আঞ্চলিক সংবাদ

August 26, 2024 8:49 PM

views 19

ডিব্ৰুগড়ত ২৯ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ ৫২সংখ্যক ৰাজ্যিক আন্তঃজিলা ভাৰোত্তোলন প্রতিযোগিতা

অসম ভাৰোত্তোলন সন্থাৰ তত্ত্বাৱধানত ডিব্ৰুগড়ত ২৯ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ ৫২সংখ্যক ৰাজ্যিক আন্তঃজিলা ভাৰোত্তোলন প্রতিযোগিতা অনুষ্ঠিত হ'ব। ১৭ বছৰ অনূৰ্ধ্বৰ যুৱ, ২০ বছৰ জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ পুৰুষ আৰু মহিলাৰ উভয়ৰ বাবে মুকলি থাকিব। উল্লেখযোগ্য যে এই প্রত...

August 26, 2024 8:47 PM

views 17

ৰাজ্যবাসীলৈ জন্মাষ্টমী উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যই জন্মাষ্টমী উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে কয় যে জন্মাষ্টমী হৈছে ধৰ্ম, কৰ্ম আৰু সত্যৰ প্ৰতিমূৰ্তি শ্ৰীকৃষ্ণৰ জন্মদিন উদ্‌যাপন কৰা এটা উপলক্ষ্য। ভগৱান শ্ৰীকৃষ্ণৰ পূজা-অৰ্চনাই মানৱ জাতিক সমৰ্পিত কৰাৰ বাবে অনুপ্ৰাণিত কৰে আৰু সত্...

August 26, 2024 8:46 PM

views 20

যোৰহাট জিলাত কৃষি বিষয়া কাৰ্যালয়ৰ এটা দলৰ জিলাখনৰ চৰহা পোকে নষ্ট কৰা কৃষিভূমি পৰিদৰ্শন

যোৰহাট জিলাত কৃষি বিষয়া কাৰ্যালয়ৰ এটা দলে আজি জিলাখনৰ বিভিন্ন অঞ্চলত চৰহা পোকে নষ্ট কৰা কৃষিভূমি পৰিদৰ্শন কৰে। কৃষি বিভাগৰ দলটোৰ তৰফৰ পৰা কৃষকৰ মাজত কীটনাশক ঔষধ বিতৰণ কৰাৰ লগতে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে সংহত কীট নিয়ন্ত্রণ পদ্ধতি প্ৰচাৰ কৰা হয়। দলটোৱে খেতি অনিষ্ট হোৱা এলেকাত উপস্থিত হৈ কৃষকৰ পৰা ক...

August 26, 2024 8:44 PM

views 25

তিনিচুকীয়াৰ ডুমডুমা এফ আৰ ইউত ২০খন বিছনাযুক্ত আছুতীয়া ভৱন উদ্বোধন

তিনিচুকীয়া জিলাৰ ডুমডুমা এফ আৰ ইউৰ সংলগ্ন ২০ খন বিছনাযুক্ত আছুতীয়া ভৱন আজি উদ্বোধন কৰা হয়। বিধায়ক ৰূপেশ গোৱালাই নৱনিৰ্মিত এই ভৱনটো উদ্বোধন কৰে। এই ভৱনটোৰ জৰিয়তে বৃহত্তৰ ডুমডুমা অঞ্চলৰ ৰাইজ উপকৃত হ'ব বুলি বিধায়কগৰাকীয়ে আশা প্রকাশ কৰে ।

August 26, 2024 8:43 PM

views 13

ডিফুত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ বিষয়াৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৈঠক

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি কাৰ্বি আংলঙৰ ডিফুত বিভাগটোৰ লগতে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে দুয়োটা বিভাগত কাম-কাজৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। এই সভাত কাৰ্বি আংলং স্বায়...

August 26, 2024 8:42 PM

views 16

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক এ আই ইউ ডি এফৰ সঁজাতী দলৰ সাক্ষাৎ

এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে সকলো সম্প্ৰদায়ৰ মাজত শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধ অটুট ৰাখিবলৈ ৰাজ্যবাসীলৈ আহ্বান জনাইছে। এ আই ইউ ডি এফৰ এটা সঁজাতী দলে আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক ৰাজভৱনত সাক্ষাৎ কৰি এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উজনি অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ এটা শ্ৰেণী...

August 26, 2024 8:41 PM

views 19

ৰাজ্যসভালৈ বিজেপিৰ ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস বিনাপ্রতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে। আজি দুয়োগৰাকীয়ে ৰিটার্নিং বিষয়াৰ পৰা জয়ী হোৱাৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন প্রত্যাহাৰৰ আজি অন্তিম দিন আছিল। বিৰোধীয়ে প্ৰাৰ্থী প্ৰক্ষেপ নকৰাত বিজেপিৰ দুয়োগৰাকী ...

August 26, 2024 8:39 PM

views 40

ৰাজ্যত তৃতীয় বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষা ১৫ ছেপ্টেম্বৰত হ’ব বুলি নিযুক্তি আয়োগৰ ঘোষণা

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে তৃতীয় বৰ্গৰ পদৰ বাবে অসমৰ উচ্চতৰ মাধ্যমিক স্তৰৰ ৩ হাজাৰ ১২৭টা পদৰ লিখিত পৰীক্ষা অহা ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। পৰীক্ষাৰ্থীসকলে অহা ২ ছেপ্টেম্বৰৰ দিনৰ ১১ বজাৰ পৰা অসম মাধ্যমিক শিক্ষা পৰিষদৰ ৱেবছাইট www.site.sebaonline.org অথবা ৰাজ্য চৰকাৰৰ ৱেবছাইট ...

August 26, 2024 6:40 PM

views 27

আকাশবাণীৰ ‘পাব্লিক স্পীক’ত আজি নিশা ৯.৩০ বজাত নেত্ৰদানৰ গুৰুত্ব সন্দৰ্ভত ডাঃ শিখা জৈনৰ সৈতে আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ন বজাত নেত্ৰ দানৰ গুৰুত্ব সন্দৰ্ভত ডাঃ ৰাম মনোহৰ লোহিয়া হাস্পতালৰ অফথেম'ল'জি বিভাগৰ মুখ্য চিকিৎসা বিষয়া ডাঃ শিখা জৈনৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০...

August 26, 2024 11:39 AM

views 77

আকাশবাণীৰ পাব্লিক স্পীকত আজি নেত্ৰ দানৰ গুৰুত্ব সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত নেত্ৰ দানৰ গুৰুত্ব সন্দৰ্ভত ডা০ ৰাম মনোহৰ লোহিয়া হাস্পতালৰ অফথেম'ল'জি বিভাগৰ মুখ্য চিকিৎসা বিষয়া ডা০ শিখা জৈনৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।