আঞ্চলিক সংবাদ

August 20, 2024 5:45 PM

views 21

গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত এন আই এলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা জি পি সিঙৰ

আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছে। গুৱাহাটীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে বোমা উদ্ধাৰৰ ঘটনা সন্দৰ্ভত মুঠ ১০ টা গোচৰ ৰুজু কৰা হৈ...

August 20, 2024 12:09 PM

views 16

আকাশবাণীৰ ২৫ আগষ্টৰ ‘মন কী বাত’ অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা প্ৰধানমন্ত্ৰীৰ দিহা-পৰামৰ্শ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ আগষ্টত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই খণ্ডটিৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্...

August 20, 2024 11:58 AM

views 17

পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক নির্বাচন আয়োগৰ নিৰ্দেশনা জাৰি

ৰাজ্যিক নির্বাচন আয়োগে সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আয়োগে জাৰি কৰা নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰে জিলাসমূহৰ আয়ুক্ত আৰু মহকুমাধিপতিসকলৰ বদলিৰ প্ৰক্ৰিয়া অহা ২৬ আগষ্টৰ ভিতৰত সম্পন্ন কৰিব লাগিব। আনহাতে, অহা ২৭ আগষ্টৰ পৰা ১৭ ছেপ্টেম্বৰৰ ভিতৰত ভোটা...

August 20, 2024 11:56 AM

views 22

ৰাজ্যত মহিলা নিৰ্যাতনৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা লোৱা হয়ঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

অসম চৰকাৰে ৰাজ্যখনত মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনা ৰোধৰ বাবে তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰী ব্যৱস্থা লয় বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে বিৰোধী পক্ষই সমালোচনা কৰিলেও চৰকাৰে এনে বহু ক্ষেত্ৰত তাৎক্ষণিকভাৱে ন্যায় প্ৰদানৰ ব্যৱস্থা কৰিছে। চৰকাৰে ভৱিষ্যতেও এনে ক্ষ...

August 20, 2024 11:52 AM

views 23

নেডাৰলেণ্ডছৰ প্ৰতিষ্ঠানক গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে নলা-নৰ্দমাৰ কামৰ দায়িত্ব

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে ৰাজ্য চৰকাৰে নেডাৰলেণ্ডছৰ এটা প্ৰতিষ্ঠানক নলা-নৰ্দমাৰ কামৰ দায়িত্ব অর্পণ কৰিব। বিষয়টোক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বার্থজনিত আবেদনৰ শুনানিৰ সময়ত মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই আদালতক এই কথা জানিবলৈ দিয়ে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধি...

August 20, 2024 11:50 AM

views 15

থাইলেণ্ডৰ ৰাষ্ট্রদূতৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ভ্ৰমণ

ভাৰতস্থিত থাইলেণ্ডৰ ৰাষ্ট্রদূত পাট্টাৰত হংটঙে কালি বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ভ্ৰমণ কৰে। কালি বিয়লি চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হোৱা থাইলেণ্ডৰ ভাৰতস্থিত ৰাষ্ট্রদূতগৰাকীক ৰাজ্যিক প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ হৈ সঞ্চালক ড০ দীপিৰেখা কুলী, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আদৰণি জনায়। ইয়াৰ পাছত...

August 20, 2024 11:40 AM

views 25

তামুলপুৰৰ ভিন্ন প্ৰান্তত ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত বাম্বোল পিটা উৎসৱ পালন

ভাদ মাহৰ পবিত্ৰ পূৰ্ণিমা তিথিৰ সৈতে সংগতি ৰাখি তামুলপুৰৰ বিভিন্ন প্ৰান্তত কালি ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত বাম্বোল পিটা উৎসৱ পালন কৰা হয়। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ টোটলা ৰাভাসকলে ৰাভা জনগোষ্ঠীৰ এই পৰম্পৰাগত উৎসৱটো পালন কৰি আহিছে। নিখিল ৰাভা ছাত্ৰ সন্থাৰ সহযোগিতাৰে আয়োজিত এই অনুষ্ঠানত স্থ...

August 20, 2024 11:39 AM

views 17

কাৰ্বি আংলঙত প্ৰতিবাদ, সমদল, ধৰ্ণা কাৰ্যসূচীত বাধা আৰোপ জিলা প্ৰশাসনৰ

কাৰ্বি আংলং জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি হোৱাৰ আশংকা কৰি জিলাখনৰ প্ৰশাসনে কেতবোৰ বাধা আৰোপ কৰি আদেশ জাৰি কৰিছে। সেই অনুযায়ী জিলাখনত যথা সময়ৰ বাবে কোনো দল সংগঠনে কোনো ধৰণৰ প্ৰতিবাদ, সমদল, ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিব নোৱাৰিব। জিলা প্ৰশাসন আৰু জিলা দণ্ডাধীশে সমগ্ৰ জিলাখনত তৎকালীনভাৱে বলৱৎ হোৱাকৈ ...

August 20, 2024 11:35 AM

views 25

আজি বিশ্ব মহ দিৱস

আজি বিশ্ব মহ দিৱস। মহৰ কামোৰৰ ফলত বিভিন্ন বাহকজনিত ৰোগ যেনে- জাপানী এনচেফেলাইটিছ, ডেংগী, মেলেৰিয়া আদি হ'ব পাৰে। সেয়েহে মহৰ প্ৰজনন ৰোধ কৰিবলৈ আৰু নিজকে সুৰক্ষিত ৰাখিবলৈ এই দিৱস পালন কৰা হয়। বিশ্ব মহ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে মহৰ কামোৰৰ পৰা সুৰক্ষিত থাকিবলৈ বিভিন্ন ব্যৱস্থা অৱল...

August 19, 2024 9:20 PM

views 19

মটক স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ দাবী, ওজৰ-আপত্তি থাকিলে সংশ্লিষ্ট পক্ষ সমূহে অহা ২৭ আগষ্টৰ ভিতৰত দাখিল কৰিব পাৰিব

মটক স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিযুক্ত ডেজিগনেটেড কর্তৃপক্ষ তথা ডিব্ৰুগড়ৰ জিলা আয়ুক্তই নিৰ্ধাৰিত সময়সচী অনুসৰি স্বায়ত্তশাসিত পৰিষদত অন্তর্ভুক্ত হ'বলগীয়া গাঁৱৰ প্ৰথমখন খচৰা প্ৰকাশ কৰিছে। সেই অনুসৰি লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰাজহ চক্ৰৰ সোণাৰি ৰাজহ গাঁও, চিচাপথাৰ ৰাজহ গাঁও, ঢক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।