আঞ্চলিক সংবাদ

September 10, 2024 9:16 PM

views 26

জ্যেষ্ঠ শিল্পীলৈ আর্থিক সাহায্য আঁচনিৰ বাবে ৬০ বছৰ ঊৰ্ধ্বৰ শিল্পীৰ পৰা দেশৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ আবেদনপত্ৰ আহ্বান

দেশৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জ্যেষ্ঠ শিল্পীসকললৈ আর্থিক সাহায্য আঁচনিৰ অধীনত ৬০ বছৰ ঊৰ্ধ্বৰ শিল্পীসকলৰ পৰা আবেদনপত্ৰ বিচৰা হৈছে। ৰাজ্যিক, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক অথবা দুৰদৰ্শন, আকাশবাণীৰ স্বীকৃতিপ্রাপ্ত শিল্পীসকলে এই আঁচনিৰ বাবে আবেদন দাখিল কৰিব পাৰিব। আবেদনকাৰীৰ আয় প্ৰতিমাহে চাৰি হাজাৰ টকা...

September 10, 2024 9:14 PM

views 18

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যিক বিদ্যালয় মান, কৰ্তৃপক্ষৰ বাবে বিদ্যালয়ৰ গুণগত মান মূল্যায়ন আৰু স্বীকৃতি পৰিকাঠামোৰ বিকাশ সন্দৰ্ভত পৰামৰ্শমূলক সভা

ৰাজ্যিক শিক্ষা, গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ উদ্যোগত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যিক বিদ্যালয়ৰ মান, কৰ্তৃপক্ষৰ বাবে বিদ্যালয়ৰ গুণগত মান মূল্যায়ন আৰু স্বীকৃতি পৰিকাঠামোৰ বিকাশ সন্দৰ্ভত এখন পৰামৰ্শমূলক সভা অনুষ্ঠিত হয়। শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে এই সভাত অংশগ্ৰহণ কৰি চৰকাৰী বিদ্যালয়স...

September 10, 2024 9:12 PM

views 19

ৰাজ্য চৰকাৰৰ জনকল্যাণকামী আঁচনি আৰু প্রকল্পৰ ৰূপায়ণৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে জ্যেষ্ঠ বিষয়াৰ সৈতে মন্ত্ৰী অতুল বৰাৰ বৈঠক

ৰাজ্য চৰকাৰৰ জনকল্যাণকামী আঁচনি আৰু অভিলাসী প্রকল্পসমূহৰ ৰূপায়ণৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে কৃষি মন্ত্ৰী অতুল বৰাই আজি হাইলাকান্দিৰ জিলা আয়ুক্ত কাৰ্যালয়ত চৰকাৰী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকখনত তেওঁ শিক্ষা, স্বাস্থ্য, কৃষি, লোক নির্মাণকে ধৰি জিলাখনৰ ৩৪টা চৰকাৰী...

September 10, 2024 9:07 PM

views 16

নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত পৰ্যালোচনা বৈঠক

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত আজি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মন্ত্ৰীগৰাকীৰ অধীনৰ বিভাগসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয়। এই বৈঠকত বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বাম...

September 10, 2024 9:05 PM

views 12

মাজুলীত নতুন অপৰাধমূলক আইন সন্দৰ্ভত সজাগতামূলক সভা

জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি মাজুলীত সাংবাদিক সন্থাৰ বিষয়ববীয়াসকলৰ উপস্থিতিত নতুন অপৰাধমূলক আইন সন্দৰ্ভত সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাত ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। জিলা আইন ভাৰতীয় নাগৰিক সুৰক্ষা সংহ...

September 10, 2024 9:04 PM

views 19

মাজুলীত প্ৰথমটো চৰকাৰী দত্তক গ্রহণ কেন্দ্ৰ মুকলি

বিধায়ক ভুবন গামে আজি মাজুলীৰ কমলাবাৰী সত্ৰৰ সমীপত প্ৰথমটো চৰকাৰী দত্তক গ্রহণ কেন্দ্ৰ আজি আনুষ্ঠানিকভাবে মুকলি কৰে। কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনত ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ নিৰ্দেশনাত নিপীড়িত আৰু বঞ্চিত শিশুসকলক নিৰাপত্তা আৰু প্ৰতিপালনৰ বাবে এই কেন্দ্ৰটো মুকলি কৰা হৈছ...

September 10, 2024 9:03 PM

views 15

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত শৰৎ চন্দ্ৰ গোস্বামী স্মাৰক আন্তঃমহাবিদ্যালয় তর্ক প্রতিযোগিতা

সদৌ অসম শৰৎ চন্দ্ৰ গোস্বামী স্মাৰক ২৪সংখ্যক আন্তঃমহাবিদ্যালয় তর্ক প্রতিযোগিতা আজি গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত হয়। নাৰীবাদী আন্দোলনত পুৰুষৰ সক্ৰিয় অংশগ্ৰহণৰ দ্বাৰাহে লিংগ সমতা ৰক্ষা কৰাটো সম্ভৱ শীৰ্ষক বিষয়ত আয়োজিত এই প্রতিযোগিতাত উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো মহাবিদ্যায়ৰ ২০ গৰা...

September 10, 2024 9:01 PM

views 13

দিছপুৰৰ লোক নির্মাণ বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত শিক্ষক দিৱসত কামৰূপ মহানগৰ জিলাৰ ৭গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা

কামৰূপ মহানগৰ জিলাত বিশেষ কাৰণত স্থগিত ৰখা শিক্ষক দিৱসৰ কাৰ্যসূচী আজি দিছপুৰৰ লোক নির্মাণ বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। জিলাখনৰ সাতগৰাকী কৃতী শিক্ষকক এই অনুষ্ঠানত গামোচা, মানপত্ৰ আৰু শৰাইৰে সম্বৰ্ধনা জনোৱা হয়, লগতে গুণোৎসৱত ভাল ফলাফল প্ৰদৰ্শন কৰা শিক্ষাখণ্ড সমূহকো প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। অনুষ্...

September 10, 2024 9:00 PM

views 27

ভাৰত-বাংলাদেশৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ৰাজদ্বীপ ওজাক নিৰীক্ষক হিচাপে নিযুক্তি

অসম ক্রিকেট সংস্থাৰ উপ-সভাপতি ৰাজদ্বীপ ওজাক ভাৰত আৰু বাংলাদেশৰ মাজত হ'বলগীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত এজন নিৰীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ১৯ৰ পৰা ২৩ ছেপ্তেম্বৰলৈ খেলখন অনুষ্ঠিত হ'ব।

September 10, 2024 8:59 PM

views 30

উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ ময়ূৰী বৰ্মন আৰু শান্তিপ্রিয়া হাজৰিকাৰ খিতাপ অৰ্জন

উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাৰ মহিলা আৰু জুনিয়ৰ ছোৱালীৰ শাখাত অসমৰ ময়ূৰী বৰ্মন আৰু শান্তিপ্রিয়া হাজৰিকাই খিতাপ অৰ্জন কৰিছে। গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কনকলতা ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাখনৰ মহিলাৰ শাখাৰ ফাইনেলত ময়ূৰীয়ে ছুজেন বুঢ়াগোহাঁইক হৰুৱাই স...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।