আঞ্চলিক সংবাদ

September 5, 2024 8:10 PM

views 22

শস্য অনিষ্টকাৰী চৰহা আৰু শুৰ পোকৰ উপদ্ৰৱ ৰোধ কৰিবলৈ ৰাজ্যৰ কৃষি বিভাগৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ

ৰাজ্যৰ কৃষি বিভাগে শস্য অনিষ্টকাৰী চৰহা আৰু শুৰ পোকৰ উপদ্ৰৱ ৰোধ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। কৃষি মন্ত্রী অতুল বৰাই ডিব্ৰুগড় জিলা কৃষি, কৃষি অভিযান্ত্ৰিকৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ এই সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ কেইবাখনো গাঁৱৰ কৃষিভূমিত চৰহা আৰু...

September 5, 2024 7:46 PM

views 14

ট্রেডিঙৰ নামত প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত স্বপ্ননীল দাসক মহানগৰ আৰক্ষীৰ জেৰা অব্যাহত

ট্রেডিঙৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত স্বপ্ননীল দাসক মহানগৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰৰ পাছতে মহানগৰ আৰক্ষীয়ে অভিযুক্তক ট্রেডিঙৰ সন্দৰ্ভত বহু সময় ধৰি সোধা-পোছা কৰি বহুখিনি তথ্য লাভ কৰে। আনহাতে ট্রেডিঙৰ নামত প্ৰৱঞ্চনাৰ অভিযোগত ডিব্ৰুগড়ত বিশাল ফুকন নামৰ এজন যুৱক...

September 5, 2024 7:06 PM

views 36

অহা ৭ ছেপ্তেম্বৰত চৰাইদেউ জিলাৰ শিশুসকলৰ হৃদ আৰু ৰক্তজনিত জটিল ৰোগ চিনাক্তকৰণৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন

অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ডিব্ৰুগড়ত অহা ৭ ছেপ্তেম্বৰ তাৰিখে চৰাইদেউ জিলাৰ শিশুসকলৰ হৃদ আৰু ৰক্তজনিত জটিল ৰোগ চিনাক্তকৰণৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। বেংগালুৰু, কলকাতাৰ নাৰায়ণা হৃদয়ালয় চিকিৎসালয়ৰ পৰা অহা বিশেষজ্ঞৰ দলে জন্মৰ পৰা ১৮ মহীয়া শিশুলৈকে জন্মগত হৃদৰোগ, লিউকেমিয়...

September 5, 2024 6:32 PM

views 30

কাইলৈ ডিব্ৰুগড়ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ক্ষুদ্র সচিবালয় মুকলি কৰিব

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ডিব্ৰুগড়ত ক্ষুদ্র সচিবালয় মুকলি কৰিব। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা আৰু ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনো উপস্থিত থাকিব। এই সচিবালয়ে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া...

September 5, 2024 6:29 PM

views 41

ডিব্ৰুগড়ৰ জীৱন নগৰত ইস্কন মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উজনি অসম ভ্ৰমণৰ অংশ হিচাপে আজি ডিব্ৰুগড় জিলাৰ জীৱন নগৰত ইস্কন মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্রেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া শিক্ষক দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

September 5, 2024 6:30 PM

views 25

সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি দেশজুৰি শিক্ষক দিৱস পালন

শিক্ষাবিদ তথা প্রাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি দেশজুৰি আজি শিক্ষক দিৱস পালন কৰা হৈছে। দেশত ১৯৬২ চনৰ ৫ ছেপ্তেম্বৰত প্ৰথম শিক্ষক দিৱস অনুষ্ঠিত হৈছিল আৰু ১৯৭২ চনৰে পৰা চৰকাৰীভাৱে এই দিৱস পালন কৰি অহা হৈছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ...

September 5, 2024 6:10 PM

views 29

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণৰ সিদ্ধান্ত অসম মন্ত্রীসভাৰ

অসম মন্ত্রীসভাই ৰাজ্যখনৰ ভূমি, থলুৱা জনগোষ্ঠীসমূহৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ বাবে অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বিপ্ল...

September 5, 2024 6:08 PM

views 19

দেশৰ বিভিন্ন ঠাইৰ লগতে অসমতো শিক্ষক দিৱস পালন

দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি শিক্ষক দিৱস পালন কৰা হৈছে। শিক্ষাবিদ তথা প্রাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৫ ছেপ্তেম্বৰত এই দিৱস পালন কৰা হয়৷ দেশত ১৯৬২ চনৰ ৫ ছেপ্তেম্বৰত প্ৰথম শিক্ষক দিৱস অনুষ্ঠিত হৈছিল আৰু ১৯৭২ চনৰে পৰা চৰকাৰীভাৱে এই দিৱস পালন ক...

September 5, 2024 12:49 PM

views 26

অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা কৰিছে। শিক্ষা ঋণৰ ক্ষেত্ৰত ৫০ হাজাৰ টকা পর্যন্ত ৰাজসাহায্য প্রদানেৰে শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লাঘৱ কৰাৰ উদ্দেশ্যে গ্রহণ কৰা এই আঁচনিখনৰ প'ৰ্টেলতো আজিৰ পৰা ২০ অক্টোবৰলৈ ৪৫ দিনৰ বাবে খোল...

September 5, 2024 12:47 PM

views 29

ডিব্ৰুগড়ত আজি মুখ্যমন্ত্রীৰ ইস্কন মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উজনি অসম ভ্ৰমণৰ অংশ হিচাপে আজি ডিব্ৰুগড় জিলাৰ জীৱন নগৰত ইস্কন মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া শিক্ষক দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।