আঞ্চলিক সংবাদ

August 8, 2024 6:46 PM August 8, 2024 6:46 PM

views 11

ধিঙত আজি এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ

নগাঁও জিলাৰ ধিঙত আজি আৰক্ষীয়ে এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। জিলাখনৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি হুমায়ুন কবিৰ নামৰ বাংলাদেশী লোকজনৰ পৰা আৰক্ষীয়ে দুখন বাংলাদেশৰ মোবাইল ছিমকাৰ্ড আৰু মোবাইল হেণ্ডছেট জব্দ কৰে। লোকজনে দেশখনৰ ছিলেট জিলাৰ পৰা মেঘালয়ৰ ডাউকী হ...

August 8, 2024 6:43 PM August 8, 2024 6:43 PM

views 2

কলিয়াবৰত অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীৰ মাজত সামগ্ৰী বিতৰণ প্ৰক্ৰিয়াৰ আনুষ্ঠানিক শুভাৰম্ভ

পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰ মহকুমাৰ অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বোর্ড আৰু মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সৌজন্যত মহকুমাটোৰ অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীৰ মাজত টেলিভিছন ছেট আৰু চকী-টেবুল বিতৰণ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। চলিত বৰ্ষত মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ অধ...

August 8, 2024 7:14 PM August 8, 2024 7:14 PM

views 19

লোকসেৱা ভৱনত আজি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ উদ্বোধন

ৰাজ্যৰ ছাত্ৰীসকলৰ সৱলীকৰণ, উচ্চ শিক্ষাৰ বাট প্রশস্তকৰণ আৰু বাল্য বিবাহ ৰোধৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ উদ্বোধন কৰে। এই আঁচনিখনে অহা ৩ বছৰত ১০ লাখ ছাত্ৰীক সামৰি ল'ব। মুখ্যমন্ত্ৰীয়ে কয় যে, বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধৰ লগতে অপৈণত বয়...

August 8, 2024 1:43 PM August 8, 2024 1:43 PM

views 12

ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু ৬০০ গৰাকী বন সুৰক্ষা বাহিনীৰ জোৱানৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’বঃ মুখ্যমন্ত্ৰী

ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু ছশ গৰাকী বন সুৰক্ষা বাহিনীৰ জোৱানৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি কালি তেওঁ এই কথা ঘোষণা কৰে। লগতে লাচিত ...

August 8, 2024 1:56 PM August 8, 2024 1:56 PM

views 15

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ উদ্বোধন কৰিব

ৰাজ্যৰ ছাত্ৰীসকলৰ সৱলীকৰণ, উচ্চ শিক্ষাৰ বাট প্রশস্তকৰণ আৰু বাল্য বিবাহ ৰোধৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ উদ্বোধন কৰিব। এই আঁচনিখন অহা ৩ বছৰত ১০ লাখ ছাত্ৰীক সামৰি ল'ব। সকলো পৰিয়ালৰ কন্যাৰ বাবে উপলব্ধ হ'বলগীয়া আঁচনিখনৰ অধীনত একাদশ শ্ৰেণী...

August 8, 2024 1:37 PM August 8, 2024 1:37 PM

views 9

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক খহনীয়াৰ কৱলৰ পৰা ৰক্ষা কৰাৰ বাবে জলসম্পদ বিভাগে এখন বৃহৎ আঁচনি প্ৰস্তুত কৰিছে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক খহনীয়াৰ কৱলৰ পৰা ৰক্ষা কৰাৰ বাবে জলসম্পদ বিভাগে এখন বৃহৎ আঁচনি প্ৰস্তুত কৰিছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বাগৰি বনাঞ্চলিক বিষয়াৰ চৌহদত আয়োজিত এটা অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পলৈ আউট ব’ৰ্...

August 8, 2024 12:12 PM August 8, 2024 12:12 PM

views 17

আলুৰ দাম বৃদ্ধিৰ প্ৰসংগত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে কেন্দ্ৰ তথা পশ্চিমবংগ চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত

অসমত হোৱা আলুৰ দাম বৃদ্ধিৰ প্ৰসংগত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে কেন্দ্ৰ তথা পশ্চিমবংগ চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। কালি বিভাগীয় মন্ত্ৰী ৰণজিত কুমাৰ দাসে এই কথা জানিবলৈ দিয়ে। পশ্চিমবংগৰ আলুসমূহ অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে আলুৰ দাম বৃদ্ধি হোৱা সন্দৰ্ভত দেখা দিয়...

August 8, 2024 12:08 PM August 8, 2024 12:08 PM

views 12

ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি কৰি বৃক্ষ অর্থনীতি সমৃদ্ধিশালী কৰি তোলাৰ লক্ষ্যৰে অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী অব্যাহত

ৰাজ্য চৰকাৰৰ উদ্যোগত তথা বন বিভাগৰ সহযোগত ৰাজ্যত সেউজ আৱৰণ বৃদ্ধি কৰি বৃক্ষ অর্থনীতি সমৃদ্ধিশালী কৰি তোলাৰ লক্ষ্যৰে এজুপি গছ মাৰ নামত শ্ল'গানেৰে অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী অব্যাহত আছে। ১ৰ পৰা ১৫ আগষ্টলৈকে চলা এই কাৰ্যসূচীৰ অংশস্বৰূপে কালি যোৰহাটত পৰিবেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ...

August 7, 2024 8:15 PM August 7, 2024 8:15 PM

views 15

পশ্চিমবংগৰ আলু অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে দেখা দিয়া মূল্যবৃদ্ধিৰ সমস্যাৰ সমাধানৰ বাবে মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ অধ্যক্ষতাত বৈঠক

পশ্চিমবংগৰ আলু অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ বাবে দেখা দিয়া মূল্যবৃদ্ধিৰ সমস্যা ওৰ পেলোৱাৰ উদ্দেশ্যে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ অধ্যক্ষতাত আজি বৈঠক অনুষ্ঠিত হয়। বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে গ্রাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিত...

August 7, 2024 7:48 PM August 7, 2024 7:48 PM

views 74

গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে বৰ্তমান আৰু ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগক শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে বৰ্তমান আৰু ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। গুৱাহাটী মহানগৰীত হোৱা কৃত্রিম বান সন্দৰ্ভত এটা বেচৰকাৰী সংগঠনে দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ আজি শুন...