আঞ্চলিক সংবাদ

October 3, 2024 12:48 PM

views 14

ৰাজ্যত কাইলৈ ২১খন, ৫ অক্টোবৰত ১৮খন সমজিলা আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব

ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে ২১খন জিলাত ৩৯খন সমজিলা কাইলৈ আৰু পৰহিলৈ পৰ্যায়ক্রমে উদ্বোধন কৰা হ'ব। সেই অনুসৰি কাইলৈ ২১খন সমজিলা আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে ৫ অক্টোবৰত ১৮খন সমজিলাক মৰ্যাদা প্ৰদান কৰা হ'ব। ইয়াৰ পূৰ্বে এই সম্পৰ্কীয় জাননীখনত কোৱা হৈছিল যে ধুবুৰী জিলাৰ বিল...

October 3, 2024 12:47 PM

views 20

ইতিহাসপ্রসিদ্ধ শিৱসাগৰ নগৰৰ বৰপুখুৰীৰ চৌপাশ সৌন্দর্যবর্ধনৰ বাবে অভিলাষী প্রকল্প গ্রহণ

ইতিহাসপ্রসিদ্ধ শিৱসাগৰ নগৰৰ বৰপুখুৰীৰ চৌপাশ সৌন্দর্যবর্ধনৰ বাবে এক অভিলাষী প্রকল্প গ্রহণ কৰা হৈছে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কালি এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ২০ কোটি ১৩ লাখ টকা ব্যয় সাপেক্ষে এই প্ৰকল্পৰ অধীনত শিৱসাগৰ নগৰৰ দৌলমুখ চাৰিআলিৰ পৰা নগৰখন নতুন ৰূপত সজাই তোলা হ'ব। তদুপৰি বৰপুখুৰীৰ চা...

October 3, 2024 12:46 PM

views 23

দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা ধৰ্মীয় উৎসাহ-উদ্দীপনাৰে নৱৰাত্ৰি আৰম্ভ

দেৱী দুৰ্গাক আৰাধনাৰ বাবে আজি শুক্লা প্ৰতিপদৰ পৰা ধৰ্মীয় উৎসাহ-উদ্দীপনাৰে নৱৰাত্ৰি পূজা আৰম্ভ হৈছে। নৱৰাত্ৰিৰ সময়ত ভক্তসকলে দেৱী দুৰ্গাৰ ৯টা ৰূপক পূজা-অৰ্চনা কৰে। প্ৰথম দিনা শৈলপুত্ৰী হিচাপে মা দুৰ্গাক আৰাধনা কৰা হয়। ইয়াৰ পাছত ক্ৰমান্বয়ে ব্ৰহ্মচাৰিণী, চন্দ্রঘণ্টা, কুষ্মাণ্ড, স্কন্দমাতা, কাত্যায...

October 3, 2024 12:45 PM

views 24

বৰপেটা সদৰ থানাত নতুনকৈ গঠিত নাগৰিক সমিতিৰ প্ৰথমখন বৈঠক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ থানাসমূহত থানা পৰ্যায়ৰ নাগৰিক সমিতি নতুনকৈ গঠন কৰা হৈছে। বৰপেটা সদৰ আৰক্ষী থানাতো নতুনকৈ গঠন কৰা নাগৰিক সমিতিৰ প্ৰথমখন বৈঠক কালি অনুষ্ঠিত হয়। বৰপেটা আইন মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পোৱা ড্ৰাগছৰ প্ৰচলন, বাল্য...

October 3, 2024 12:44 PM

views 20

জটিল ৰোগত আক্ৰান্ত ১৮ বছৰ অনূৰ্ধ্বৰ ১৪টি শিশুক উন্নত চিকিৎসাৰ বাবে বাংগালুৰু আৰু মুম্বাইলৈ প্ৰেৰণ

জন্মগতভাৱে হৃদপিণ্ডৰ জটিল ৰোগত আক্ৰান্ত ১৮ বছৰ অনূৰ্ধ্বৰ ৰাজ্যৰ ১৪টি শিশুক কালি উন্নত চিকিৎসাৰ বাবে বাংগালুৰু আৰু মুম্বাইৰ নাৰায়ণা হৃদয়ালয়লৈ প্ৰেৰণ কৰা হৈছে। মন্ত্ৰী কেশৱ মহন্তই কালি ৰাওনা হোৱাৰ পূৰ্বে শিশুকেইটিক গুৱাহাটী চিকিৎ‍সা মহাবিদ্যালয় হাস্পতালত সাক্ষাৎ কৰে। তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিমন...

