আঞ্চলিক সংবাদ

October 18, 2024 12:28 PM

views 46

ৰাজ্যৰ ৫টা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

ৰাজ্যৰ ৫টা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। ইয়াৰ লগে লগে সমষ্টিকেইটাত বিজেপি, কংগ্ৰেছ, অগপ, এ ইউ ডি এফ, তৃণমূল কংগ্ৰেছ, বিপিএফ, ইউ পি পি এলকে ধৰি বিভিন্ন ৰাজনৈতিক দলসমূহৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত বিৰোধী মৰ্চাৰ এখন বৈঠক অনুষ্...

October 18, 2024 12:26 PM

views 19

ৰাজ্যত সংঘটিত অবৈধ ট্রেডিং কেলেংকাৰিৰ কেইবাগৰাকীও ভুক্তভোগীক চি বি আইৰ গুৱাহাটী কাৰ্যালয়ত সোধা-পোছা

ৰাজ্যত সংঘটিত অবৈধ ট্রেডিং কেলেংকাৰি গোচৰ সন্দৰ্ভত চি বি আইৰ তদন্ত অব্যাহত আছে। এই অনুসন্ধানৰ অংশ হিচাপে ট্রেডিং কেলেংকাৰিৰ কেইবাগৰাকীও ভুক্তভোগীক আজি চি বি আয়ে গুৱাহাটী কাৰ্যালয়লৈ সোধা-পোছাৰ বাবে মাতিছে। উল্লেখযোগ্য যে ট্রেডিং কেলেংকাৰি গোচৰৰ অভিযুক্ত দীপাংকৰ বৰ্মন এতিয়াও পলাতক অৱস্থাত আছে।

October 18, 2024 12:00 PM

views 13

বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ ইণ্ডোনেছিয়ালৈ যাব

বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়ালৈ যাব। তেওঁ দেওবাৰে দেশখনৰ ৰাজধানী জাকার্টাত ৰাষ্ট্ৰপতি প্ৰবোৱো সুবিয়াণ্টো আৰু উপ-ৰাষ্ট্ৰপতি জিব্ৰান ৰাকাবুমিং ৰাকাৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ ভাৰত আৰু ইণ্ডোনেছিয়াই এই বছৰ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পর্ক স্থা...

October 18, 2024 11:48 AM

views 13

অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন বাহাল থাকিব বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়

উচ্চতম ন্যায়ালয়ে কালি অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন বাহাল থাকিব বুলি ৰায়দান কৰে। নাগৰিকত্ব আইনৰ ৬(ক) নম্বৰ দফা অনুসৰি সৰ্বোচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে কালি এই ৰায়দান কৰে। উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পাছতেই ...

October 18, 2024 11:43 AM

views 14

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আজি শুভ উদ্বোধন

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আজি শুভ উদ্বোধন কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত বিয়লি ৪ বজাত নির্বাচিত উদ্যোগীলৈ ক্ৰমে ২ লাখ আৰু ৫ লাখ টকাকৈ আগবঢ়োৱা হ'ব। উদ্যোগীসকললৈ আৰ্থিক সাহায্য আগবঢ়োৱা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা উপস্থিত থকাৰ লগতে উদ্য...

October 18, 2024 12:11 PM

views 5

ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ শৃংগ কাৰ্ষ্টেন্স পিৰামিড আৰোহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়ালে নব কুমাৰ ফুকনে

অসমৰ পৰ্বতাৰোহী নৱ কুমাৰ ফুকনে ৮ হাজাৰ ৮৮৪ মিটাৰ উচ্চতাৰ নিউগিনি দ্বীপৰ পুনকাক জয়া বা কাৰ্ষ্টেন্স পিৰামিড আৰোহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। কাৰ্ষ্টেন্স পিৰামিড হ'ল ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ শৃংগ। ইণ্ডোনেছিয়াৰ মধ্য পাপুৱাৰ মিমিকা ৰিজেন্সিৰ হাইলেণ্ডৰ চুদিৰমান ৰেঞ্জত এই পৰ্বত অৱস্থিত। নৱ কুমাৰ ফুকনে ...

October 18, 2024 11:39 AM

views 30

ধুবুৰীৰ ৰূপসী বিমানবন্দৰৰ পৰা গুৱাহাটী আৰু কলকাতালৈ পুনৰ সেৱা আৰম্ভ

ধুবুৰী জিলাৰ ৰূপসী বিমানবন্দৰযোগে পশ্চিম অসমৰ অঞ্চলসমূহৰ বাবে সুন্দৰ সুযোগ সুবিধা সৃষ্টি কৰি গুৱাহাটী আৰু কলকাতালৈ পুনৰ সেৱা আগবঢ়াইছে। ৰূপসী বিমানবন্দৰৰ নতুন সেৱা আৰম্ভ হোৱা বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জনাইছে। সূচল বিমান যাতায়াতৰ বাবে ৰূপসীৰ পৰাই যাত্ৰীসকলে গুৱাহাটী আৰু কলকাতালৈ...

October 18, 2024 11:37 AM

views 24

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰূপে ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নাম প্ৰস্তাৱ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰূপে দ্বিতীয় জ্যেষ্ঠ ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নাম আনুষ্ঠানিকভাৱে প্ৰস্তাৱ কৰিছে। কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা এখন পত্ৰত চন্দ্ৰচূড়ে কয় যে, যিহেতু ১০ নৱেম্বৰত তেওঁৰ কাৰ্যকালৰ অন্ত পৰিব তাৰ পাছত ন্যায়াধীশ খান্না মুখ্য ন্যায়াধীশ হ'ব...

October 18, 2024 11:35 AM

views 14

বলীউড অভিনেত্রী তামান্না ভাটিয়াক অনলাইন বেটিং এপৰ প্ৰচাৰৰ গোচৰত গুৱাহাটীৰ বিধি বলৱৎকাৰী সঞ্চাকালয়ত জেৰা

বলীউড তথা দক্ষিণৰ চলচ্চিত্র অভিনেত্রী তামান্না ভাটিয়াই কালি অনলাইন বেটিং এপৰ প্ৰচাৰৰ সৈতে জড়িত এটা গোচৰ সম্পৰ্কত কালি মুম্বাইৰ পৰা আহি গুৱাহাটীৰ বিধি বলৱৎকাৰী সঞ্চাকালয়ৰ তদন্তকাৰী দলৰ আগত হাজিৰ হৈছে। প্ৰাপ্ত তথ্য অনুসৰি অভিনেত্রী তামান্নাই অবৈধভাৱে চলা এটা ক্ৰিকেটৰ অনলাইন জুৱা এপৰ বাবে প্ৰচাৰ চলা...

October 18, 2024 11:33 AM

views 14

আকাশবন্তিৰ পোহৰে ন-আশাৰ সঞ্চাৰ কৰি অসমীয়াৰ সমাজ জীৱন উজলাই তোলেঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কাতি বিহু উপলক্ষে ৰাইজক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, কাতি বিহুৰ ঐতিহ্য পৰম্পৰা আকাশবন্তিৰ পোহৰে ন-আশাৰ সঞ্চাৰ কৰি অসমীয়াৰ সমাজ জীৱন উজলাই তোলে। তুলসী তলৰ বন্তিয়ে পৱিত্ৰতা কঢ়িয়াই আনে। কালি দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ টিংখাঙৰ কৃষিজীৱী ৰাই...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।