আঞ্চলিক সংবাদ

September 30, 2024 8:55 PM

views 13

ইটানগৰত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৭টা আঞ্চলিক গ্রাম্য বেংকৰ কাম-কাজৰ পৰ্যালোচনা

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে আজি অৰুণাচল প্ৰদেশৰ ইটানগৰত অৰুণাচল, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাক সামৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৭টা আঞ্চলিক গ্রাম্য বেংকৰ কাম-কাজৰ পৰ্যালোচনা কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত আয়োজিত বৈঠকত আঞ্চলিক গ্রাম্য বেংক আৰু পৃষ্ঠপোষক বেংকসম...

September 30, 2024 8:53 PM

views 23

সোণাপুৰত চলোৱা উচ্ছেদ অভিযান সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

উচ্চতম ন্যায়ালয়ে আজি অসম চৰকাৰক অলপতে সোণাপুৰত চলোৱা উচ্ছেদ অভিযান সন্দৰ্ভত জাননী জাৰি কৰিছে। এই জাননীত ন্যায়ালয়ে উচ্ছেদ এই ঘটনাই যোৱা ১৭ ছেপ্টেম্বৰত সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰা অন্তৰ্ৱৰ্তী আদেশ উলংঘা কৰা বুলি প্ৰকাশ কৰিছে। এই আদেশত ন্যায়ালয়ে আদালতৰ আগতীয়া অনুমতি অবিহনে কোনোধৰণৰ উচ্ছেদ কাৰ্...

September 30, 2024 8:49 PM

views 12

অসমত বিজেপিৰ সদস্যভৰ্তি অভিযান সফলতাৰে ৰূপায়ণঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমত ভাৰতীয় জনতা পাৰ্টীৰ সদস্যভৰ্তি অভিযান সফলতাৰে ৰূপায়ণ হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ৰাজ্যত বৰ্তমানলৈ ৫২ লাখ লোকে অনলাইনযোগে বিজেপিত যোগদান কৰিছে। দেশৰ ভিতৰত ৮৫ শতাংশ সদস্যতাৰ লক্ষ্য প্রাপ্তিৰে নজিৰ স্থাপন কৰাৰ লগতে ৰাজ্যৰ ৭১টা বিধানসভা সমষ্টিত নিৰ্ধাৰিত ৪০ হাজাৰতকৈ অ...

September 30, 2024 8:48 PM

views 22

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত কুইজ প্রতিযোগিতা

দেশজুৰি চলি থকা স্বচ্ছতা হি সেৱা কাৰ্যসূচীৰ লগত সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত এখন কুইজ প্রতিযোগিতাৰ আয়োজন কৰে। পৰিচ্ছন্নতাৰ বিষয়ত ছাত্ৰীসকলক সজাগ-সচেতন কৰি তোলাৰ লগতে নৱপ্ৰজন্মৰ মাজত আকাশবাণীৰ জনপ...

September 30, 2024 8:47 PM

views 21

বিশিষ্ট চলচ্চিত্র অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদা চাহেব ফাল্কে বঁটা

বিশিষ্ট চলচ্চিত্র অভিনেতা মিথুন চক্ৰৱৰ্তীক অহা মাহত হ’বলগীয়া ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ'ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰি কয় যে, কলকাতাৰ পদপথৰ পৰা চলচ্চিত্ৰ জগতৰ উচ্চ শিখৰলৈ অভিনেতাগৰাকীৰ উল্লেখনীয় যাত্ৰাই নৱ-প্ৰজন্ম...

September 30, 2024 8:45 PM

views 16

ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প কাইলৈ পৰ্যটকৰ বাবে মুকলি

ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প পৰ্যটকৰ বাবে কাইলৈ মুকলি কৰা হ'ব। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ এটা খৰ্গযুক্ত গঁড়ৰ বিচৰণথলী আৰু মাটিকালিৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰতে বাঘৰ ঘন বসতি থকা এই উদ্যানখন মুকলি কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন হৈছে। উদ্যানখনৰ পথসমূহ মেৰামতি কৰি জীপ ছাফাৰীৰ বাবে উপযোগী কৰি তো...

September 30, 2024 8:43 PM

views 23

সাংবাদিকক ড্ৰাগছৰ বিৰুদ্ধে বাতৰি প্ৰকাশ আৰু নিজ অঞ্চলত সজাগতা সৃষ্টি কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বান

মন্ত্রী পীযুষ হাজৰিকাই আজি গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ড্ৰাগছৰ ভয়াৱহতা সম্পৰ্কীয় এটি অনুষ্ঠানত অংশ লয়। বিভিন্ন জিলাৰ পৰা অহা সাংবাদিকসকলৰ সৈতেও তেওঁ অনুষ্ঠানত মত বিনিময় কৰে। তেওঁ সাংবাদিকসকলক ড্ৰাগছৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰাৰ লগতে নিজ নিজ অঞ্চলত সজাগতা সৃষ্টিৰ ক্ষ...

September 30, 2024 7:13 PM

views 18

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ২৫,২৩৮গৰাকী উদ্যোগীক প্রথম কিস্তিৰ ধন প্ৰদান

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত বাছনি লাভ কৰা ২৫ হাজাৰ ২৩৮ গৰাকী উদ্যোগীক আজি প্রথম কিস্তি হিচাপে ৭৫ হাজাৰ টকাকৈ বিতৰণৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই প্ৰক্ৰিয়াত ৫১০ কোটি টকা ব্যয় হ'ব। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি অনুষ্ঠিত কার্যসূচীত মুখ্যমন্ত্রী হি...

September 30, 2024 7:18 PM

views 12

মুম্বাই বন্দৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ‘Cruise Bharat Mission মুকলি

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মুম্বাই বন্দৰৰ পৰা ‘Cruise Bharat Mission’ মুকলি কৰে। এই অনুষ্ঠানত দপ্তৰটোৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শান্তনু ঠাকুৰো উপস্থিত থাকে। ‘Cruise Bharat Mission’-এ প্ৰমোদতৰী পৰ্যটনৰ ক্ষেত্ৰত দেশক গোলকীয় হাব হিচাপে প্রতিষ্ঠিত কৰা আৰু বিশ্ব মানচ...

September 30, 2024 7:08 PM

views 29

ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে ২১খন জিলাত ৩৯খন সমজিলা ঘোষণা

ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে ২১ খন জিলাত ৩৯ খন সমজিলা ঘোষণা কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যই এখন জাননীৰ জৰিয়তে অহা ৪ অক্টোবৰৰ পৰা এই সমজিলাসমূহ কাৰ্যকৰী হ'ব বুলি প্ৰকাশ কৰিছে। জাননী অনুসৰি ধুবুৰী জিলাৰ বিলাসীপাৰা আৰু গোলকগঞ্জক সমজিলা হিচাপে স্বীকৃতি দিয়া হৈছে।...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।