October 3, 2024 12:42 PM

views 29

ৰাজ্যৰ আনন্দৰাম বৰুৱা নগদ ধন প্ৰদান আঁচনিত আৱেদন কৰা ৯৮২গৰাকী শিক্ষাৰ্থীৰ বেংক একাউণ্টৰ তথ্যত বিসংগতি

ৰাজ্য চৰকাৰৰ আনন্দৰাম বৰুৱা নগদ ধন প্ৰদান আঁচনিৰ অধীনত আবেদন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত ৯৮২ গৰাকীৰ বেংক একাউণ্টৰ তথ্যত বিসংগতি ধৰা পৰিছে। সেয়েহে মাধ্যমিক শিক্ষা সঞ্চালকে শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলক এই ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে যোগাযোগ কৰি ৫ অক্টোবৰৰ ভিতৰত বেংক একাউণ্টৰ শুদ্ধ তথ্যসহ নতুনকৈ আবেদন দাখি...

October 3, 2024 12:41 PM

views 17

ভাৰত ভ্ৰমণলৈ যোৱা ৰাজ্যৰ ৪৯গৰাকী তীর্থযাত্ৰী দ্বাৰকা ৰে’ল ষ্টেচনৰ সমীপৰ ভাৰত সেৱাশ্ৰম সংঘত আবদ্ধ

ভাৰত ভ্ৰমণলৈ যোৱা অসমৰ ৪৯ গৰাকী তীর্থযাত্ৰীৰ দল এটা দ্বাৰকা ৰে'ল ষ্টেচনৰ সমীপৰ ভাৰত সেৱাশ্ৰম সংঘত আবদ্ধ হৈ আছে। বজালী জিলাৰ সদৰ পাঠশালাৰ পৰা এই তীর্থযাত্ৰীসকল যোৱা ২৩ ছেপ্তেম্বৰত দ্বাৰকালৈ গৈছিল। দ্বাৰকাৰ বিভিন্ন ঠাই দৰ্শনৰ মাজতে তীর্থযাত্ৰীসকলৰ কেইবাগৰাকীও খাদ্য বিষক্রিয়াত আক্রান্ত হয়। ফলত তেওঁলো...

October 3, 2024 12:36 PM

views 27

ৰাজ্যৰ ৮ বিধ সামগ্ৰীৰ কেন্দ্ৰীয় চৰকাৰৰ জি আই টেগৰ স্বীকৃতি লাভ

ৰাজ্যৰ ৮ বিধ সামগ্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ জি আই টেগৰ স্বীকৃতি লাভ কৰিছে। বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বস্ত্ৰ আৰনাই আৰু পৰম্পৰাগত পানীয় জৌ গৈৰান, মাইব্ৰা জৌ বিদৈ, জৌ গিচি, শুকান মাছৰ পৰা প্ৰস্তুত কৰা জনগোষ্ঠীয় খাদ্য বড়ো নাফামা আৰু বড়োসকলৰ পৰম্পৰাগত খাদ্য অগুলা বড়ো গৌখা আৰু বড়ো নাৰ্জিলৈ ভাৰত চৰকাৰৰ ...

October 3, 2024 12:34 PM

views 22

কৰিমগঞ্জ জিলাত কৰ্মৰত চিকিৎসকসকলক কৰ্তব্যৰ সময়ত ব্যক্তিগত চিকিৎসা আগবঢ়োৱাৰ পৰা বিৰত থকাৰ নির্দেশ

ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি কৰিমগঞ্জ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে জিলাখনত কৰ্মৰত চিকিৎসকসকলক কৰ্তব্যৰ সময়ত ব্যক্তিগত চিকিৎসা আগবঢ়োৱাৰ পৰা বিৰত থাকিবলৈ নির্দেশ দিছে। যুটীয়া সঞ্চালকগৰাকীয়ে লগতে জনায় যে কৰিমগঞ্জ জিলাৰ সকলো ব্যক্তিগত চিকিৎসা প্রতিষ্ঠানে তেওঁলোকৰ প্ৰতিষ্ঠানত কৰ্...

October 3, 2024 12:32 PM

views 16

মাজুলীৰ আউনীআটী সত্ৰৰ বেতৰ বিচনীৰ ঔদ্যোগিকীকৰণৰ লক্ষ্যৰে স্থায়ী প্রশিক্ষণ কেন্দ্র মুকলি

মাজুলীৰ আউনীআটী সত্ৰৰ বেতৰ বিচনীৰ ঔদ্যোগিকীকৰণৰ লক্ষ্যৰে স্বেচ্চাসেৱী সংগঠন মাজুলীৰ সাহিত্যৰ উদ্যোগত কালি এটা স্থায়ী প্রশিক্ষণ কেন্দ্র উদ্বোধন কৰা হয়। মাজুলী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কেন্দ্ৰটো উদ্বোধন কৰি বেতৰ বিচনীৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব আৰোপ কৰে। মাজুলীৰ সাহিত্যৰ উদ্যোগত গ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।