আঞ্চলিক সংবাদ

September 5, 2024 6:10 PM September 5, 2024 6:10 PM

views 10

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণৰ সিদ্ধান্ত অসম মন্ত্রীসভাৰ

অসম মন্ত্রীসভাই ৰাজ্যখনৰ ভূমি, থলুৱা জনগোষ্ঠীসমূহৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ বাবে অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বিপ্ল...

September 5, 2024 6:08 PM September 5, 2024 6:08 PM

views 2

দেশৰ বিভিন্ন ঠাইৰ লগতে অসমতো শিক্ষক দিৱস পালন

দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি শিক্ষক দিৱস পালন কৰা হৈছে। শিক্ষাবিদ তথা প্রাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৫ ছেপ্তেম্বৰত এই দিৱস পালন কৰা হয়৷ দেশত ১৯৬২ চনৰ ৫ ছেপ্তেম্বৰত প্ৰথম শিক্ষক দিৱস অনুষ্ঠিত হৈছিল আৰু ১৯৭২ চনৰে পৰা চৰকাৰীভাৱে এই দিৱস পালন ক...

September 5, 2024 12:49 PM September 5, 2024 12:49 PM

views 9

অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা কৰিছে। শিক্ষা ঋণৰ ক্ষেত্ৰত ৫০ হাজাৰ টকা পর্যন্ত ৰাজসাহায্য প্রদানেৰে শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লাঘৱ কৰাৰ উদ্দেশ্যে গ্রহণ কৰা এই আঁচনিখনৰ প'ৰ্টেলতো আজিৰ পৰা ২০ অক্টোবৰলৈ ৪৫ দিনৰ বাবে খোল...

September 5, 2024 12:47 PM September 5, 2024 12:47 PM

views 14

ডিব্ৰুগড়ত আজি মুখ্যমন্ত্রীৰ ইস্কন মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উজনি অসম ভ্ৰমণৰ অংশ হিচাপে আজি ডিব্ৰুগড় জিলাৰ জীৱন নগৰত ইস্কন মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া শিক্ষক দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব...

September 5, 2024 12:39 PM September 5, 2024 12:39 PM

views 10

ডিগবৈ তেল শোধনাগাৰ পৰিদৰ্শন দুর্গাদাস উইকেইৰ

কেন্দ্রীয় জনজাতীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰী দুর্গাদাস উইকেই আজি ডিগবৈ তেল শোধনাগাৰ পৰিদৰ্শন কৰিব । দুদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়াত উপস্থিত হোৱা কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত জিলাখনত চলি থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজৰ পৰ্যালোচনা কৰে। বৈঠকত শ্রীউইকেই ...

September 5, 2024 12:32 PM September 5, 2024 12:32 PM

views 5

ৰাজ্যৰ ৩১খন উচ্চ শিক্ষানুষ্ঠানলৈ মুঠ ২২৯ কোটি ৯ লাখ ৫৫ হাজাৰ টকাৰ পুঁজি আবণ্টন

প্রধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান আঁচনিৰ অধীনত ৰাজ্যৰ ৩১খন উচ্চ শিক্ষানুষ্ঠানলৈ মুঠ ২২৯ কোটি ৯ লাখ ৫৫ হাজাৰ টকাৰ পুঁজি আবণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই আঁচনিৰ জৰিয়তে বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়ৰ অধীনত ডি...

September 5, 2024 12:30 PM September 5, 2024 12:30 PM

views 11

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত ৬৩ সংখ্যক শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান

দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি শিক্ষক দিৱস পালন কৰা হৈছে। শিক্ষাবিদ তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডº সর্বেপল্লী ৰাধাকৃষ্ণণৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ৫ ছেপ্তেম্বৰত এই দিৱস পালন কৰা হয়। দেশত ১৯৬২ চনৰ ৫ ছেপ্তেম্বৰত প্ৰথম শিক্ষক দিৱস অনুষ্ঠিত হৈছিল আৰু ১৯৭২ চনৰে পৰা চৰকাৰীভাৱে এই দিৱস পালন ক...

September 5, 2024 12:26 PM September 5, 2024 12:26 PM

views 15

অহা ২ অক্টোবৰৰ পৰা কাম আৰম্ভ কৰিব পৰাকৈ ৰাজ্যৰ ৩৯ খন উপ-জিলা গঠনত কেবিনেটৰ অনুমোদন

ৰাজ্য চৰকাৰৰ কোনো কৰ্মচাৰীৰ দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হ'লে নাইবা দুৰ্ঘটনাৰ ফলত সম্পূৰ্ণৰূপে শাৰীৰিক অক্ষম হৈ পৰিলে এক কোটি টকা বীমা প্রিমিয়াম হিচাপে আগবঢ়াবলৈ ভাৰতীয় ষ্টেট বেংক আৰু অন্য বেংকসমূহৰ সৈতে চৰকাৰে চুক্তি স্বাক্ষৰ কৰিব। কালি লখিমপুৰত অনুষ্ঠিত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত...

September 4, 2024 7:15 PM September 4, 2024 7:15 PM

views 20

লখিমপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

লখিমপুৰত আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হয়। চাৰিদিনীয়া ভ্রমণসূচীৰে ৫ খন জিলালৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কালি বিয়লি লখিমপুৰত উপস্থিত হয়। কেবিনেটৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে লখিমপুৰ জিলাৰ চাবতিত নির্মীয়মান আন্তঃৰাজ্যিক বাছ আস্...

September 4, 2024 6:53 PM September 4, 2024 6:53 PM

views 8

কাইলৈৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ নতুন বুলেটিন প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ পুৱা ৭ বাজি ৫৫ মিনিটৰ পৰা ৫ মিনিটৰ এখন নতুন বুলেটিন প্ৰচাৰ কৰিব। কাইলৈ শিক্ষক দিৱসৰ পৰাই ডিব্ৰুগড় আৰু কাষৰীয়া জিলাসমূহৰ শ্ৰোতাসকলৰ আগ্ৰহৰ প্ৰতি সঁহাৰি জনাই এই বুলেটিন প্ৰচাৰ কৰা হ'ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।