আঞ্চলিক সংবাদ

September 7, 2024 12:29 PM September 7, 2024 12:29 PM

views 9

ত্ৰিপুৰৰা বানপীড়িতৰ বাবে ৫৬৪ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা ড° মাণিক সাহাৰ

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মাণিক সাহাই কালি বিধানসভাত ৰাজ্যখনৰ বানাক্ৰান্ত অঞ্চল আৰু বানপীড়িতৰ বাবে ৫৬৪ কোটি টকাৰ এটা বিশেষ পেকেজ ঘোষণা কৰিছে। তেওঁ কয় যে, শেহতীয়া বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতি বিবেচনা কৰি ৰাজ্য চৰকাৰে বিভিন্ন খণ্ডত তাৎক্ষণিক সাহায্য আৰু উদ্ধাৰ কাৰ্যৰ বাবে বিত্তীয় পেকেজ ঘোষণা কৰাৰ...

September 6, 2024 9:11 PM September 6, 2024 9:11 PM

views 10

যোৰহাটত কাইলৈৰ পৰা ল’ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতা

যোৰহাটত কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া ল'ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে ভিন ভিন ৰাজ্যৰ পৰা কেইবাটাও দল আহি উপস্থিত হৈছে। যোৰহাট ক্রীড়া সন্থাই সকলো দলকে আদৰণি জনোৱাৰ লগতে প্ৰতিযোগিতাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ প্ৰতি...

September 6, 2024 9:08 PM September 6, 2024 9:08 PM

views 8

বাক্সা জিলাৰ শালবাৰী মহকুমা আৰক্ষীৰ অভিযানত প্ৰায় ১১ হাজাৰ কিলোগ্রাম ভাং জব্দ

বাক্সা জিলাৰ শালবাৰী মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰু শিমলাগুৰি আৰক্ষী চকীৰ সহযোগত কালি নিশা বাক্সাৰ বেলগুৰিত চলোৱা এটা অভিযানত প্ৰায় ১১ হাজাৰ কিলোগ্রাম ভাং জব্দ কৰা হয়। গোবৰ্ধনাৰ গামাৰীগুৰিৰ বাসিন্দা মুকুন্দ নাথ আৰু বেলগুৰিৰ সন্তোষ কুমাৰ বৰ্মন নামৰ দুজন ব্যৱসায়িক আৰক্ষীয়ে আটক কৰে। ধৃত সন্তোষ ...

September 6, 2024 9:07 PM September 6, 2024 9:07 PM

views 17

নগাওঁ মহাবিদ্যালয়ে নিজাববীয়াকৈ যন্ত্ৰৰ জৰিয়তে এড়ি সূতাৰ আহ কটা আৰু প্ৰাকৃতিক ৰং মিশ্ৰনৰ প্ৰশিক্ষণৰ ব্যৱস্থা

নগাওঁ মহাবিদ্যালয়ে নিজাববীয়াকৈ নগাঁও, মৰিগাওঁ আৰু কাৰ্বি আংলঙৰ কৃষকসকলক যন্ত্ৰৰ জৰিয়তে এড়ি সূতাৰ আহ কটা আৰু প্ৰাকৃতিক ৰং মিশ্ৰনৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে। ৰাজ্যৰ বাহিৰত থলুৱা এড়ি মুগাৰ বৃহৎ বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি থলুৱা উদ্যোগটোক অধিক শক্তিশালী কৰাৰ মানসেৰে দীৰ্ঘদিন ধৰি নগাওঁ মহাবিদ্যালয...

September 6, 2024 9:04 PM September 6, 2024 9:04 PM

views 13

যোৰহাট জিলাৰ অন্তৰ্গত ভেকধগঢ়া মণ্ডলত বিজেপিৰ সদস্যতা অভিযান কার্যসূচী অনুষ্ঠিত

যোৰহাট জিলাৰ অন্তৰ্গত ভেকধগঢ়া মণ্ডলত আজি ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদীৰ উপস্থিতিত বিজেপিৰ সদস্যতা অভিযান কার্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ উপ সভাপতি তপন কুমাৰ গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাচাই, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাইকে ধৰি দলীয় সতীৰ্থসকল উপস্থিত থাকে। ইপিনে, কৰ...

September 6, 2024 8:56 PM September 6, 2024 8:56 PM

views 8

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত আন্তঃমহাবিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ উদ্যোগত ২৪ সংখ্যক সদৌ অসম শৰৎ চন্দ্ৰ গোস্বামী সোঁৱৰণী আন্তঃমহাবিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। অহা ১০ ছেপ্তেম্বৰত গুৱাহাটীৰ জিলা পুথি ভঁৰাল প্ৰেক্ষাগৃহত পুৱা ১০ বজাৰ পৰা তৰ্ক প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'ব। তর্ক প্রতিযোগিতাখনৰ বিষয় হ'ল- সদনৰ মতে নাৰীবাদী আন্দোল...

September 6, 2024 8:53 PM September 6, 2024 8:53 PM

views 18

উৎকৃষ্টমানৰ ৰে’লসেৱা প্ৰদানৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ বিষয়ববীয়াসকলক এখন সুকীয়া মণ্ডল গঠনৰ আহ্বান সাংসদ ৰকিবুল হুছেইনৰ

সাংসদ ৰকিবুল হুছেইনে অসম তথা উত্তৰ-পূৱৰ ৰাইজক উৎকৃষ্টমানৰ ৰে’লসেৱা প্ৰদানৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ বিষয়ববীয়াসকলক এখন সুকীয়া মণ্ডল গঠন কৰাৰ বাবে আহ্বান জনাইছে। উত্তৰ-পূৱ সীমান্ত ৰেলত প্ৰায় ৮ হেজাৰ পদ খালী হৈ আছে বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে এই খালী পদসমূহত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীক নি...

September 6, 2024 8:49 PM September 6, 2024 8:49 PM

views 18

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় মুকলি সুশাসনৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছেঃ সৰ্বানন্দ সোণোৱাল

উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ মাইজানৰ মুখ্যমন্ত্ৰীৰ সচিবালয়টোৱেই হৈছে ৰাজ্যৰ ৰাজধানীৰ বাহিৰৰ প্ৰথমটো সচিবালয়। ডিব্ৰুগড়ৰ সচিবালয়ত মুখ্যমন্ত্ৰীৰ এগৰাকী যুটীয়া সচিব, এগৰাকী উপ-সচিব, এগৰাকী অবৰ সচিব থাকিব। আনহাতে ডিব্ৰুগড় জিলা আয়ুক্তগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ অতিৰিক্ত সচিব বা যুটীয়া সচিব হিচাপ...

September 6, 2024 8:30 PM September 6, 2024 8:30 PM

views 8

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ফোন ইন দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত ফোন ইন দৃষ্টিপাত অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলত ৰেলৱেৰ আধুনিকীকৰণ সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোত...

September 6, 2024 8:24 PM September 6, 2024 8:24 PM

views 25

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত চুক্তি স্বাক্ষৰ

উত্তৰ পূৰ্বাঞ্চলত মহাকাশ প্রযুক্তিৰ শিক্ষা, দক্ষতা বিকাশ, গৱেষণা আৰু উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠ...