জিলা আযুক্ত বিদ্যুৎ বিকাশ ভাগবতীয়ে আজি সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰি কয়, যে এই নির্দেশনা অনুসৰি জিলাখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত বিয়লি ৫ বজাৰ পৰা পুৱা ৮ বজালৈ ড...

December 5, 2025 7:04 PM

views 17

উমৰাংছ’ত ডিমা হাচাও জিলাৰ প্ৰথমখন অসম ক্রিকেট সন্থাৰ ষ্টেডিয়াম মুকলি

ডিমা হাচাওৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আজি জিলাখনৰ প্ৰথমখন অসম ক্রিকেট সন্থাৰ ষ্টেডিয়াম মুকলি কৰা হয়। ঊমৰাংছ'ত নিৰ্মাণ কৰা এই নতুন ক্রিকেট ষ্টেডিয়ামখন মুকলি কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই খেলৰ সা-সুবিধাসমূহ ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিটো প্রান্তলৈকে কঢ়িয়াই নিবলৈ ৰাজ্য চৰকাৰ দৃঢ় প্রতিজ্ঞ বু...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।