আঞ্চলিক সংবাদ

July 19, 2024 11:42 AM July 19, 2024 11:42 AM

views 14

ৰাজ্যত বানৰ পাছত পশুধন আৰু হাঁহ-কুকুৰাৰ ৰোগৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে পশুপালন বিভাগক মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশ

ৰাজ্যৰ বান পৰিস্থিতি উন্নত হোৱাৰ পাছত পশুধন আৰু হাঁহ-কুকুৰাক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ পশুপালন বিভাগক যাৱতীয় নিৰীক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই নিৰ্দেশ দিয়ে। দিছপুৰত অনুষ্ঠিত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এখন বৈঠকত শীৰ্ষ বিষয়াসকলক এই দিশত তৎপৰতাৰে ব...

July 19, 2024 11:40 AM July 19, 2024 11:40 AM

views 10

ৰাজ্যৰ পলিটেকনিক প্রতিষ্ঠানসমূহৰ অধ্যক্ষসকলৰ সৈতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মতবিনিময়

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কালি জনতা ভৱনত ভিডিঅ' কনফাৰেঞ্চিং ব্যৱস্থাৰে ৰাজ্যৰ পলিটেকনিক প্রতিষ্ঠানসমূহৰ অধ্যক্ষসকলৰ সৈতে মতবিনিময় কৰে। এই বৈঠকত ২০২৪-২৫ বিত্তীয় বৰ্ষত, চৌহদৰ বেৰ, কর্মশালা, অতিৰিক্ত শ্ৰেণীকোঠা, স্মার্ট শ্রেণীকোঠা, শিক্ষার্থী আবাসকে ধৰি প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আল...

July 18, 2024 8:42 PM July 18, 2024 8:42 PM

views 9

টিংখাঙত গ্রীষ্মকালীন ভাওনা প্ৰশিক্ষণৰ আজি সামৰণি

ডিব্ৰুগড় টিংখাঙত গ্রীষ্মকালীন ভাওনা প্ৰশিক্ষণৰ আজি সামৰণি পৰে। নতুন প্ৰজন্মক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ অমৰ সৃষ্টি ভাওনাৰ সৈতে পৰিচয় কৰি দিয়াৰ মানসেৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছিল। যোৱা ২ জুলাইৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত বিকাশ বৰুৱা আৰু সৌৰভ চেতিয়াই প্রশিক্ষার্থীসকলক প্ৰশিক...

July 18, 2024 8:41 PM July 18, 2024 8:41 PM

views 10

জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন ১৯৬০ৰ অধীনত মৰিগাঁৱত মাংস কটা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা

জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন ১৯৬০ৰ অধীনত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনত মাংস কটা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি এই আইনৰ নিয়ম ২০০১ৰ ৬ নম্বৰ আৰু ১ নম্বৰ ধাৰাৰ অধীনত কোনো জীৱ-জন্তুক অন্য জীৱ-জন্তুৰ দৃষ্টিগোচৰ হোৱাকৈ বধ কৰাত বাধা আৰাপ কৰা হৈছে। ন...

July 18, 2024 8:39 PM July 18, 2024 8:39 PM

views 13

ডকমকাত সংঘটিত অভি-নীল হত্যাকাণ্ডৰ আজি শুনানী অনুষ্ঠিত হয়

২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত অভি-নীল হত্যাকাণ্ডৰ আজি শুনানী অনুষ্ঠিত হয়। নগাঁও আদালতত বিচাৰাধীন গোচৰটোৰ এই মাহৰ শেষৰ ফালে অৰ্থাৎ ৩০ জুলাইত পৰৱৰ্তী শুনানী গ্রহণ কৰা হ'ব। আজি নগাঁও সত্র ন্যায়াধীশ আদালতত আছামী পক্ষৰ অধিবক্তা উপস্থিত নথকাত গোচৰটোৰ শুনানী পৰৱৰ্তী ৩০ জুলাইলৈ পিছুৱাই দ...

July 18, 2024 8:02 PM July 18, 2024 8:02 PM

views 15

ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনচেফেলাইটিছ আৰু জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ

ৰাজ্যৰ কেইবাখনো জিলাত বানৰ পাছত জাপানীজ এনচেফেলাইটিছ আৰু জাপানীজ এনচেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১১ জন লোক চিকিৎসাধীন হৈ আছে। ৰাজ্যৰ ২৪ খন জিলাত ১৮৭ জন লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। গোলাঘাট জিলাত জানুৱাৰী মাহৰ পৰা...

July 18, 2024 7:56 PM July 18, 2024 7:56 PM

views 13

অসমৰ কেইবাখনো জিলাত সম্পূর্ণতা অভিযানৰ কাৰ্যসূচী অব্যাহত

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে স্বাস্থ্য খণ্ডত সজাগতা সৃষ্টিৰ বিশেষ ব্যৱস্থা কৰা হৈছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্...

July 18, 2024 7:53 PM July 18, 2024 7:53 PM

views 19

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি অধিসূচনাযোগে শৰৎকালীন অধিবেশন ২২ আগষ্টৰ পৰা হ'ব বুলি প্ৰকাশ কৰে। সেইদিনা পুৱা ৯.৩০ বজাৰ পৰা অধিবেশনৰ কাম-কাজ আৰম্ভ হ'ব।

July 18, 2024 7:47 PM July 18, 2024 7:47 PM

views 22

বৰাক উপত্যকাৰ ৩ খন জিলাত প্ৰতি মাহে ২ জনকৈ মন্ত্রী ৩ দিন উপস্থিত থাকিব বুলি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত

বৰাক উপত্যকাৰ তিনিখন জিলাৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি জিলাকেইখনত প্ৰতি মাহে দুজনকৈ মন্ত্রী তিনিদিন থাকিব বুলি আজি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। দিছপুৰত অনুষ্ঠিত বৈঠকৰ অন্তত সংবাদমেলযোগে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে জিলাকেইখনৰ অভিভাৱক মন্ত্ৰীৰ লগতে আন দুজন মন্ত্ৰীয়...

July 18, 2024 7:41 PM July 18, 2024 7:41 PM

views 31

উত্তৰ প্ৰদেশৰ গোণ্ডা ষ্টেচনৰ সমীপত ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত, ২ জন নিহত

উত্তৰ প্ৰদেশৰ গোণ্ডা ষ্টেচনৰ সমীপত আজি ডিব্ৰুগড়-চণ্ডীগড় এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হয়। ৰে'লৱেৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাৰ ফলত ৰে'লখনৰ ৬টা দবা পথচ্যুত হয়। দুর্ঘটনাত কমেও দুজন যাত্রী নিহত হোৱাৰ লগতে আন ২০ গৰাকী যাত্ৰী আহত হয়। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি লক্ষ্ণৌৰ পৰা যোৱা দলে উদ্ধাৰ অভিযান অ...