আঞ্চলিক সংবাদ

September 3, 2024 7:19 PM September 3, 2024 7:19 PM

views 11

আৰোহণ আঁচনিৰ অধীনত বৰপেটা শিক্ষা চক্ৰৰ ২৬২ গৰাকী ছাত্রী-ছাত্ৰীক শিক্ষামূলক ভ্ৰমণৰ অংশ হিচাপে গুৱাহাটী ভ্ৰমণ

ৰাজ্য চৰকাৰৰ আৰোহণ আঁচনিৰ অধীনত বৰপেটা শিক্ষা চক্ৰৰ ২৬২ গৰাকী ছাত্রী-ছাত্ৰীক শিক্ষামূলক ভ্ৰমণৰ অংশ হিচাপে আজি গুৱাহাটী ভ্ৰমণ কৰোৱা হয়। এই ভ্ৰমণৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলক আই আই টি গুৱাহাটী, এইমছ, ৰাজ্যিক সংগ্ৰহালয়, বায়'টেক পার্ক, প্লেনেটেৰিয়াম, চিৰিয়াখানা, আর্মী ষ্টেচন, কলাক্ষেত্র, আঞ্চলিক বি...

September 3, 2024 7:17 PM September 3, 2024 7:17 PM

views 9

বক্সিং খেলুৱৈ লাভলীনা বৰগোহাঁইৰ সৈতে মুখ্যমন্ত্রীৰ সৌহাদ্যপূর্ণ সাক্ষাৎ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ কইনাধৰাত থকা এক নম্বৰ ৰাজ্যিক অতিথিশালাত বক্সিং খেলুৱৈ লাভলীনা বৰগোহাঁইৰ সৈতে সৌহাদ্যপূর্ণ সাক্ষাতত মিলিত হয়। বার্তালাপত মুখ্যমন্ত্ৰীয়ে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰি অসমলৈ উভতি অহা লাভলীনাক ভৱিষ্যৎ ক্রীড়া জীৱনৰ বাবে আন্তৰিক শুভ কামনা জ্ঞাপন কৰে।

September 3, 2024 6:57 PM September 3, 2024 6:57 PM

views 17

যোৰহাটত জিলা আয়ুক্ত আৰু কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে কৃষি মন্ত্ৰী অতুল বৰাৰ বৈঠক

কৃষি মন্ত্ৰী অতুল বৰাই আজি যোৰহাটত উপস্থিত হৈ জিলা আয়ুক্ত আৰু কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে যোৰহাট জিলাৰ ৩৫ খন গাঁৱত ৩১৯ হেক্টৰ ধাননিত ৰাইচ হিছপা নামৰ চৰহা পোকৰ আক্ৰমণৰ বাবে জিলাখনৰ ৫৮৯ গৰাকী কৃষক সমস্যাৰ সন্মুখীন হৈছে। সেয়েহে সমগ্র বিষয়টোৰ শেহতীয়া দিশৰ বুজ লোৱা...

September 3, 2024 7:02 PM September 3, 2024 7:02 PM

views 9

১৪ ছেপ্তেম্বৰত শোণিতপুৰ জিলা আদালৰ প্রাংগনত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব

শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অহা ১৪ ছেপ্তেম্বৰত শোণিতপুৰ জিলা আদালত প্রাংগনত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। এই বিশেষ লোক আদালতত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ, যান-বাহন তথা আবকাৰী গোচৰ আৰু ফৌজদাৰী গোচৰসমূহ নিষ্পত্তি কৰা হ'ব। লোক আদালতৰ বিশেষত্ব হৈছে খৰতকীয়াকৈ গোচৰ নিষ্পত্তি কৰা। দে...

September 3, 2024 6:51 PM September 3, 2024 6:51 PM

views 3

যোৰহাট-তিতাবৰ পানীযোগান আঁচনিৰ অধীনত ৬টা বিশুদ্ধ খোৱাপানী যোগান আঁচনি উদ্বোধন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি যোৰহাট-তিতাবৰ পানীযোগান আঁচনিৰ অধীনত ৬টা বিশুদ্ধ খোৱাপানী যোগান আঁচনি উদ্বোধন কৰে। অসম-নাগালেণ্ড সীমান্তত অৱস্থিত এই পানীযোগান আঁচনিয়ে ৬৮২টা পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগান ধৰিব।

