আঞ্চলিক সংবাদ

August 30, 2024 8:35 PM

views 26

অসম বিধানসভাত আজি কেইবাখনো বিধেয়ক উত্থাপন

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ আজি পঞ্চমদিনা কেইবাখনো বিধেয়ক উত্থাপন কৰা হয়। ইয়াৰ ভিতৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দি আছাম ৰাইট টু পাব্লিক ছাৰ্ভিছেছ এমেণ্ডমেণ্ট বিল-২০২৪, পৰিবহন মন্ত্ৰী কেশৱ মহন্তই দি আছাম মটৰ ভেহিক'ল টেক্সেছন এমেণ্ডমেণ্ট বিল-২০২৪, ৰাজহ মন্ত্ৰী যোগেন মহনে দি আছাম ফিক্সেছন ...

August 30, 2024 8:31 PM

views 36

প’বা সংৰক্ষিত বনাঞ্চলক শীঘ্ৰেই বন্যপ্রাণী অভয়াৰণ্য হিচাপে স্বীকৃতি

প’বা সংৰক্ষিত বনাঞ্চলক শীঘ্ৰেই বন্যপ্রাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হ'ব। পৰিবেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি বিধানসভাৰ শূণ্যকালত বিধায়ক ভূৱন পেগুৱে উত্থাপন কৰা এখন জাননীৰ প্ৰতি সঁহাৰি জনাই এই বিষয়ে ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে সদায় ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ আ...

August 30, 2024 7:47 PM

views 32

যোৰহাট জিলাত নিৰীক্ষণ ভ্ৰমণ কাৰ্যসূচী ৰূপায়ণ অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ এটা দলে আজি যোৰহাট জিলাত নিৰীক্ষণ ভ্ৰমণ কাৰ্যসূচী ৰূপায়ণ কৰে। ভ্ৰমণৰ সময়ত দলটোৱে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনৰ নৱজাতকৰ যত্ন কেন্দ্ৰ, শিশু যত্ন কেন্দ্র, শিশু বিভাগ আৰু স্ত্ৰী ৰোগ বিভাগকে ধৰি তাৎপৰ্যপূৰ্ণ স্বাস্থ্য সেৱাৰ সুবিধাসমূহ পৰিদৰ্শন কৰে।...

August 30, 2024 7:40 PM

views 33

নুমলীগড় তেল শোধনাগাৰ লিমিটেডৰ ৩১ সংখ্যক বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত

নুমলীগড় তেল শোধনাগাৰ লিমিটেডৰ ৩১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাখন আজি প্ৰতিষ্ঠানটোৰ গুৱাহাটীত থকা কৰ্প'ৰেট কাৰ্যালয়ত অনুষ্ঠিত হয়। এন আৰ এল আৰু চি এম ডি অইলৰ অধ্যক্ষ ডº আৰ ৰাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শোধনাগাৰৰ পৰিচালন সঞ্চালক বি জে ফুকন আৰু শোধনাগাৰ পৰিষদৰ অন্যান্য সদস্য আৰু অংশীদাৰীসকল উপস্থিত থাক...

August 30, 2024 7:06 PM

views 27

চিৰাং জিলাৰ পশ্চিম শিলপাতা আদর্শ অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন ডº এল মুৰুগানৰ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰী ডº এল মুৰুগানে আজি চিৰাং জিলাৰ পশ্চিম শিলপাতা আদর্শ অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰটোৰ শিশুসকলৰ মাতৃসকলৰ সৈতে বাৰ্তালাপ কৰে। ডº মুৰুগানে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে কাজলগাঁ...

August 30, 2024 7:03 PM

views 18

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা অভিযানৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপৰ আয়োজন

মুখ্যমন্ত্ৰীৰ আৰোহণ আঁচনিৰ অধীনত আজি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা অভিযানৰ সহযোগত আজি জিলাখনৰ নৱম শ্ৰেণীত পঢ়ি থকা মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এটা অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটো মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উদ্বোধন ...

August 29, 2024 9:23 PM

views 21

অসম বিধানসভাত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক-২০২৪ গৃহীত

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি চতুর্থ দিনটোত মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক-২০২৪ গৃহীত কৰা হয়। মন্ত্ৰী যোগেন মহনৰ দ্বাৰা উত্থাপিত বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। এই বিধেয়কৰ অধীনত বাল্যবিবাহ অপৰাধ হিচাপে গণ্য কৰা হ'ব। ইয়াৰ লগতে এই বিধেয়কৰ জৰিয়তে কাজিয়ে ইছলামধৰ্...

August 29, 2024 9:22 PM

views 25

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ চতুর্থ দিনা ১০খন বিধেয়ক গৃহীত

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি চতুর্থ দিনটোত আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেচন বিধেয়ক গৃহীত হয়। এই বিধেয়কৰ জৰিয়তে ২৫০ বছৰ পুৰণি ঐতিহাসিক স্থান আৰু সত্ৰৰ ৫ কিলোমিটাৰ ব্যাসার্ধত মাটি বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ নিয়ম প্রযোজ্য হ'ব। অৱশ্যে গৃহীত হোৱা বিধেয়কৰ পৰা মাজুলী জিলা প্ৰত্যাহাৰ কৰা হৈছে। উল্লে...

August 29, 2024 9:19 PM

views 17

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চল অভূতপূৰ্ব বিকাশৰ দিশে অগ্ৰসৰ হৈছেঃ ড০ এল মুৰুগন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল অভূতপূৰ্ব বিকাশৰ দিশে অগ্ৰসৰ হৈছে বুলি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগনে আজি গুৱাহাটীত প্ৰকাশ কৰে ৷ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হোৱাৰ পাছত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয...

August 29, 2024 9:18 PM

views 21

ডিব্ৰুগড় জিলাত ১ৰ পৰা ১০ ছেপ্টেম্বৰলৈ অন্ন সেৱা দিন ৰূপায়ণৰ প্ৰস্তুতি

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ডিব্ৰুগড় জিলাতো ১ৰ পৰা ১০ ছেপ্টেম্বৰলৈ অন্ন সেৱা দিন সফলতাৰে ৰূপায়ণৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। আজি জিলাখনৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জিলাখনৰ বিভিন্ন সমবায় সমিতি পৰিদৰ্শন কৰে। দলটোৱে অহা ৩১ আগষ্টৰ ভিতৰত জিলাখনৰ এহেজাৰ ৫৮৬ গৰাকী সুলভ মুল্যৰ এজেণ্টৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।