আঞ্চলিক সংবাদ

July 22, 2024 5:18 PM July 22, 2024 5:18 PM

views 11

আকাশবাণীৰ পাব্লিক স্পীকত আজি আয়কৰ পৰিশোধ কৰাৰ সহজ পদ্ধতি সম্পকত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত আয়কৰ আয়ুক্ত সৌম্য আচাৰ আৰু চনদপ্ৰাপ্ত হিচাপ পৰীক্ষক (চি এ) সঞ্জীৱ নাৰায়ণৰ সৈতে আয়কৰ পৰিশোধ কৰাৰ সহজ পদ্ধতি সম্পর্কে এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২...

July 22, 2024 12:24 PM July 22, 2024 12:24 PM

views 7

সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত স্বাস্থ্য আৰু কৃষি বিভাগৰ বিভিন্ন সজাগতামূলক কাৰ্যসূচী

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশ...

July 21, 2024 8:04 PM July 21, 2024 8:04 PM

views 7

ঢকুৱাখনাত অনুষ্ঠিত কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য গীতৰ ৭ দিনীয়া কৰ্মশালাৰ সামৰণি

সদৌ অসম কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সৌজন্যত ঢকুৱাখনা জিলা সন্মিলনীৰ সহযোগত আয়োজিত কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য গীতৰ ৭ দিনীয়া কৰ্মশালাৰ আজি সামৰণি পৰে। মৰনৈ গাওঁ পঞ্চায়তত কাৰ্যালয়ত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ কাৰ্যসূচীত বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত সদৌ অসম কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ সদস্য ধৰণী বৰুৱাই ...

July 21, 2024 8:01 PM July 21, 2024 8:01 PM

views 4

শিৱসাগৰত সদৌ অসম টুৰিষ্ট গাইড এছোছিয়েছনৰ প্ৰথম বাৰ্ষিক অধিৱেশন

সদৌ অসম টুৰিষ্ট গাইড এছোছিয়েছনৰ প্ৰথম বাৰ্ষিক অধিৱেশন আজি শিৱসাগৰত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। অনুষ্ঠানত ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ ভালেসংখ্যক টুৰিষ্ট গাইডে অংশগ্ৰহণ কৰে। শিৱসাগৰ টুৰিষ্ট গাইডৰ সভাপতি গৌতম হীৰাই আজিৰ অনুষ্ঠানে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত এই অধিৱেশনৰ কাৰ্যসূচীয়ে সুদূৰপ্ৰসাৰি ...

July 21, 2024 7:56 PM July 21, 2024 7:56 PM

views 11

লেখক, সাংবাদিক পবিত্ৰ বৰাক অসম সাহিত্য সভাৰ জয়ছিং হান্সে স্মাৰক বঁটা প্ৰদান

বিশিষ্ট লেখক, সাংবাদিক পবিত্ৰ বৰাক আজি অসম সাহিত্য সভাই জয়ছিং হান্সে স্মাৰক বঁটা প্ৰদান কৰে। এই উপলক্ষে কার্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত আয়োজন কৰা এটা অনুষ্ঠানত সাহিত্য সভাৰ সভাপতি সূর্যকান্ত হাজৰিকাই পৌৰহিত্য কৰে। বঁটা বিতৰণী অনুষ্ঠানত বঁটাপ্ৰাপক পবিত্ৰ বৰাক এটা গ্ৰন্থৰ টোপোলা, জাপি আৰু প্ৰশস...

July 21, 2024 7:53 PM July 21, 2024 7:53 PM

views 10

কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰৰ কাইলৈ বিশেষ ন্যায়াধীশৰ আদালতৰ ৰায় দান

অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰৰ কাইলৈ বিশেষ ন্যায়াধীশৰ আদালতে ৰায় দিব। দীৰ্ঘদিন ধৰি চলা শুনানিৰ অন্তত কাইলৈ পুৱা চাৰে ১০ বজাত গোচৰটোৰ ৰায়দানৰ দিন ধাৰ্য কৰা হৈছে। গোচৰটোত মুঠ ৪৩জন অভিযুক্তৰ নাম সাঙুৰ খাই আছে। উল্লেখ্য যে ৰাকেশ কুমাৰ পাল অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হ...

July 21, 2024 7:16 PM July 21, 2024 7:16 PM

views 4

ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্রদেশৰ সভাপতিৰূপে ৰাকেশ দাসক নিযুক্ত

ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্রদেশে ৰাকেশ দাসক সভাপতিৰূপে নিযুক্ত কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আজি এই বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। উল্লেখযোগ্য যে, নৱনিযুক্ত সভাপতি ৰাকেশ দাসে পূৰ্বতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।

July 21, 2024 7:11 PM July 21, 2024 7:11 PM

views 6

নিখিল বড়ো ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিৰ উদ্যোগত মুছলপুৰত শৈক্ষিক আলোচনা

ছাত্ৰ-ছাত্ৰীৰ নৈতিক পতন আৰু মাদক দ্ৰব্যৰ প্ৰতি আসক্তি বৃদ্ধিয়ে সমাজত পেলোৱা কু-প্ৰভাৱ দূৰীকৰণৰ বাবে আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিয়ে মুছলপুৰত এখন শৈক্ষিক আলোচনা সভা অনুষ্ঠিত কৰে। আলোচনাসভাত মহকুমাটোৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে। সভাত উপস্থিত থাকি নিখি...

July 21, 2024 7:06 PM July 21, 2024 7:06 PM

views 11

ৰাজ্যৰ ৩ খন জিলাত ঔদ্যোগিক উদ্যান নিৰ্মাণৰ প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কৰিমগঞ্জকে ধৰি ৰাজ্যৰ ৩ খন জিলাত ঔদ্যোগিক উদ্যান নিৰ্মাণৰ প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। কৰিমগঞ্জত পাথাৰকান্দি অঞ্চলত এখন উদ্যান গঢ়ি তোলা হ'ব। পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে এই সন্দৰ্ভত চৰকাৰৰ পদক্ষেপৰ শলাগ লৈ কয় যে, এই প্ৰকল্পৰ ফলত অঞ্চলটোত ৫ ৰ পৰা ৭ হাজাৰ নিবনুৱা যুৱক যুৱতীয়ে ...

July 21, 2024 7:04 PM July 21, 2024 7:04 PM

views 17

ৰাজ্যৰ বিভিন্ন ঠাইত আৱকাৰী আৰু আৰক্ষী বিভাগৰ অবৈধ সুৰা জব্দ

ৰাজ্যৰ বিভিন্ন ঠাইত আৱকাৰী আৰু আৰক্ষী বিভাগে অবৈধ সুৰা জব্দ কৰাৰ লগতে বিনষ্ট কৰে। বাক্সা জিলাৰ অন্তৰ্গত শিমলা আৰক্ষী থানাই জব্দ কৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা হোজোৱাৰ পতানৈৰ পাৰত ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ উপস্থিতিত নষ্ট কৰা হয়। উল্লেখযোগ্য যে চলিত বৰ্ষত শিমলা আৰক্ষী থানাই জিলাখনৰ বিভিন্ন স্থানৰ পৰা আঢ...