আঞ্চলিক সংবাদ

July 2, 2024 8:02 PM July 2, 2024 8:02 PM

views 16

ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টিভিত্তিক কৰ্মশালাৰ আয়োজন

গ্রীষ্ম বন্ধৰ সময়ছোৱা শিক্ষাৰ্থীসকলৰ বাবে ফলপ্রসূ কৰি তোলাৰ উপৰি তেওঁলোকৰ সাংস্কৃতিক উৎকর্ষ সাধনৰ লক্ষ্যৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টিভিত্তিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। বিগত বছৰৰ দৰে এইবাৰো শিক্ষাৰ্থীসকলৰ সাংস্কৃতিক বুদ্ধিমত্তা বিকাশত গুৰুত্ব আৰোপ কৰি বিভাগে এই ব্যৱস্থ...

July 2, 2024 7:54 PM July 2, 2024 7:54 PM

views 10

শুল্ক বিভাগৰ গুৱাহাটী মণ্ডলে বৰাগাঁৱৰ এটা প্ৰতিষ্ঠানত অভিযান চলাই ৫৩৬ কার্টন বিদেশী চিগাৰেট জব্দ কৰে

শুল্ক বিভাগৰ গুৱাহাটী মণ্ডলৰ দলে গোপন সূত্ৰৰ পম খেদি বৰাগাঁৱৰ এটা প্ৰতিষ্ঠানত অভিযান চলাই আজি ৫৩৬ কার্টন বিদেশী চিগাৰেট জব্দ কৰিছে। জব্দ কৰা চিগাৰেটখিনিৰ বজাৰ মূল্য ৩০ লাখ ৭৯ হাজাৰ টকা হ'ব বুলি অনুমান কৰা হৈছে। শুল্ক বিভাগে প্ৰকাশ কৰা মতে চিগাৰেটখিনি প্রতিষ্ঠানটোৰ পুৰণি আলমিৰা, ৱাশ্বিং মেচিন আৰু এটা...

July 2, 2024 7:52 PM July 2, 2024 7:52 PM

views 8

কাইলৈ আৰম্ভ হ’বলগীয়া ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত স্থগিত

ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰাৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কাইলৈ আৰম্ভ হ'বলগীয়া ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত স্থগিত ৰাখিছে। এই সন্দৰ্ভত শিক্ষা সংসদৰ সচিবে জাৰি কৰা নিৰ্দেশনাত কয় যে, বান পৰিস্থিতি উন্নত হোৱাৰ পাছতে...

July 2, 2024 6:35 PM July 2, 2024 6:35 PM

views 38

ৰাজ্যৰ বান পৰিস্থিতি অধিক শোচনীয়, বোকাখাতৰ বান পীড়িত অঞ্চলসমূহ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। প্রলয়ংকৰী বানত ৰাজ্যৰ ২০খন জিলাৰ ৬ লাখ ৪০ হাজাৰতকৈও অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত বানত পৰি ধেমাজি আৰু তিনিচুকীয়া জিলাত এজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি পালে। আনহাতে, গোলাঘাট জিলাৰ এজন...

July 2, 2024 1:14 PM July 2, 2024 1:14 PM

views 12

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত GROWTH SAGA OF NORTH-EAST শীর্ষক আলোচনাচক্র অনুষ্ঠিত

আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ প্রেক্ষাগৃহত অনুষ্ঠিত হয়। আকাশবাণীৰ উত্তৰ- পূবৰ অতিৰিক্ত সঞ্চালক প্রধান আশীষ ভাটনাগৰে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠান আৰম্ভ কৰে। ভাষণ প্ৰসংগত শ্রীভাটনাগৰে কয় যে আকা...

July 2, 2024 1:12 PM July 2, 2024 1:12 PM

views 9

শিক্ষা সেতু এপৰ গুণগত মান পৰীক্ষা কৰিবলৈ তিনিজনীয়া বিশেষজ্ঞ সমিতি গঠন

ৰাজ্যৰ বিদ্যালয়, শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ তথ্য সম্বলিত শিক্ষা সেতু এপৰ গুণগত মান পৰীক্ষা কৰিবলৈ চৰকাৰে কালি তিনিজনীয়া বিশেষজ্ঞ সমিতি এখন গঠন কৰিছে। গুৱাহাটী আই আই টিৰ ডীন অধ্যাপক পৰমেশ্বৰ আয়াৰ, গুৱাহাটী ইণ্ডিয়ান ইনষ্টিটিউট অব ইনফর্মেছন টেকন'ল'জীৰ সঞ্চালক অধ্যাপক শৰৎ কুমাৰ পাত্ৰ আৰু কটন বিশ্ববিদ...

July 2, 2024 1:10 PM July 2, 2024 1:10 PM

views 15

ৰাণা প্রতাপ কলিতাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰৰ সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগ গঠন

ভাৰতীয় সৈন্য বাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰে সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগ গঠন কৰিছে। বিত্ত, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবৰ লগতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া দেৱেশ্বৰ মালাকাৰ সদস্য হিচাপে থকা এই সমিতিখন...

July 2, 2024 1:08 PM July 2, 2024 1:08 PM

views 12

কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ ঘোষণা

ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটীতো ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত আভ্যন্তৰীণ জল পৰিবহন বিভাগে কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা বন্ধ ঘোষণা কৰিছে। ফেৰী ঘাটৰ ৰেমসমূহ মেৰামটি নকৰা পৰ্যন্ত তথা জলপৃষ্ঠ আৰু অধিক বৃদ্ধি পাই থাকিলে পুনৰ নির্দেশ নিদিয়া পর্যন্ত এই ...

July 2, 2024 1:03 PM July 2, 2024 1:03 PM

views 16

প্ৰলয়ংকৰী বানত ৰাজ্যৰ ১৯খন জিলাৰ ১,২৭৫ খন গাঁও জলমগ্ন

ৰাজ্যৰ বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। প্ৰলয়ংকৰী বানত ৰাজ্যৰ ১৯খন জিলাৰ এহেজাৰ ২৭৫ খন গাঁও জলমগ্ন হৈছে। উজনি-নামনি অসমৰ লগতে বৰাক উপত্যকাৰ কেইবাখনো নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ তথ্য অনুসৰি ৰাজ্যৰ বিভিন্ন স্থানত ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈসমূহৰ পানী ফেনে-...

July 2, 2024 12:48 PM July 2, 2024 12:48 PM

views 21

দেশৰ কৃষি খণ্ডৰ দ্ৰুত বিকাশৰ লক্ষ্যৰে অতুল বৰা আৰু শিৱৰাজ সিং চৌহান বৈঠকত মিলিত

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কালি দেশৰ কৃষি খণ্ডৰ দ্ৰুত বিকাশৰ লক্ষ্যৰে নতুন দিল্লীত অসমৰ কৃষি মন্ত্ৰী অতুল বৰাৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে মাটিৰ গুণাগুণ, সংৰক্ষণ সামৰ্থৰ বিকাশ, অসমৰ উদ্যান শস্যকে ধৰি কৃষি আৰু কৃষক উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয়ে আলোচনা কৰে...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।