আঞ্চলিক সংবাদ

August 24, 2024 9:08 PM August 24, 2024 9:08 PM

views 17

শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত হৃদৰোগীৰ বাবে ২০খন বিছনাযুক্ত নতুন আই চি ইউ প্রকল্প মুকলি মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ৩ দিনীয়া বৰাক উপত্যকা ভ্ৰমণৰ শেষৰ দিনা আজি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত হৃদৰোগীসকলৰ বাবে ২০খন বিছনাযুক্ত এটা নতুন আই চি ইউ প্রকল্প মুকলি কৰে। চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন আই চি ইউ প্ৰকল্পটো মুকলি কৰাৰ লগতে মহাবিদ্যালয়খনত নিৰ্...

August 24, 2024 9:07 PM August 24, 2024 9:07 PM

views 8

ৰাজ্যজুৰি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি পালন

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি আজি ৰাজ্যজুৰি পৰম্পৰাগত উলাহ-উদ্দীপনাৰে পালন কৰা হয়। এই উপলক্ষে সমগ্ৰ ৰাজ্যৰ ভকতবৃন্দই নামঘৰ আৰু সত্ৰসমূহত শৰাই, বন্তি আগবঢ়াই প্রার্থনা জনায়। সত্ৰ, নামঘৰসমূহ পুৱাৰে পৰা ভক্ত ৰাইজৰ নাম-প্ৰসংগ আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। মাধৱদেৱ গুৰুজনাই স্থ...

August 24, 2024 9:04 PM August 24, 2024 9:04 PM

views 8

মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে বজালীৰ গোবিন্দভৱন গীতা সত্ৰত শৰাই আগবঢ়ায় মন্ত্ৰী ৰণজিত কুমাৰ দাসে

ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে আজি ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত কুমাৰ দাসে পুৱাৰ ভাগতে বজালীৰ গোবিন্দভৱন গীতা সত্ৰত শৰাই আগবঢ়াই নাম-প্ৰসংগত অংশগ্ৰহণ কৰে। নিজৰ লগতে ৰাইজৰ মংগল কামনা কৰি মন্ত্ৰীগৰাকীয়ে ভকত-আই মাতৃসকলৰ সৈতে মত বিনিময় কৰি আশী...

August 24, 2024 9:03 PM August 24, 2024 9:03 PM

views 11

অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্রমিক কল্যাণ পৰিষদৰ দুৰ্নীতিৰ গোচৰত ঠিকাদাৰ প্ৰিয়াংশু বৈৰাগীৰ ধন আৰু ফিক্সড ডিপ’জিট জব্দ

বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ গুৱাহাটী মাণ্ডলিক কাৰ্যালয়ে অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্রমিক কল্যাণ পৰিষদত সংঘটিত দুৰ্নীতিৰ গোচৰত ঠিকাদাৰ প্ৰিয়াংশু বৈৰাগীৰ বেংক একাউণ্টৰ ধন আৰু ফিক্সড ডিপ’জিট জব্দ কৰিছে। পূৰ্বশ্ৰী প্ৰিণ্টিং হাউছ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী প্ৰিয়াংশু বৈৰাগীৰ ৩৪ কোটি ৩ লাখ টকা ধ...

August 24, 2024 9:01 PM August 24, 2024 9:01 PM

views 12

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৬টা গুৰুত্বপূৰ্ণ ভৱনৰ নেট জিৰ’ এনার্জী বিল্ডিং হিচাপে সফলতা অৰ্জন

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৬টা গুৰুত্বপূৰ্ণ ভৱনে নেট জিৰ’ এনার্জী বিল্ডিং হিচাপে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ অধীনত শক্তি দক্ষতা ব্যুৰ’ৱে শূন্য কার্বন নির্গমণৰ সফলতা অৰ্জন কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ভৱনকেইটাক এই মৰ্যাদাপূর্ণ শূন্য লেবেল সন্মান প্ৰদান কৰি...

