আঞ্চলিক সংবাদ

August 26, 2024 8:41 PM August 26, 2024 8:41 PM

views 9

ৰাজ্যসভালৈ বিজেপিৰ ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস বিনাপ্রতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে। আজি দুয়োগৰাকীয়ে ৰিটার্নিং বিষয়াৰ পৰা জয়ী হোৱাৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন প্রত্যাহাৰৰ আজি অন্তিম দিন আছিল। বিৰোধীয়ে প্ৰাৰ্থী প্ৰক্ষেপ নকৰাত বিজেপিৰ দুয়োগৰাকী ...

August 26, 2024 8:39 PM August 26, 2024 8:39 PM

views 14

ৰাজ্যত তৃতীয় বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষা ১৫ ছেপ্টেম্বৰত হ’ব বুলি নিযুক্তি আয়োগৰ ঘোষণা

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে তৃতীয় বৰ্গৰ পদৰ বাবে অসমৰ উচ্চতৰ মাধ্যমিক স্তৰৰ ৩ হাজাৰ ১২৭টা পদৰ লিখিত পৰীক্ষা অহা ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। পৰীক্ষাৰ্থীসকলে অহা ২ ছেপ্টেম্বৰৰ দিনৰ ১১ বজাৰ পৰা অসম মাধ্যমিক শিক্ষা পৰিষদৰ ৱেবছাইট www.site.sebaonline.org অথবা ৰাজ্য চৰকাৰৰ ৱেবছাইট ...

August 26, 2024 6:40 PM August 26, 2024 6:40 PM

views 8

আকাশবাণীৰ ‘পাব্লিক স্পীক’ত আজি নিশা ৯.৩০ বজাত নেত্ৰদানৰ গুৰুত্ব সন্দৰ্ভত ডাঃ শিখা জৈনৰ সৈতে আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ন বজাত নেত্ৰ দানৰ গুৰুত্ব সন্দৰ্ভত ডাঃ ৰাম মনোহৰ লোহিয়া হাস্পতালৰ অফথেম'ল'জি বিভাগৰ মুখ্য চিকিৎসা বিষয়া ডাঃ শিখা জৈনৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০...

August 26, 2024 11:39 AM August 26, 2024 11:39 AM

views 64

আকাশবাণীৰ পাব্লিক স্পীকত আজি নেত্ৰ দানৰ গুৰুত্ব সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত নেত্ৰ দানৰ গুৰুত্ব সন্দৰ্ভত ডা০ ৰাম মনোহৰ লোহিয়া হাস্পতালৰ অফথেম'ল'জি বিভাগৰ মুখ্য চিকিৎসা বিষয়া ডা০ শিখা জৈনৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১...

August 26, 2024 11:37 AM August 26, 2024 11:37 AM

views 9

শোণিতপুৰ জিলাৰ শিঙৰীত বিভিন্ন কাৰ্যসূচীৰে ৮১ সংখ্যক বলিদান দিৱস উদযাপন

 শোণিতপুৰ জিলাৰ শিঙৰী লক্ষ্মীনাৰায়ণ মন্দিৰ প্ৰাংগণত আজাদ হিন্দ ফৌজৰ প্ৰথমগৰাকী শ্বহীদ মেজৰ দুর্গা মল্লৰ স্মৃতিত হাম্ৰ' প্রজাশক্তিৰ উদ্যোগত কালি বিভিন্ন কাৰ্যসূচীৰে ৮১ সংখ্যক বলিদান দিৱস উদযাপন কৰা হয়। ইয়াৰ লগতে ঠেলামৰাৰ বাপুজী ভৱনত ভাৰতীয় গোৰ্খা পৰিসংঘ শোণিতপুৰ জিলা সমিতিৰ তথা তেজপুৰত গোৰ্খা সন্...

August 26, 2024 11:27 AM August 26, 2024 11:27 AM

views 9

প্রাক্তন সাংসদ পল্লৱলোচন দাসক অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষৰূপে নিযুক্তি

প্রাক্তন সাংসদ পল্লৱলোচন দাসক অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে এই পদত বিজেপিৰ জ্যেষ্ঠ নেতা মিছন ৰঞ্জন দাসে কাৰ্যনিৰ্বাহ কৰিছিল। শেহতীয়াকৈ মিছন ৰঞ্জন দাসক ৰাজ্যসভালৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত তেওঁৰ স্থানত পল্লৱলোচন দাসক নিযুক্তি দিয়া হয় ।

August 26, 2024 11:23 AM August 26, 2024 11:23 AM

views 13

কাৰ্বি আংলঙৰ জিলাৰ উমৰ্টেলীত দুই কোটি টকা ব্যয় সাপেক্ষ এটি সমল কেন্দ্ৰৰ  আধাৰশিলা স্থাপন

পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ জিলা সদৰ হামৰেঙৰ উমৰ্টেলী ৰাজহ গাঁৱত মন্ত্ৰী ৰণজিত কুমাৰ দাসে নতুনকৈ নিৰ্মাণ হ'বলগীয়া জিলা সমল কেন্দ্ৰৰ কালি আধাৰশিলা স্থাপন কৰে। দুই কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া এই সমল কেন্দ্ৰটোৰ জৰিয়তে পাহাৰীয়া জিলাখনৰ আত্মসহায়ক গোটৰ লগতে অন্যান্য স্বনিৰ্ভৰশীল ...

August 26, 2024 11:18 AM August 26, 2024 11:18 AM

views 12

নগাঁৱত পৰীক্ষামূলকভাৱে ৰাজ্যৰ প্ৰথমটো আৱৰ্জনাময় পানী নিষ্কাষণ কেন্দ্ৰৰ উদ্বোধন

ৰাজ্যৰ নগৰাঞ্চলত থকা নলা-নৰ্দমাৰে বৈ যোৱা দুষিত পানী পৰিষ্কাৰ তথা প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ নগাঁৱত কালি পৰীক্ষামূলকভাৱে ৰাজ্যৰ প্ৰথমটো আৱৰ্জনাময় পানী নিষ্কাষণ কেন্দ্ৰৰ উদ্বোধন কৰা হয়। ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা, জনসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহালে নগাঁৱৰ ভূপেন হাজৰিকা মুকলি মঞ্চত অনুষ্ঠিত ৰাজহুৱা...

August 26, 2024 11:15 AM August 26, 2024 11:15 AM

views 12

ছাত্ৰ আৰু যুৱ কল্যাণৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ বৈঠক সম্পন্ন

ৰাজ্য চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী তথা ছাত্ৰ আৰু যুৱ কল্যাণৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষা নন্দিতা গাৰ্লোচা আৰু দক্ষতা, নিয়োগ, উদ্যমিতা বিভাগৰ মন্ত্ৰী তথা অসম এথলেটিকছ সন্থাৰ সভাপতি জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত কালি ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণ অসমৰ এখন বৈঠক অনু...

August 25, 2024 8:15 PM August 25, 2024 8:15 PM

views 10

পথ সুৰক্ষা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে যোৰহাটত বিশেষ সভা

পথ সুৰক্ষা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে যোৰহাটত এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আজি বিশেষ সভা অনুষ্ঠিত হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শ‍ইকীয়াই সভাত অংশগ্ৰহণ কৰি পথ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আইনী দিশসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ সচেতনতা বৃদ্ধিৰ জৰিয়তে সুৰক্ষিত পৰ...