আঞ্চলিক সংবাদ

September 16, 2024 6:37 PM

views 25

আজি নিশা ৯.৩০ বজাত আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীক’

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাৱলিক স্পীকত আজি নিশা ৯.৩০ বজাত স্বচ্ছতাই সেৱা অভিযানৰ অধীনত স্বচ্ছ ভাৰত সুনিশ্চিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত এক বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। এই আলোচনাত অংশগ্রহণ কৰিব জলশক্তি মন্ত্ৰ্যালয়ৰ স্বচ্ছ ভাৰত অভিযানৰ সঞ্চালক তথা যুটীয়া ...

September 16, 2024 5:57 PM

views 30

তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত বোকাখাটত মন্ত্ৰী অতুল বৰাৰ পর্যালোচনা বৈঠক

বিধানসভা সমষ্টি ভিত্তিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই আজি গোলাঘাট জিলাৰ বোকাখাটত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। নাৰী সৱলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা এই অভিলাসী আঁচনিখন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অহা ১৯ চেপ্তেম্বৰত গুৱ...

September 16, 2024 5:53 PM

views 25

২০৩০ চনৰ ভিতৰত অসমত সেউজ শক্তিৰ জৰিয়তে ৩ হেজাৰ মেগাৱাটতকৈও অধিক শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ

অসমে ২০৩০ চনৰ ভিতৰত সেউজ শক্তিৰ জৰিয়তে ৩ হেজাৰ মেগাৱাটতকৈও অধিক শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে সেউজ ভৱিষ্যতৰ দিশত ৰাজ্যৰ অৱদানে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ কথা প্ৰকাশ কৰি কয় যে, অজীৱাষ্ম শক্তিৰ উৎস ব্যৱহাৰৰ জৰিয়তে দেশৰ নেট জিৰো লক্ষ্যক...

September 16, 2024 5:48 PM

views 26

ৰাজ্যৰ মহাবিদ্যালয় সমূহৰ স্নাতক পাঠ্যক্ৰমত দক্ষতা বিকাশৰ শিক্ষা অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছেঃ ৰণোজ পেগু

ৰাজ্যৰ মহাবিদ্যালয় সমূহৰ স্নাতক পাঠ্যক্ৰমত দক্ষতা বিকাশৰ শিক্ষা অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰে। কোকৰাঝাৰ বালিকা মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ...

September 16, 2024 5:42 PM

views 19

পৰীক্ষাগৃহত প্ৰৱেশৰ পূৰ্বে চলোৱা তালাচী সন্দৰ্ভত নলবাৰীৰ এগৰাকী ছাত্ৰীয়ে উত্থাপন কৰা অভিযোগ সম্পৰ্কে অসম আৰক্ষীক তদন্তৰ নির্দেশ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি অনুষ্ঠিত অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাত নলবাৰীৰ এগৰাকী ছাত্ৰীয়ে পৰীক্ষাগৃহত প্ৰৱেশৰ পূৰ্বে চলোৱা তালাচী সন্দৰ্ভত উত্থাপন কৰা অভিযোগ সম্পৰ্কে অসম আৰক্ষীক তদন্তৰ নির্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে কয় যে এই পৰীক্ষা স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাটোৱেই চৰকাৰৰ লক্ষ্য যদ...

September 16, 2024 12:06 PM

views 19

দেশত কাইলৈৰ পৰা স্বচ্ছতাই সেৱা অভিযান-২০২৪

স্বচ্ছতাই সেৱা অভিযান ২০২৪ কাইলৈ আৰম্ভ হৈ অহা ২ অক্টোবৰলৈ চলিব। এই অভিযানৰ চলিত বৰ্ষৰ বিষয়বস্তু হৈছে- স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা। এই অভিযানৰ অধীনত পৰ্যটনস্থলী, ৰাজহুৱা ভৱন, বাণিজ্যিক অঞ্চল, জলাশয়, চিৰিয়াখানা তথা ৰাজহুৱা প্ৰস্ৰাৱাগাৰৰ দৰে বিভিন্ন স্থানত সমূহীয়া শ্ৰমদানেৰে স্বচ্ছতা অভিযান চল...

September 16, 2024 12:21 PM

views 8

খাদ্য সুৰক্ষা আইনত ১৯,৯২,১৬৭গৰাকী নতুন হিতাধিকাৰী সংযোজনৰ লক্ষ্য, আৱেদনৰ অন্তিম তাৰিখ ১৫ অক্টোবৰ

খাদ্য সুৰক্ষা আইনৰ অধীনত ১৯ লাখ ৯২ হাজাৰ ১৬৭ গৰাকী নতুন হিতাধিকাৰীৰ সংযোজন কৰা হ'ব। এই উদ্দেশ্যে আবেদনকাৰীসকলে অহা ১৯ ছেপ্টেম্বৰৰ পৰা ১৫ অক্টোবৰলৈ আবেদন দাখিল কৰিব পাৰিব। আবেদন পত্র সংশ্লিষ্ট জিলা অথবা মহকুমাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কার্যালয় তথা PDS.ASSAM.GOV.IN প'ৰ্টেলৰ পৰ...

September 16, 2024 12:07 PM

views 10

বিশ্ব অ’জন দিৱস উপলক্ষে ডিমৰীয়া মহাবিদ্যালয়ত বিস্তৃত কাৰ্যসূচীৰ আয়োজন

আজি বিশ্ব অ’জন দিৱস। এইবাৰৰ দিৱসৰ মূল বিষয় হৈছে মন্ত্ৰীয়েল প্ৰট'কল-জলবায়ু বিষয়ক কাৰ্যব্যৱস্থাক আগুৱাই নিয়া। আজি ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে অ'জন স্তৰ সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় দিৱসৰ আয়োজন। বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ, পৰিৱেশ আৰু বন বিভাগে যুটীয়াভাৱে আয...

September 16, 2024 12:01 PM

views 13

ৰাজ্যজুৰি বিজেপিৰ সদস্যভর্তি অভিযান, দৈনিক দুই লাখতকৈও অধিক লোকৰ সদস্য পদ গ্ৰহণ

ৰাজ্যজুৰি বিজেপিৰ সদস্যভর্তি অভিযান সম্প্রতি পূৰ্ণ গতিত চলিছে। এতিয়ালৈ ৰাজ্যত দৈনিক দুই লাখতকৈও অধিক লোকে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছে। বিজেপি দলৰ সদস্যতা অভিযান ২০২৪ৰ এই অভিযানত বিজেপি দলৰ প্ৰতি থকা ৰাইজৰ অভূতপূৰ্ব সঁহাৰিয়ে ব্যাপক সফলতা লাভ কৰিছে। কালি বিহালীত জলসম্পদ, তথ্য আৰু জনসংযোগ সংসদীয় পৰ...

September 16, 2024 12:00 PM

views 11

ঢকুৱাখনা মহকুমা প্রাথমিক শিক্ষক সন্মিলনীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি, শিক্ষক ভৱন মুকলি

ঢকুৱাখনা মহকুমা প্রাথমিক শিক্ষক সন্মিলনী প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি তথা নৱনিৰ্মিত শিক্ষক ভৱন কালি মুকলি কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি বিধায়ক নৱ কুমাৰ দলে ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কৰি ঢকুৱাখনা মহকুমা প্রাথমিক শিক্ষক সন্মিলনীলৈ শুভেচ্ছা জনায়। ভাষণত বিধায়কগৰাকীয়ে এই নতুন শিক্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।