আঞ্চলিক সংবাদ

August 26, 2024 8:46 PM August 26, 2024 8:46 PM

views 7

যোৰহাট জিলাত কৃষি বিষয়া কাৰ্যালয়ৰ এটা দলৰ জিলাখনৰ চৰহা পোকে নষ্ট কৰা কৃষিভূমি পৰিদৰ্শন

যোৰহাট জিলাত কৃষি বিষয়া কাৰ্যালয়ৰ এটা দলে আজি জিলাখনৰ বিভিন্ন অঞ্চলত চৰহা পোকে নষ্ট কৰা কৃষিভূমি পৰিদৰ্শন কৰে। কৃষি বিভাগৰ দলটোৰ তৰফৰ পৰা কৃষকৰ মাজত কীটনাশক ঔষধ বিতৰণ কৰাৰ লগতে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে সংহত কীট নিয়ন্ত্রণ পদ্ধতি প্ৰচাৰ কৰা হয়। দলটোৱে খেতি অনিষ্ট হোৱা এলেকাত উপস্থিত হৈ কৃষকৰ পৰা ক...

August 26, 2024 8:44 PM August 26, 2024 8:44 PM

views 7

তিনিচুকীয়াৰ ডুমডুমা এফ আৰ ইউত ২০খন বিছনাযুক্ত আছুতীয়া ভৱন উদ্বোধন

তিনিচুকীয়া জিলাৰ ডুমডুমা এফ আৰ ইউৰ সংলগ্ন ২০ খন বিছনাযুক্ত আছুতীয়া ভৱন আজি উদ্বোধন কৰা হয়। বিধায়ক ৰূপেশ গোৱালাই নৱনিৰ্মিত এই ভৱনটো উদ্বোধন কৰে। এই ভৱনটোৰ জৰিয়তে বৃহত্তৰ ডুমডুমা অঞ্চলৰ ৰাইজ উপকৃত হ'ব বুলি বিধায়কগৰাকীয়ে আশা প্রকাশ কৰে ।

August 26, 2024 8:43 PM August 26, 2024 8:43 PM

views 5

ডিফুত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ বিষয়াৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৈঠক

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি কাৰ্বি আংলঙৰ ডিফুত বিভাগটোৰ লগতে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে দুয়োটা বিভাগত কাম-কাজৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। এই সভাত কাৰ্বি আংলং স্বায়...

August 26, 2024 8:42 PM August 26, 2024 8:42 PM

views 9

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক এ আই ইউ ডি এফৰ সঁজাতী দলৰ সাক্ষাৎ

এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে সকলো সম্প্ৰদায়ৰ মাজত শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধ অটুট ৰাখিবলৈ ৰাজ্যবাসীলৈ আহ্বান জনাইছে। এ আই ইউ ডি এফৰ এটা সঁজাতী দলে আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক ৰাজভৱনত সাক্ষাৎ কৰি এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উজনি অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ এটা শ্ৰেণী...

August 26, 2024 8:41 PM August 26, 2024 8:41 PM

views 9

ৰাজ্যসভালৈ বিজেপিৰ ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস বিনাপ্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস বিনাপ্রতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে। আজি দুয়োগৰাকীয়ে ৰিটার্নিং বিষয়াৰ পৰা জয়ী হোৱাৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন প্রত্যাহাৰৰ আজি অন্তিম দিন আছিল। বিৰোধীয়ে প্ৰাৰ্থী প্ৰক্ষেপ নকৰাত বিজেপিৰ দুয়োগৰাকী ...

August 26, 2024 8:39 PM August 26, 2024 8:39 PM

views 14

ৰাজ্যত তৃতীয় বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষা ১৫ ছেপ্টেম্বৰত হ’ব বুলি নিযুক্তি আয়োগৰ ঘোষণা

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে তৃতীয় বৰ্গৰ পদৰ বাবে অসমৰ উচ্চতৰ মাধ্যমিক স্তৰৰ ৩ হাজাৰ ১২৭টা পদৰ লিখিত পৰীক্ষা অহা ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। পৰীক্ষাৰ্থীসকলে অহা ২ ছেপ্টেম্বৰৰ দিনৰ ১১ বজাৰ পৰা অসম মাধ্যমিক শিক্ষা পৰিষদৰ ৱেবছাইট www.site.sebaonline.org অথবা ৰাজ্য চৰকাৰৰ ৱেবছাইট ...

August 26, 2024 6:40 PM August 26, 2024 6:40 PM

views 8

আকাশবাণীৰ ‘পাব্লিক স্পীক’ত আজি নিশা ৯.৩০ বজাত নেত্ৰদানৰ গুৰুত্ব সন্দৰ্ভত ডাঃ শিখা জৈনৰ সৈতে আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ন বজাত নেত্ৰ দানৰ গুৰুত্ব সন্দৰ্ভত ডাঃ ৰাম মনোহৰ লোহিয়া হাস্পতালৰ অফথেম'ল'জি বিভাগৰ মুখ্য চিকিৎসা বিষয়া ডাঃ শিখা জৈনৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০...

August 26, 2024 11:39 AM August 26, 2024 11:39 AM

views 64

আকাশবাণীৰ পাব্লিক স্পীকত আজি নেত্ৰ দানৰ গুৰুত্ব সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত নেত্ৰ দানৰ গুৰুত্ব সন্দৰ্ভত ডা০ ৰাম মনোহৰ লোহিয়া হাস্পতালৰ অফথেম'ল'জি বিভাগৰ মুখ্য চিকিৎসা বিষয়া ডা০ শিখা জৈনৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১...

August 26, 2024 11:37 AM August 26, 2024 11:37 AM

views 9

শোণিতপুৰ জিলাৰ শিঙৰীত বিভিন্ন কাৰ্যসূচীৰে ৮১ সংখ্যক বলিদান দিৱস উদযাপন

 শোণিতপুৰ জিলাৰ শিঙৰী লক্ষ্মীনাৰায়ণ মন্দিৰ প্ৰাংগণত আজাদ হিন্দ ফৌজৰ প্ৰথমগৰাকী শ্বহীদ মেজৰ দুর্গা মল্লৰ স্মৃতিত হাম্ৰ' প্রজাশক্তিৰ উদ্যোগত কালি বিভিন্ন কাৰ্যসূচীৰে ৮১ সংখ্যক বলিদান দিৱস উদযাপন কৰা হয়। ইয়াৰ লগতে ঠেলামৰাৰ বাপুজী ভৱনত ভাৰতীয় গোৰ্খা পৰিসংঘ শোণিতপুৰ জিলা সমিতিৰ তথা তেজপুৰত গোৰ্খা সন্...

August 26, 2024 11:27 AM August 26, 2024 11:27 AM

views 9

প্রাক্তন সাংসদ পল্লৱলোচন দাসক অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষৰূপে নিযুক্তি

প্রাক্তন সাংসদ পল্লৱলোচন দাসক অসম ৰাজ্যিক পৰিবহন নিগমৰ অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে এই পদত বিজেপিৰ জ্যেষ্ঠ নেতা মিছন ৰঞ্জন দাসে কাৰ্যনিৰ্বাহ কৰিছিল। শেহতীয়াকৈ মিছন ৰঞ্জন দাসক ৰাজ্যসভালৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত তেওঁৰ স্থানত পল্লৱলোচন দাসক নিযুক্তি দিয়া হয় ।