September 3, 2024 6:57 PM September 3, 2024 6:57 PM

views 12

গোলাঘাটৰ জিলা আয়ুক্ত ডা০ উদয় প্রবীণৰ সভাপতিত্বত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্রধানমন্ত্রী আদর্শ গ্রাম যোজনাৰ সভা

গোলাঘাটৰ জিলা আয়ুক্ত ডা০ উদয় প্রবীণৰ সভাপতিত্বত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্রধানমন্ত্রী আদর্শ গ্রাম যোজনা এখন সভা অনুষ্ঠিত হয়। সভাখনত এই আঁচনিখনৰ কাম-কাজ আৰু অগ্ৰগতিৰ খতিয়ান লোৱা হয়। জিলা আয়ুক্তগৰাকীয়ে এই যোজনাৰ বাবে নিৰ্বাচিত হিতাধিকাৰীসকলক প্ৰদান কৰিবলগীয়া সুবিধাসমূহ ৭ ছেপ্তেম্ব...

September 3, 2024 6:45 PM September 3, 2024 6:45 PM

views 12

অসমৰ প্ৰাক্তন ৰাজ্যপাল তথা বর্তমান পাঞ্জাবৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক আজি অসম চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা

অসমৰ প্ৰাক্তন ৰাজ্যপাল তথা বর্তমান পাঞ্জাবৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক আজি অসম চৰকাৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। পঞ্চায়ত তথা গ্রামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পাঞ্জাবৰ ৰাজভৱনত শ্ৰী কাটাৰিয়াক সাক্ষাৎ কৰি এখন ফুলাম গামোচা আৰু শৰাইৰ লগতে মু...

September 3, 2024 7:04 PM September 3, 2024 7:04 PM

views 23

বিজেপিৰ সদস্যভৰ্তি অভিযানৰ অধীনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদস্যপদ নবীকৰণ কৰি অসমতো এই অভিযানৰ আৰম্ভণি কৰে

ভাৰতীয় জনতা পাৰ্টীয়ে দেশজুৰি আৰম্ভ কৰা সদস্যভৰ্তি অভিযানৰ অধীনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি সদস্যপদ নবীকৰণ কৰি অসমত এই অভিযানৰ আৰম্ভণি কৰে। সেই অনুসৰি আজি সাধাৰণ সম্পাদক তথা সদস্যভর্তি অভিযান, ২০২৪-ৰ আহ্বায়ক পল্লৱলোচন দাসৰ তত্বাৱধানত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত...

September 3, 2024 5:46 PM September 3, 2024 5:46 PM

views 16

সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপত গুৱাহাটীৰ চিটী দবা সন্থাৰ খেলুৱৈসকলৰ দর্শনীয় প্রদর্শন

গুৱাহাটীত যোৱা ৩০ আগষ্টৰ পৰা ১ ছেপ্তেম্বৰলৈ অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধৰ সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপত গুৱাহাটীৰ চিটী দবা সন্থাৰ খেলুৱৈসকলে দর্শনীয় প্রদর্শন আগবঢ়ায়। ল'ৰা আৰু ছোৱালীৰ শাখাত অভিৰূপ শ‍ইকীয়া আৰু চাৰবী চৌধুৰীয়ে বিজয়ীৰ সন্মান লাভ কৰে। ইপিনে, জুনিয়ৰ ল'ৰাৰ শাখাত প্ৰাণ গোবিন্দ পৰাশৰ...

September 3, 2024 5:44 PM September 3, 2024 5:44 PM

views 9

খিলঞ্জীয়া মুছলমানৰ অধিকাৰৰ হকে সংগ্রাম অব্যাহত ৰখা দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ সঁজাতি দলৰ শিৱসাগৰ ভ্ৰমণ

খিলঞ্জীয়া মুছলমানৰ অধিকাৰৰ হকে সংগ্রাম অব্যাহত ৰখা দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ এটা সঁজাতি দলে আজি শিৱসাগৰ ভ্ৰমণ কৰে। সংগঠনটোৰ সভাপতি ইছলামুল হক মণ্ডলৰ নেতৃত্বত অহা ৪ জনীয়া দলটোৱে আজি এখন সংবাদমেল সম্বোধন কৰি দেশী, গৰিয়া-মৰিয়া, চৈয়দ আৰু জলহা খিলঞ্জীয়া মুছলমানসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী উত...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।