আঞ্চলিক সংবাদ

August 26, 2024 9:02 PM August 26, 2024 9:02 PM

views 13

কাইলৈ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী

অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী কাইলৈ অনুষ্ঠিত হ'ব। কাইলৈ সংকল্প প্ৰস্তাৱ আৰু আন কেইবাখনো বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে। আনহাতে পৰহিলৈ পৰিপূৰক মঞ্জুৰিৰ বাবে দাবীসমূহৰ ওপৰত আলোচনা আৰু ভোটদান হ'ব। উল্লেখযোগ্য যে যোৱা ২২ আগষ্টত বিধানসভাৰ শৰৎকালীন অধিৱেশন অনুষ্ঠিত হয়। অৱশ্যে এইক...

August 26, 2024 9:00 PM August 26, 2024 9:00 PM

views 8

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা কাইলৈ দ্বীপ ৰাষ্ট্ৰ কিংডম অব্ টংগালৈ ৰাওনা হ’ব

লেটিন আমেৰিকাৰ পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণৰ পিছত বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা এইবাৰ কাইলৈ নতুন দিল্লীৰ পৰা দ্বীপ ৰাষ্ট্ৰ কিংডম অব্ টংগালৈ ৰাওনা হ'ব। এই ভ্ৰমণকালত সাংসদগৰাকীয়ে কেইবাখনো দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ উপৰি প্ৰশান্ত মহাসাগৰীয় দ্বীপ মঞ্চৰ সন্মিলনতো ভাষণ দিব। উল্লেখ্য যে ৫...

August 26, 2024 8:59 PM August 26, 2024 8:59 PM

views 10

কোকৰাঝাৰৰ হাব্ৰুবাৰীত অতিথিশালা আৰু টাউন হলৰ আধাৰশিলা স্থাপন মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ

বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে আজি কোকৰাঝাৰ নগৰৰ হাব্ৰুবাৰীত অতিথিশালা আৰু এটা টাউন হলৰ আধাৰশিলা স্থাপন কৰে। আধুনিক প্রযুক্তিৰে নিৰ্মাণ হ'বলগীয়া টাউন হলত প্ৰায় ৮০০ লোকে অংশগ্রহণ কৰিব পৰাৰ সুবিধা থাকিব। এই ভৱনটো নিৰ্মাণ ব্যয় প্রায় ২৪ কোটি টকা ধাৰ্য কৰা হৈছে। আনহাতে, অতিথিশালাটোৰ নি...

August 26, 2024 8:57 PM August 26, 2024 8:57 PM

views 6

প্ৰেছ ইনফৰমেচন ব্যুৰ’ আৰু এইমছ গুৱাহাটীৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত স্বাস্থ্য পৰীক্ষা শিবিৰ

প্ৰেছ ইনফৰমেচন ব্যুৰ’ আৰু এইমছ গুৱাহাটীৰ উদ্যোগত আজি সাংবাদিকসকলৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাবত দিনৰ ১১ বজাৰ পৰা এই স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। স্বাস্থ্য শিবিৰত ভালেকেইগৰাকী চিকিৎসা বিশেষজ্ঞই সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰে। এই শিবিৰত চকু, দাঁত,...

August 26, 2024 8:55 PM August 26, 2024 8:55 PM

views 8

ৰাজ্যত উলহ-মালহেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন

ৰাজ্যত উলহ-মালহেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে। সত্ৰপীঠ মাজুলীত পুৱাৰ পৰাই নাম-প্ৰসংগ, নৃত্য-গীত আদি পৰিৱেশন কৰা হয়। মাজুলীৰ ৩৫ খন সত্ৰ আৰু ৩ শতাধিক নামঘৰত উলহ-মালহেৰে জন্মাষ্টমী পালন কৰা হয়। জন্মাষ্টমী উপলক্ষে মাজুলীৰ কেইবাখনো শিক্ষানুষ্ঠানত কৃষ্ণ নৃত্য, দিহা নাম আদি বিভিন্ন কাৰ্যসূচী আয়...

August 26, 2024 8:54 PM August 26, 2024 8:54 PM

views 7

মাজুলীৰ গড়মূৰ বংশীগোপাল নাট্য মন্দিৰৰ ১০৫সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন

মাজুলীৰ গড়মূৰ বংশীগোপাল নাট্য মন্দিৰৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, নাট্য মন্দিৰৰ পতাকা উত্তোলনৰ লগতে প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীৰ প্ৰতিচ্ছবিত মাল্যর্পণ কৰা হয়। ইয়াৰ লগতে জিলাভিত্তিক চিত্...

August 26, 2024 8:52 PM August 26, 2024 8:52 PM

views 9

বিজেপিৰ ‘সদস্যতা অভিযান ২০২৪’ৰ সৈতে সংগতি ৰাখি নলবাৰীত কর্মশালা

ভাৰতীয় জনতা পাৰ্টীয়ে দলটোৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে অহা পহিলা ছেপ্তেম্বৰত আৰম্ভ কৰিবলগীয়া ‘সদস্যতা অভিযান ২০২৪’ৰ সৈতে সংগতি ৰাখি আজি নলবাৰীত এখন কর্মশালা অনুষ্ঠিত হয়। দক্ষতা বিকাশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা এই কর্মশালাত উপস্থিত থাকি অভিযান সন্দৰ্ভত আলোচনা কৰে আৰু দিহা-পৰামৰ্শ আগবঢ়...

August 26, 2024 8:50 PM August 26, 2024 8:50 PM

views 10

ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিশেষ বৈঠক

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ এখন বিশেষ বৈঠকত মিলিত হয়। বিদ্যালয়খনৰ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ কাৰ্যালয় মুকলি কৰি তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। ১৯৪৯ চনত স্থাপিত বিদ্যালয়খনৰ মহাৰ্জত জয়ন্তী উদযাপন সমাৰোহ অহা ৩১ অক্টোবৰত আৰম্ভ হ'ব। মন্ত্ৰীগৰাকীয়ে সংশ্লি...

August 26, 2024 8:49 PM August 26, 2024 8:49 PM

views 4

ডিব্ৰুগড়ত ২৯ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ ৫২সংখ্যক ৰাজ্যিক আন্তঃজিলা ভাৰোত্তোলন প্রতিযোগিতা

অসম ভাৰোত্তোলন সন্থাৰ তত্ত্বাৱধানত ডিব্ৰুগড়ত ২৯ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ ৫২সংখ্যক ৰাজ্যিক আন্তঃজিলা ভাৰোত্তোলন প্রতিযোগিতা অনুষ্ঠিত হ'ব। ১৭ বছৰ অনূৰ্ধ্বৰ যুৱ, ২০ বছৰ জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ খেলসমূহ পুৰুষ আৰু মহিলাৰ উভয়ৰ বাবে মুকলি থাকিব। উল্লেখযোগ্য যে এই প্রত...

August 26, 2024 8:47 PM August 26, 2024 8:47 PM

views 9

ৰাজ্যবাসীলৈ জন্মাষ্টমী উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যই জন্মাষ্টমী উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে কয় যে জন্মাষ্টমী হৈছে ধৰ্ম, কৰ্ম আৰু সত্যৰ প্ৰতিমূৰ্তি শ্ৰীকৃষ্ণৰ জন্মদিন উদ্‌যাপন কৰা এটা উপলক্ষ্য। ভগৱান শ্ৰীকৃষ্ণৰ পূজা-অৰ্চনাই মানৱ জাতিক সমৰ্পিত কৰাৰ বাবে অনুপ্ৰাণিত কৰে আৰু সত্...