আঞ্চলিক সংবাদ

September 27, 2024 1:26 PM

views 8

গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত আজি প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ কণ্ঠত গ্রামোফোন ৰেকৰ্ডত বাণীবদ্ধ হোৱা প্ৰথম অসমীয়া গীতৰ শতবার্ষিকী অনুষ্ঠান

আধুনিক অসমীয়া সংগীতক অনন্য মাত্ৰা প্ৰদান কৰা প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ কণ্ঠত গ্রামোফোন ৰেকৰ্ডত বাণীবদ্ধ হোৱা প্ৰথম অসমীয়া গীতৰ শতবার্ষিকী অনুষ্ঠান আজি বিয়লি গুৱাহাটীৰ দীঘলীপুখুৰীপাৰৰ অসম সাহিত্য সভাৰ লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত হ'ব। শ্রীশ্রীআউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে ...

September 27, 2024 1:24 PM

views 24

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতাৰ বাবে আৱেদন আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.inত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগত...

September 27, 2024 1:23 PM

views 31

ছত্তিশগড়ত অনুষ্ঠিত সৰ্বভাৰতীয় আৰক্ষী ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ ত্ৰিদীপ বৰুৱাৰ সোণৰ পদক অৰ্জন

ছত্তিশগড়ৰ ভিলাইত অনুষ্ঠিত সৰ্বভাৰতীয় আৰক্ষী ভাৰোত্তোলন প্রতিযোগিতাত অসমৰ ত্ৰিদীপ বৰুৱাই ৮১ কিলোগ্রাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰিছে। ইফালে মহিলাৰ ৫৯ কিলোগ্রাম ওজন শাখাত মনালিছা সোণোৱালে সোণৰ আৰু ৮৭ কিলোগ্রাম ওজন শাখাত মধুস্মিতা বৰুৱাই ৰূপৰ পদক লাভ কৰিছে ।

September 27, 2024 1:11 PM

views 17

পিতৃ-মাতৃৰ বন্দনা আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক ৬ আৰু ৮ নৱেম্বৰত বিশেষ ছুটী

পিতৃ-মাতৃৰ বন্দনা আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক এইবাৰো বিশেষ ছুটী প্ৰদান কৰা হ'ব। সেই অনুসৰি পিতৃ-মাতৃৰ সেৱা-শুশ্রূষাৰ বাবে ৬ আৰু ৮ নৱেম্বৰৰ দিন দুটা বিশেষ নৈমিত্তিক ছুটী হিচাপে মঞ্জুৰ কৰা হৈছে। চৰকাৰে জাৰি কৰা জাননীখনত লগতে কোৱা হৈছে যে ৭, ৯ আৰু ১০ নৱেম্বৰ দিনকেইটা যিহেতু চৰকাৰী বন্ধৰ দিন ...

September 27, 2024 1:10 PM

views 17

ৰাষ্ট্ৰজুৰি সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে ৯ কোটিৰো অধিক কাৰ্যসূচী ৰূপায়ণ

সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে সমগ্ৰ ৰাষ্ট্ৰজুৰি ৯ কোটিৰো অধিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। পুষ্টিহীনতা ৰোধ কৰা আৰু সৰ্বাংগীন কল্যাণৰ লক্ষ্যৰে এই বাৰ্ষিক অভিযানৰ অধীনত ৰক্তহীনতা দূৰীকৰণৰ বাবে এক কোটি ৮৮ লাখ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আনহাতে শিশুৰ বিকাশ নিৰীক্ষণৰ লক্ষ্যৰে এক কোটি ৬৮ লাখ আৰু পৰিপূৰক...

September 27, 2024 1:08 PM

views 23

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱাত কৃষক, মধ্যবিত্ত শ্ৰেণী, মহিলা আৰু যুৱক-যুৱতীৰ বিকাশৰ বাবে বিভিন্ন আঁচনি মুকলি

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হৈছে। এই সময়ছোৱাত চৰকাৰে আন্তঃগাঁথনি, কৃষক, মধ্যবিত্ত শ্ৰেণী মহিলা আৰু যুৱক-যুৱতীৰ বিকাশত গুৰুত্ব আৰোপ কৰি ১৫ লাখ কোটি টকাৰ বিভিন্ন আঁচনি মুকলি কৰিছে। চৰকাৰে সামাজিক, আর্থিক আৰু ন্যায়িক সবলীকৰণত বিশেষ গুৰুত্ব আৰোপ কৰিছে। চৰকাৰে ঔপনি...

September 27, 2024 1:07 PM

views 13

ৰাজ্যৰ ভিন্ন স্থানত আই ই ডি সদৃশ সামগ্ৰী সংস্থাপনৰ মূল অভিযুক্তক এন আই এৰ গ্ৰেপ্তাৰ

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (এন আই এ)ই ৰাজ্যখনৰ বিভিন্ন স্থানত আই ই ডি সদৃশ সামগ্ৰী সংস্থাপনৰ ঘটনাৰ মূল অভিযুক্তজনক কালি গ্ৰেপ্তাৰ কৰে। গিৰীশ বৰুৱা ওৰফে গৌতম বৰুৱা নামৰ এই লোকজনক বেংগালুৰুৰ উপকণ্ঠ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। চলিত বছৰৰ স্বাধীনতা দিৱস উদযাপনৰ প্ৰতিবাদ জনাই উগ্ৰপন্থী সংগঠন আলফা স্বাধ...

September 27, 2024 1:06 PM

views 29

গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত আজিৰ পৰা ১৮ অক্টোবৰলৈ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলা

গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত আজিৰ পৰা অহা ১৮ অক্টোবৰলৈ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী বাণিজ্য মেলা অনুষ্ঠিত হৈছে। উত্তৰ-পূব ভাৰতৰ আটাইতকৈ বৃহৎ আৰু পুৰণি বাণিজ্যিক প্রদর্শনী হিচাপে পৰিগণিত হোৱা এই মেলাত এইবাৰ থাইলেণ্ড, তুৰস্ক, আফগানিস্তান, ডুবাই, কোৰিয়া আৰু বাংলাদেশকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্ত...

September 27, 2024 1:04 PM

views 30

শাৰদীয় দুর্গা পূজা উদযাপনৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নীতি-নিৰ্দেশনা জাৰি

কামৰূপ মহানগৰ জিলা প্ৰশাসনে সমাগত শাৰদীয় দুর্গা পূজা সুকলমে উদযাপনৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। প্ৰশাসনে পূজা সমিতিসমূহক জনসাধাৰণৰ সুৰক্ষাৰ সৈতে জড়িত এই নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে। এই অনুসৰি পূজা মণ্ডপ নির্মাণত বিশেষকৈ বৈদ্যুতিক কাম-কাজৰ ক্ষেত্ৰত অত্যন্ত সাৱধা...

September 27, 2024 1:02 PM

views 18

ৰাজ্যৰ ভিন্ন স্থানত ৰেবিজ ৰোগৰ বিপদ সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিশ্ব ৰেবিজ সপ্তাহ পালন

শিশুসকলৰ মাজত কুকুৰৰ সৈতে স্বাস্থ্যকৰ সম্পৰ্ক গঢ়ি তোলাৰ লগতে ৰেবিজ ৰোগৰ বিপদ সম্পৰ্কে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিশ্ব ৰেবিজ সপ্তাহ পালন কৰা হৈছে। ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে শোণিতপুৰ জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে মাকলিঅ'ড ৰাছেল, মিছন ৰেবিজ আৰু ডব্লিউ ডব্লিউ এফৰ সহযোগত বিশ্ব ৰেবিজ সপ্তাহ উদযাপন ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।