আঞ্চলিক সংবাদ

September 3, 2024 12:24 PM

views 21

ৰাজ্যজুৰি আজি ৪১ সংখ্যক অভিৰুচি ক্রীড়া দিৱস উদযাপন

ৰাজ্যজুৰি আজি ৪১ সংখ্যক অভিৰুচি ক্রীড়া দিৱস উদযাপন কৰা হৈছে। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে প্রতি বছৰে ৩ ছেপ্তেম্বৰ দিনটোত অভিৰুচি ক্রীড়া দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ জজ খেলপথাৰত কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱসৰ আয়োজন কৰা হয়। জজ খেলপথাৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা সমূহীয়া দৌৰৰ ...

September 3, 2024 12:17 PM

views 21

ৰাজ্যৰ মুঠ ১৩ গৰাকী শিক্ষককলৈ এই বৰ্ষৰ কৃতি শিক্ষকৰ সন্মান

৫ ছেপ্তেম্বৰত হ'বলগীয়া শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষকৰ বঁটাসমূহ ঘোষণা কৰিছে। ৰাজ্যৰ মুঠ ১৩ গৰাকী শিক্ষকক এই বৰ্ষৰ কৃতি শিক্ষকৰ সন্মানেৰে বিভূষিত কৰা হ'ব। মাধ্যমিক শাখাত ৮ গৰাকী শিক্ষকলৈ এই বঁটা আগবঢ়োৱা হৈছে। তেওঁলোক হৈছে ডিব্ৰুগড়ৰ বিউতি লেখাৰু শ‍ইকীয়া, যো...

September 3, 2024 11:58 AM

views 17

গজেন্দ্ৰ সিং শেখাৱটৰ অধ্যক্ষতাত শ্বিলঙত দেশৰ বিভিন্ন ৰাজ্যৰ পৰ্যটন মন্ত্ৰীসকলৰ বিশেষ সন্মিলন অনুষ্ঠিত

কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ অধ্যক্ষতাত কালি মেঘালয়ৰ শ্বিলঙত দেশৰ বিভিন্ন ৰাজ্যৰ পৰ্যটন মন্ত্ৰীসকলৰ এখন বিশেষ সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰ্যটন মন্ত্রীসকলেও অংশগ্রহণ কৰে। সন্মিলনত শেখাৱাটে কয় যে, দেশ...

September 2, 2024 8:24 PM

views 21

সুব্রত কাপ ফুটবল প্রতিযোগিতাৰ উদ্বোধনী খেলত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়লাভ

নতুন দিল্লীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় সুব্রত কাপ ফুটবল প্রতিযোগিতাৰ উদ্বোধনী খেলত গোলাঘাট জিলাৰ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে জয়লাভ কৰিছে। নুমলিগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফুটবল দলটোৱে সৈনিক স্কুলক ৬-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। নতুন দিল্লীৰ জি ইউ জি খেলপথাৰত কাইলৈ বিজয়ী দলটোৱে শ্ৰীলংক...

September 2, 2024 7:57 PM

views 26

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ দীক্ষাৰম্ভ কাৰ্যসূচী অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আজি দীক্ষাৰম্ভ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই ভাষণত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত শিক্ষাৰ বিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে তেওঁ সমাজৰ উন্নতিৰ বাবে নৈতিকতা আৰু জ্ঞান গুৰ...

September 2, 2024 7:55 PM

views 29

কাইলৈৰ পৰা ৭ ছেপ্তেম্বৰলৈ ভুল্লুং বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈৰ পৰা ৭ ছেপ্তেম্বৰলৈ ভুল্লুং বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ অনুষ্ঠিত হ'ব। ৰাজ্যখনৰ এটা নাট্যদল আঁক – এ ক্ৰিয়েটিভ লাইনৰ হৈ ড° মৃণালজ্যোতি গোস্বামীৰ তত্বাৱধানত এই মহোৎসৱ অনুষ্ঠিত কৰিব। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত উদ্যোক্তাসকলে কৰা ঘোষণ...

September 2, 2024 7:53 PM

views 27

ৰাজ্যজুৰি হৃদ ৰোগ আৰু ৰক্তজনিত ৰোগত আক্ৰান্ত শিশুৰ ৰোগ চিনাক্তকৰণ আৰু চিকিৎসা শিবিৰ অনুষ্ঠিত

হৃদ ৰোগ আৰু ৰক্তজনিত ৰোগত আক্ৰান্ত শিশুৰ ৰোগ চিনাক্তকৰণ আৰু চিকিৎসা শিবিৰ আজিৰেপৰা ৰাজ্যজুৰি অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত জিলাই জিলাই এই ব্যৱস্থা লোৱা হৈছে। নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালতো এই শিবিৰ মুকলি কৰা হৈছে। নলবাৰীত আজি হৃদৰোগ, থেলাছেমিয়া আৰু কৰ্কট ৰোগ চিনাক্...

September 2, 2024 7:52 PM

views 23

জোনাইত আৰক্ষীৰ বুজন পৰিমাণৰ মাদকদ্রব্য সহ তিনিজন যুৱক আটক

ধেমাজি জিলাৰ জোনাইত আৰক্ষীয়ে বুজন পৰিমাণৰ মাদকদ্রব্য সহ তিনিজন যুৱকক আটক কৰিছে । যুৱককেইজনৰ পৰা নিচাযুক্ত দ্ৰব্যৰ উপৰি এনে দ্ৰব্য সেৱনত ব্যৱহৃত সামগ্ৰী, এখন মটৰ চাইকেল আৰু তিনিটা ম'বাইল ফোন জব্দ কৰা হৈছে। যুৱককেইজনে মাদক দ্ৰব্য সেৱন কৰি থকা অৱস্থাত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে।

September 2, 2024 7:48 PM

views 24

২০২৪-২৫ বিত্তীয় বৰ্ষৰ শিল্পী পেন্সন আঁচনিৰ বাবে আবেদনপত্র আহ্বান

ৰাজ্য চৰকাৰৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ শিল্পী পেন্সন আঁচনিৰ বাবে শিল্পীসকলৰ পৰা প্ৰয়োজনীয় প্রমাণপত্র সহ আবেদনপত্র বিচৰা হৈছে। সাংস্কৃতিক সঞ্চালকালয়ে এই সন্দৰ্ভত জাৰি কৰা জাননী অনুসৰি www.directorculture.assam.gov.in www.silpisammanassam.com ত আজিৰ পৰা উপলব্ধ হৈছে। আবেদনপত্রসমূহ ১৫ অক্টোবৰৰ ভিতৰত দাখ...

September 2, 2024 7:45 PM

views 24

অহা ১৫ ছেপ্তেম্বৰত ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ ৩,১২৭ পদৰ বাবে লিখিত পৰীক্ষা

উচ্চতৰ মাধ্যমিক স্তৰৰ তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকলৰ প্ৰৱেশপত্ৰ আজিৰ পৰা ৱেবছাইটত উপলব্ধ হৈছে। সংশ্লিষ্ট প্রার্থীসকলে www.assam.gov.in আৰু www.site.sebaonline.org ৱেবছাইটৰ পৰা প্ৰৱেশপত্র ডাউনলোড কৰিব পাৰিব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ঘোষণা কৰা অনুসৰি অহা ১৫ ছেপ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।