August 24, 2024 8:59 PM August 24, 2024 8:59 PM

views 17

আকাশবাণীত কাইলৈ দিনৰ ১১ বজাত ‘মন কী বাত’ অনুষ্ঠানত জনসাধাৰণৰ সৈতে প্ৰধানমন্ত্ৰীৰ মতবিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণী যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত কাইলৈ দিনৰ ১১ বজাত দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৩ সংখ্যক খণ্ড। আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে এয়াৰ নিউজ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। এয়া...

August 24, 2024 8:58 PM August 24, 2024 8:58 PM

views 7

যোৰহাটৰ বানপ্ৰভাৱিত অঞ্চলৰ ছাত্র-ছাত্রীক ধৰিত্ৰী মহিলা সংগঠনৰ লেখন সামগ্রী বিতৰণ

যোৰহাটৰ বানপ্ৰভাৱিত অঞ্চলত আজি ধৰিত্ৰী মহিলা সংগঠনৰ উদ্যোগত ছাত্র-ছাত্রীক লেখন সামগ্রী বিতৰণ কৰা হয়। এই অনুসৰি যোৰহাট জিলাৰ বাৰপাইক গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কাগজ, কলম, অভিধান, সাধাৰণ জ্ঞানৰ কিতাপ ইত্যাদি বিতৰণ কৰা হয়। সমাজকৰ্মী জগন্নাথ অগ্নি বৰাৰ পদক্ষেপত বানাক্ৰান্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীক উৎসাহি...

August 24, 2024 8:56 PM August 24, 2024 8:56 PM

views 7

ডিফু মেডিকেল কলেজ হাস্পতালত আৰক্ষী চকী মুকলি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আজি ডিফু মেডিকেল কলেজ হাস্পতালত এটা আৰক্ষী চকী আনুষ্ঠানিকভাৱে মুকলি কৰে। মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে এই নতুন আৰক্ষী চকীখনৰ জৰিয়তে মহাবিদ্যালয়খনৰ নিৰাপত্তাৰ দিশটো অধিক উন্নত হ'ব বুলি আশা প্রকাশ কৰে। উদ্বোধনী অনুষ্ঠানত ডিফু লোক...

August 24, 2024 8:55 PM August 24, 2024 8:55 PM

views 3

বৰপেটাত অনুষ্ঠিত জে কে বৰুৱা আন্তঃজিলা ক্রিকেট প্রতিযোগিতাত বৰপেটা জিলা দল চূড়ান্ত বিজয়ী

বৰপেটাত অনুষ্ঠিত জে কে বৰুৱা আন্তঃজিলা ক্রিকেট প্রতিযোগিতাত আজি বৰপেটা জিলা দলে চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে। বৰপেটা জিলা ক্রিকেট সন্থাৰ খেলপথাৰত অনুষ্ঠিত চূড়ান্ত খেলত বৰপেটা দলে অসম ক্রিকেট সন্থাৰ সভাপতি একাদশক ১২০ ৰাণত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি বৰপেটা জিলা দলে ৫০ অভাৰত ৬ টা উইকেটৰ বিনিময়ত ...

August 24, 2024 8:53 PM August 24, 2024 8:53 PM

views 9

যোৰহাটত পথ নিৰাপত্তা সম্পৰ্কীয় বিশেষ জনসজাগতা অনুষ্ঠান

যোৰহাট জিলাৰ পথ নিৰাপত্তা সম্পৰ্কীয় এক বিশেষ জনসজাগতা অনুষ্ঠান আজি সম্পন্ন হয়। গৌৰীকিৰণ ফাউণ্ডেচনৰ উদ্যোগত, যোৰহাট জিলা প্ৰশাসন আৰু আইন সেৱা প্ৰাধিকৰণৰ সহযোগত অনুষ্ঠিত সভাখনৰ বন্তি প্ৰজ্বলনৰ পাছতে জি কে ফাউণ্ডেশ্যনৰ হৈ জয়ন্ত কুমাৰ বৰঠাকুৰে আদৰণি ভাষণ আগবঢ়ায়। পাৰ্থিৱজ্যোতি শ‍ইকীয়াই মূল ভাষণ আগব...