আঞ্চলিক সংবাদ

October 8, 2024 7:07 PM

views 20

ডিব্ৰুগড়ত ৰিক্সা চালক, ঠেলা চালকৰে মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মত বিনিময়

কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত ৰিক্সা চালক, ঠেলা চালকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে। অন্তোদয়া আঁচনিৰ জৰিয়তে সমাজৰ সৰ্বস্তৰৰ লোকৰ সম বিকাশ আৰু সম মর্যাদা নিশ্চিত কৰাটো বিজেপি চৰকাৰৰ মূল লক্ষ্য বুলি তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰিক্সা চালক, ঠেলা চা...

October 8, 2024 7:03 PM

views 20

চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীক ২০% পূজাৰ বনাচ আগবঢ়োৱাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীসকলক ২০ শতাংশ পূজাৰ বনাচ আগবঢ়াবলৈ সিদ্ধান্ত লৈছে। ইয়াৰ দ্বাৰা ৰাজ্যৰ ৮ শতাধিক চাহ বাগিচাৰ ১০ লাখৰো অধিক শ্রমিক-কৰ্মচাৰীয়ে উপকৃত হ'ব। এই বনাচ আদায়ৰ বাবে ৰাজ্য চৰকাৰে ৭৮ কোটিৰো অধিক টকা ব্যয় কৰিব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে।

October 8, 2024 7:00 PM

views 22

শাৰদীয় দুর্গা পূজাৰ প্ৰাক্ মুহূৰ্তত সমগ্ৰ ৰাজ্যজুৰি উৎসৱৰ আনন্দমুখৰ পৰিৱেশ

শাৰদীয় দুর্গা পূজাৰ প্ৰাক্ মুহূৰ্তত সমগ্ৰ ৰাজ্যজুৰি উৎসৱৰ আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হ'ব। এইবাৰ দেৱী দুৰ্গাৰ দোলাত আগমন ঘটিছে আৰু ঘোঁৰাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। বিগত কিছুদিন ধৰি ৰাজ্যত বৰষুণ হোৱাৰ পৰিপ্ৰেক...

October 8, 2024 6:57 PM

views 17

২০২২ বৰ্ষৰ বাবে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীত ২০২২ বৰ্ষৰ বাবে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰিছে। এই উপলক্ষে বিশিষ্ট অভিনেতা মিথুন চক্ৰৱৰ্তীক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছে। কানাড়া ছবি কান্তাৰাত কৰা অনবদ্য অভিনয়ৰ বাবে ঋষভ ছেট্রিক ...

October 8, 2024 6:54 PM

views 19

অনলাইন ট্রেডিং প্রবঞ্চনাৰ গোচৰসমূহ চি বি আইক অৰ্পণ

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চি বি আইক অনলাইন ট্রেডিং প্রবঞ্চনাৰ গোচৰ অৰ্পন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন থানাত পঞ্জীয়নভুক্ত অনলাইন ব্যৱসায়ৰ সৈতে জড়িত ৪১ টা গোচৰ চি বি আইলৈ হস্তান্তৰ কৰা হৈছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, যো...

October 8, 2024 6:45 PM

views 24

গল্পকাৰ পাপৰি বৰ্মনলৈ ৩০ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান

২০২৪ বৰ্ষৰ ৩০ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা ‘পৰুৱা পোহনীয়া’ শীৰ্ষক ছুটি গল্প সংকলনৰ বাবে তৰুণ প্ৰজন্মৰ প্ৰতিশ্ৰুতিসম্পন্ন গল্পকাৰ পাপৰি বৰ্মনলৈ আগবঢ়োৱা হৈছে। সাহিত্যিক সমালোচক, সাংবাদিক প্রয়াত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা অসমীয়া ভাষাৰ প্ৰতিভাশালী তৰুণ লেখক-লেখিকাক উদ্গানি যোগোৱাৰ বাবে ...

October 8, 2024 6:42 PM

views 11

গুৱাহাটীত ৰাষ্ট্ৰীয় ডাক সপ্তাহ উদযাপন

অসম ডাক পৰিমণ্ডলে ডাক সেৱা, জন সেৱা শীৰ্ষক বিষয়বস্তুৰে কালিৰেপৰা ৰাষ্ট্ৰীয় ডাক সপ্তাহ পালন কৰিছে। অহা ১১ অক্টোবৰলৈ চলিবলগীয়া ডাক সপ্তাহ সন্দৰ্ভত আজি অসম পৰিমণ্ডলৰ ডাক সেৱাৰ সঞ্চালক অভিষেক জৈনে গুৱাহাটীত এখন সংবাদমেলত সবিশেষ প্ৰকাশ কৰে। তেওঁ কয় যে ডাক সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যজুৰি বিভিন্ন কাৰ...

October 8, 2024 12:23 PM

views 20

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

অসম আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এনে অভিযানৰ অংশ হিচাপে কাছাৰ আৰক্ষীয়ে শিলচৰ আৰু ৰামনগৰত বিশেষ অভিযান চলাই ৫৭২ গ্রাম হেৰইন আৰু ৭ কোটি টাকা মূল্যৰ ১০ হাজাৰ য়াবা টেবলেট উদ্ধাৰ কৰিছে। এই ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে । ইপিনে বিশ্বনাথ আৰক্ষীয়ে ১৫ নম্ব...

October 8, 2024 11:49 AM

views 29

আকাশবাণী গুৱাহাটী যুৱবাণীৰ সংগীত শিল্পীৰ বাবে অফলাইন আবেদনৰ ব্যৱস্থা মুকলি

আকাশবাণী গুৱাহাটী যুৱবাণীৰ সংগীত শিল্পী হিচাপে স্বীকৃতিৰ বাবে অফলাইন আবেদনৰ ব্যৱস্থা মুকলি কৰা হৈছে। অসমীয়া আধুনীক গীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত, বৰগীত ভজন, গজল, খেয়াল, ৰবীন্দ্ৰ সংগীত, বাদ্যসংগীত আৰু লোক বাদ্য সংগীত শিতানৰ একক শাখাত আৰু দলীয় শাখাত জিকিৰ-জাৰী, বিহুগীত, টোকাৰী গীত, দিহা নামত ...

October 8, 2024 11:47 AM

views 11

২ অক্টোবৰৰ পৰা চলি থকা বন্যপ্রাণী সপ্তাহৰ আজি সামৰণি

যোৱা ২ অক্টোবৰৰ পৰা চলি থকা বন্যপ্রাণী সপ্তাহৰ আজি সামৰণি পৰিব। আজিৰ বিষয়বস্তু হৈছে- সহাৱস্থানৰ জৰিয়তে মানৱ-সৰ্পৰ সংঘাত প্রশমন। প্রাকৃতিক স্থানলৈ মানুহৰ বসতি সম্প্ৰসাৰিত হোৱাৰ ফলত সাপৰ সৈতে মুখামুখিৰ ঘটনা বৃদ্ধি পাইছে। সাপে কীট-পতংগ নিয়ন্ত্ৰণ কৰি ভাৰসাম্য বজাই ৰাখি পৰিৱেশতন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।