আঞ্চলিক সংবাদ

September 21, 2024 9:21 PM

views 15

নামনি মাজুলী জ্যেষ্ঠ নাগৰিক শাখা সন্মিলনৰ সপ্তম দ্বি-বার্ষিক অধিৱেশন সম্পন্ন

জ্যেষ্ঠ নাগৰিক সন্মিলন, অসমৰ অন্তৰ্গত নামনি মাজুলী জ্যেষ্ঠ নাগৰিক শাখা সন্মিলনৰ সপ্তম দ্বি-বার্ষিক অধিৱেশনখন আজি বিৰিণাবাৰী গাঁৱত অনুষ্ঠিত হয়। পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পাছত বিষয় বাছনি সভা আৰু সদস্য পঞ্জীয়নৰ লগতে কাৰ্যসূচীৰ অংশ হিচাপে এখন মুকলি সভা অনুষ্ঠিত হয়।...

September 21, 2024 9:19 PM

views 12

লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এন পি এছ বাৎসল্য আঁচনি সন্দৰ্ভত নাবাৰ্ডৰ সজাগতা সভা

লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি শিশুৰ আৰ্থিক ভৱিষ্যত সুনিশ্চিত কৰিবলৈ কেন্দ্রীয় বিত্ত মন্ত্ৰীয়ে ১৮ ছেপ্তেম্বৰত নতুন দিল্লীত শুভাৰম্ভ কৰা এন পি এছ বাৎসল্য আঁচনি সন্দৰ্ভত নাবাৰ্ডৰ এখন সজাগতা সভা অনুষ্ঠিত হয়। নাবাৰ্ডৰ জিলা উন্নয়ন প্ৰৱন্ধকে আয়োজন কৰা সভাখনত জিলা ভাৰপ্ৰাপ্ত আয়ুক্তকে ধৰি চৰকাৰী...

September 21, 2024 9:18 PM

views 20

বঙাইগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ, পৌৰসভাৰ উদ্যোগত স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাপে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

বঙাইগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু বঙাইগাঁও তথা অভয়াপুৰী পৌৰসভাৰ অধীনত ১৪ ছেপ্তেম্বৰৰ পৰা চলি থকা স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাপে জিলাখনৰ বিভিন্ন বিভাগে চাফাই কাৰ্যসূচী, ক্রীড়া প্রতিযোগিতা আৰু গছপুলি ৰোপণ ইত্যাদি কাৰ্যসূচী ৰূপায়ণ কৰি আছে। এই অভিযানৰ অধীনত আজি জিলা ক্রীড়া বিভাগ আৰু বিদ...

September 21, 2024 9:16 PM

views 23

গোৱালপাৰাৰ আগিয়াত অনুষ্ঠিত শ্বহীদ নিধানুৰাম ৰাজবংশী সোঁৱৰণি ফুটবল প্ৰতিযোগিতাত বাইজুৰি দল চেম্পিয়ন

গোৱালপাৰা জিলাৰ আগিয়াৰ জে এন মেম'ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আয়োজিত অবিভক্ত গোৱালপাৰা জিলাৰ প্ৰথম শ্বহীদ নিধানুৰাম ৰাজবংশী সোঁৱৰণী ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খেলখন আজি অনুষ্ঠিত হয়। ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ সাহায্যত অনুষ্ঠিত প্রতিযোগিতাখনৰ চূড়ান্ত খেলত বাইজুৰি ফুটবল দল আৰু বৰ...

September 21, 2024 7:22 PM

views 14

অসমত বিগত ৬ বছৰত কৃষি ৰপ্তানিৰ বিকাশ ৮৫ শতাংশলৈ বৃদ্ধিঃ কৃষিমন্ত্ৰী অতুল বৰা

অসমত যোৱা ৬টা বছৰত কৃষি ৰপ্তানিৰ বিকাশ ৮৫ শতাংশলৈ বৃদ্ধি পাইছে। কৃষি, পশুপালন তথা পশু চিকিৎসা মন্ত্ৰী অতুল বৰাই কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভাইব্ৰেণ্ট নর্থ-ইষ্ট ২০২৪ শীৰ্ষক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে। ড'নাৰ মন্ত্ৰ্যালয়ৰ সহযোগত আয়োজিত অনুষ্ঠানটিত তেওঁ লগতে কয় যে, অসমত শেহতীয়া...

September 21, 2024 7:21 PM

views 16

আকাশবাণীত ২৯ ছেপ্টেম্বৰৰ ‘মন কী বাত’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে মনৰ ভাব ব্যক্ত কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্তেম্বৰত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্...

September 21, 2024 7:19 PM

views 19

যোৰহাটত অনুষ্ঠিত ল’ৰাৰ ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত অসমৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ তত্ত্বাৱধানত আৰু অসম ফুটবল সন্থাৰ পৰ্যৱেক্ষণ তথা যোৰহাট জিলা ক্রীড়া সন্থাৰ আতিথ্যত অনুষ্ঠিত ল'ৰাৰ ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত অসমে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল খেলখনত অসমে ১১-০ গ'লৰ ব্যৱধানত হাৰিয়ানাক পৰাস্ত কৰি...

September 21, 2024 7:14 PM

views 18

বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰাদাস বুঢ়াআতাৰ তিৰোভাৱ তিথি কীৰ্তন মহোৎসৱ হিচাপে পালন

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰাদাস বুঢ়াআতাৰ তিৰোভাৱ তিথি আজি কীৰ্তন মহোৎসৱ হিচাপে সত্ৰখনত পালন কৰা হৈছে। উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ গুৰু দুজনাৰ পাছতেই বৰপেটাৰ সত্ৰীয়া ব্যৱস্থাত মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য শ্ৰীশ্ৰী মথুৰাদাস বুঢ়াআতাক অধিক মান্যতা প্...

September 21, 2024 7:13 PM

views 28

ডিব্ৰুগড়ত স্বচ্ছতাই সেৱা কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

স্বচ্ছতাই সেৱা কাৰ্যসূচীৰ অংশ হিচাপে আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ তেওঁ কয় যে, এখন সুস্থ সৱল সমাজ গঢ়ি তোলাৰ বাবে সকলোকে স্বচ্ছতাক দৈনন্দিন জীৱনৰ অংগ হিচাপে আঁকোৱালি ল'ব লাগিব। মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় অসামৰিক চিকিৎসালয়ত স্...

September 21, 2024 7:12 PM

views 32

ওদালগুৰি জিলাৰ টংলাত অসম সাহিত্য সভাৰ ষষ্ট পূৰ্ণাংগ কেন্দ্রীয় কার্যনির্বাহক

ওদালগুৰি জিলাৰ টংলাত আজিৰেপৰা আৰম্ভ হোৱা অসম সাহিত্য সভাৰ ষষ্ট পূৰ্ণাংগ কেন্দ্রীয় কার্যনির্বাহকত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰে। শ্ৰী দৈমাৰীয়ে সাহিত্য সভাই অসমৰ জাতীয় জীৱনৰ দিক্‌ নির্ণায়ক অনুষ্ঠান হিচাপত কাম কৰি আহিছে বুলি মন্তব্য কৰে। বিধানসভাৰ অধ্যক্ষগৰাকীয়ে এটা ভাষা জাতিৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।