আঞ্চলিক সংবাদ

August 27, 2024 7:09 PM

views 18

যোৰহাট জিলাত কেইবাগৰাকীও অতিৰিক্ত জিলা দণ্ডাধীশক লৈ টাস্ক ফোৰ্চ গঠন

যোৰহাট জিলাত আইন শৃংখলা বৰ্তাই ৰখাৰ লগতে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে জিলা আয়ুক্তই নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ অনুসৰি কেইবাগৰাকীও অতিৰিক্ত জিলা দণ্ডাধীশক লৈ টাস্ক ফোৰ্চ গঠন কৰা হৈছে। জনসাধাৰণে নিৰাপত্তাজনিত সমস্যাৰ সন্মুখীন হ'লে সংশ্লিষ্ট এলেকাৰ দায়িত্বত থকা অতিৰিক্ত জিলা দণ্ডাধী...

August 27, 2024 7:07 PM

views 30

অহা ৩ ছেপ্তেম্বৰত ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

অর্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ লগত সংগতি ৰাখি অহা ৩ ছেপ্তেম্বৰত ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হ'ব। এইবাৰৰ ৪১ সংখ্যক অভিৰুচি ক্রীড়া দিৱসৰ গুৱাহাটীত হ'বলগীয়া কেন্দ্ৰীয় কার্যসূচীত অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁই আৰু অলিম্পিয়ান হকী খেলুৱৈ অনুৰাধা দেৱী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।...

August 27, 2024 7:06 PM

views 32

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত দা আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচেছ (এমেওমেণ্ট) অধ্যাদেশ দাখিল

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা দা আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচেছ (এমেওমেণ্ট) অধ্যাদেশ দাখিল কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী পীযূষ হাজৰিকাই বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মৰ অধীনত অধ্যাদেশখন দাখিল কৰে।

August 27, 2024 7:05 PM

views 30

এ পি ডি চি এলৰ প্রিপেইড স্মার্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি কেইবাটাও দল-সংগঠনে এ পি ডি চি এলৰ প্রিপেইড স্মার্ট মিটাৰ সংস্থাপনৰ পাছত বিদ্যুৎ মাচুল বৃদ্ধি হোৱা বুলি প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছ, আম আদমী পাৰ্টীৰ উপৰি সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলেও বিভিন্ন জিলাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই আজি চহৰখনৰ...

August 27, 2024 7:01 PM

views 24

পৰম্পৰাগত ৰীতি নীতিৰে বৰপেটা সত্ৰত আজি নন্দোৎসৱ পালন

বৰপেটা সত্ৰত আজি পৰম্পৰাগত ৰীতি নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পিছৰ দিনটো নন্দোৎসৱ হিচাপে পালন কৰা হৈছে। এই উপলক্ষে সত্ৰৰ চোতালত শিশুসকলে তেল মিহলি বোকা খেল খেলি আনন্দ প্ৰকাশ কৰে। আনহাতে সত্ৰৰ ৰীতি অনুসৰি পুৱাৰ গীত, ভটিমা গাই, বন্তি প্ৰজ্বলন, নাম প্ৰসংগত চৰণ, যুগল, পটল আৰু শিশু লীলাৰ ঘোষা গোৱা হয়। উ...

August 27, 2024 7:00 PM

views 31

ৰাজ্যত যোৱা ছমাহত পথ দুর্ঘটনা ৪৫ শতাংশ বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

ৰাজ্যত যোৱা ছমাহত পথ দুর্ঘটনা ৪৫ শতাংশ বৃদ্ধি পাইছে। অৱশ্যে, সময়মতে আগবঢ়োৱা চিকিৎসা সাহায্যৰ বাবে দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৫ শতাংশ হ্রাস পাইছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে।

August 27, 2024 6:55 PM

views 28

হত্যা, ধর্ষণ আদিক সামাজিক অপৰাধ বুলি অভিহিত মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই হত্যা, ধর্ষণ আদিক সামাজিক অপৰাধ বুলি অভিহিত কৰিছে। অসম বিধান সভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা নাৰী নিৰ্যাতন, আলফাৰ দ্বাৰা বোমা স্থাপন আৰু ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি ব্যর্থ হোৱা বুলি অভিযোগ তুলি বিৰোধী পক্ষৰ কেইবাগৰাকীও বিধায়কে উত্থাপন কৰা সভা স্থগিত প্ৰস্তা...

August 27, 2024 11:06 AM

views 31

ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি অটুট ৰখা, জনসাধাৰণ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে অসম আৰক্ষীৰ বিশেষ পহৰাৰ ব্যৱস্থা

অসম আৰক্ষীয়ে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি অটুট ৰখা তথা জনসাধাৰণ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত অৰ্ধসামৰিক বাহিনীৰ সহযোগত সমগ্ৰ ৰাজ্যতে বিশেষ পহৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কেতবোৰ বিক্ষিপ্ত ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শান্তি-শৃংখলা পৰিস্থিতি যাতে ব্যাহত নহয় তাৰ বাবে জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকসকলে ব...

August 27, 2024 11:01 AM

views 20

ৰাজ্যত ১৫ ছেপ্টেম্বৰত হ’ব তৃতীয় বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষা

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে তৃতীয় বৰ্গৰ পদৰ বাবে অসমৰ উচ্চতৰ মাধ্যমিক স্তৰৰ ৩ হাজাৰ ১২৭টা পদৰ লিখিত পৰীক্ষা অহা ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। পৰীক্ষাৰ্থীসকলে অহা ২ ছেপ্টেম্বৰৰ দিনৰ ১১ বজাৰ পৰা অসম মাধ্যমিক শিক্ষা পৰিষদৰ ৱেবছাইট www.site.sebaonline.org অথবা ৰাজ্য চৰকাৰৰ ৱেবছাইট ...

August 27, 2024 10:58 AM

views 18

ধিঙত কিশোৰীক নিৰ্যাতনৰ বিৰুদ্ধে, দুর্বৃত্তক শাস্তি বিহাৰ দাবীত বিভিন্ন সংস্থা-সংগঠনৰ প্ৰতিবাদ অব্যাহত

ধিঙৰ কিশোৰীক নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে তথা দুর্বৃত্তক কঠোৰ শাস্তি বিহাৰ দাবীত বিভিন্ন সংস্থা-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। ধিং আঞ্চলিক ছাত্ৰ সন্থা আৰু নাৰী সুৰক্ষা সমিতিকে ধৰি ভিন ভিন সংস্থা আৰু সংগঠনে কালিও অনশন আৰু বিক্ষোভ প্রদর্শনকে ধৰি এনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ মাজতে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।