আঞ্চলিক সংবাদ

August 17, 2024 11:23 AM

views 26

সৃজনগ্ৰামৰ খণ্ড উন্নয়ন বিষয়া, সহকাৰী খণ্ড উন্নয়ন বিষয়াক দুর্নীতি নিবাৰক শাখাৰ গ্ৰেপ্তাৰ

বঙাইগাঁও জিলাৰ সৃজনগ্ৰামৰ খণ্ড উন্নয়ন বিষয়া খুৰচিদা খানম আৰু সহকাৰী খণ্ড উন্নয়ন বিষয়া নেকিব আহমেদক দুর্নীতি নিবাৰক শাখাই উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে সহকাৰী খণ্ড উন্নয়ন বিষয়াগৰাকীৰ নলবাৰীৰ কলাফকিৰতোলাত অৱস্থিত বাসগৃহত কালি সন্ধিয়া অভিযান চলায়। উল্লেখ্য যে কালি দিনৰ ভাগত ...

August 17, 2024 11:05 AM

views 18

গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি জন্ম বার্ষিকী

গায়ক, সুৰকাৰ তথা গীতিকাৰ খগেন মহন্তৰ আজি জন্ম বার্ষিকী। সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত শিল্পীগৰাকীক আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে। ১৯৬৫ চনৰ পৰা আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে গীত গাই ১৯৭২ চনত তেওঁ প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে । ১৯৭৪ চনৰ পাছত ...

August 16, 2024 8:30 PM

views 29

পবিতৰা অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধিৰ সন্দৰ্ভত বিচাৰাধীন হৈ থকা গোচৰৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ

ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি মৰিগাওঁ জিলাত থকা পবিতৰা অভয়াৰণ্যৰ পৰিসৰ বৃদ্ধি কৰাৰ সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা গোচৰটোৰ সন্দৰ্ভত সংশ্লিষ্ট কেইবাটাও পক্ষৰ সৈতে বিশদভাৱে আলোচনা কৰে। আলোচনাত ৰাজ্যৰ বন বিভাগৰ দায়িত্বত থকা বিশেষ মুখ্য সচিব এম কে যাদৱ, মৰিগাওঁ আৰু কামৰ...

August 16, 2024 8:26 PM

views 22

ৰাজ্যিক পঞ্চায়ত আৰু গ্রামোন্নয়ন প্ৰতিষ্ঠানৰ কাৰ্যালয়ত মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ পৰ্যালোচনা বৈঠক

ৰাজ্যৰ গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি গুৱাহাটীৰ খানাপাৰাৰ ৰাজ্যিক পঞ্চায়ত আৰু গ্রামোন্নয়ন প্ৰতিষ্ঠানৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ৰাজ্যিক পঞ্চায়ত আৰু গ্রামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক মুনিন্দ্ৰ নাথ শৰ্মা আৰু আন বিষয়াসকলৰ সৈতে বিভিন্ন বিষয় সন্দৰ্ভত মন্ত্ৰ...

August 16, 2024 8:20 PM

views 19

ধেমাজিত সংঘটিত বোমা বিস্ফোৰণত নিহতৰ স্মৃতিত ৰাজ্যজুৰি শোক দিৱস পালন

ধেমাজি জিলাৰ কাছাৰী ময়দানত ২০০৪ চনৰ ১৫ আগষ্টত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত উগ্ৰপন্থীয়ে সংঘটিত কৰা বোমা বিস্ফোৰণত নিহত লোকসকলৰ স্মৃতিত আজি শোক দিৱস পালন কৰা হয়। লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত এই উপলক্ষে নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে জিলা আয়ুক্তৰ কাৰ্...

August 16, 2024 1:28 PM

views 21

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা বাবে নির্দিষ্ট কৰা দিনৰ সালসলনি

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অর্থাৎ অডিচনৰ বাবে নির্দিষ্ট কৰা দিনৰ সালসলনি ঘটোৱা হৈছে। নাট শাখাৰ পৰা জনোৱা মতে অনিবায্য কাৰণবশতঃ পূর্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা ৩ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈকে এই অ’ডিচন সম্পন্ন হ'ব। নতুনকৈ ...

August 16, 2024 1:23 PM

views 27

মিছন বসুন্ধৰাৰ তৃতীয় পর্যায় অহা ২ অক্টোবৰত আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

অহা ২ অক্টোবৰত মিছন বসুন্ধৰাৰ তৃতীয় পর্যায় আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। কালি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অধীনত বৰবংশৰ মৌজাৰ ৪ খন গাওঁৰ লোকক ভূমি পট্টা বিতৰণ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে এই কথা প্রকাশ কবে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠ...

August 16, 2024 1:19 PM

views 16

চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চল চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি

কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলৰ ৩৯১ বর্গ কিলোমিটাৰ সামৰি নতুনকৈ চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্রদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। কালি স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত তেওঁ এই কথা উল্লেখ কৰে। উল্লেখযোগ্য যে কোকৰাঝাৰ জি...

August 16, 2024 1:18 PM

views 26

গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত উগ্ৰপন্থী সংগঠনৰ বোমা সংস্থাপন

এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনে কালি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত বোমা সংস্থাপন কৰা ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উগ্ৰপন্থীৰ এই কার্যকলাপৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ পৰিৱেশ বিনষ্ট নকৰিবলৈ আলফাৰ সেনা প্রধান পৰেশ বৰুৱাক আহ্বান জনাইছে। মুখ্যমন্ত্রীগৰাকীয়ে কয় যে অসমে বহ...

August 16, 2024 1:14 PM

views 38

ধুবুৰীত বাইক আৰু ই-ৰিক্সাৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত এক ভয়ানক পথ দুর্ঘটনা সংঘটিত

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বগৰীবাৰী মহামায়াত বাইক আৰু ই-ৰিক্সাৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এক ভয়ানক পথ দুর্ঘটনা সংঘটিত হয়। এই সংঘর্ষত তিনি বাইক আৰোহীসহ ৬জন আৰোহী গুৰুত্বৰভাৱে আহত হয়। আহত কেইজনক আৰক্ষীয়ে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাব বাবে প্ৰেৰণ কৰে ৷ আনহাতে চাপৰৰ ধীৰঘাটৰ ১৭ নম্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।