আঞ্চলিক সংবাদ

December 13, 2025 12:21 PM

views 13

অহা বছৰৰ এপ্ৰিলৰ পৰা দেশজুৰি ২০২৭ৰ লোকপিয়ল আৰম্ভ হ’ব

অহা বছৰৰ এপ্ৰিলৰ পৰা দেশজুৰি ২০২৭ৰ লোকপিয়ল আৰম্ভ হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই ইয়াৰ বাবে ১১ হাজাৰ ৭১৮ কোটি টকাৰ বাজেটত অনুমোদন জনাইছে। ২০২৭ চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল দুটা পৰ্যায়ত হ'ব। এয়া হ'ব দেশৰ ষোড়শ আৰু স্বাধীনোত্তৰ ভাৰতৰ অষ্টম লোকপিয়ল। কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে ক...

December 12, 2025 8:26 PM

views 19

২০২৭ চনৰ লোকপিয়লৰ বাবে ১১,৭১৮ কোটি টকাৰ বাজেটত কেন্দ্ৰীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্ৰীয় মন্ত্রীসভাই ২০২৭ চনৰ লোকপিয়লৰ বাবে ১১,৭১৮ কোটি টকাৰ বাজেটত অনুমোদন জনাইছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ২০২৭ চনৰ লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। তেওঁ কয় যে এই লোকপিয়ল দেশৰ ষোড়শ লোকপিয়ল হ'ব আৰু স্বাধীনোত্তৰ ভাৰতৰ...

December 12, 2025 8:10 PM

views 17

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এছ আই টিৰ অভিযোগনামা দাখিল

জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত তদন্তৰ বাবে গঠন কৰা অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোট, এছ আই টিয়ে আজি গোচৰটো সন্দৰ্ভত কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযোগনামা দাখিল কৰে। এছ আই টিৰ দলে আজি দিনৰ ১১ বজাত কেইবাহাজাৰ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল ক...

December 12, 2025 8:09 PM

views 17

বিটিআৰত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ

বিটিআৰত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত বি টি আৰৰ ৫খন জিলাৰ ৪ লাখ ১২ হাজাৰ মহিলাক সামৰি লোৱা হৈছে। অৰুণোদয় আঁচনিত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে। কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত এই ...

December 12, 2025 8:07 PM

views 13

অৰুণাচলৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ, সাহায্য ঘোষণা

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত অসমৰ ১৪ জন শ্রমিককে ধৰি কেইবাজনো লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত মন্ত্ৰী বিমল বৰাই আজি অৰুণাচলৰ লোহিত জিলাৰ উপায়ুক্ত কেছাং নুৰুপ ডামু, আৰক্ষী অধীক্ষক থোটান জাম্বা আৰু তেজুৰ 25TH ITBP কামাণ্ডেণ্টৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকী...

December 12, 2025 8:06 PM

views 10

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ কেৰখাবাৰীত ৭৫ বিঘা ভূমি দখলমুক্ত জিলা প্ৰশাসনৰ

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ কেৰখাবাৰীত আজি জিলা প্ৰশাসনে ৭৫ বিঘা ভূমি দখলমুক্ত কৰি চাৰিওপিনে কাঁইটীয়া তাঁৰৰ বেৰ দিয়ে। উল্লেখযোগ্য যে বঙাইগাঁও কৃষি বিজ্ঞান কেন্দ্ৰক আৱণ্টন দিয়া এই ভূমিত ৬টা পৰিয়ালে ২০১৩ চনৰ পৰাই বসবাস কৰি আহিছিল। আজি বঙাইগাঁও জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উপস্থ...

December 12, 2025 8:05 PM

views 11

অনলাইন ট্রেডিং কেলেংকাৰীৰ গোচৰৰ প্ৰথমটো শুনানিত অভিযুক্ত চুমি বৰা, তার্কিক বৰা আৰু বিশাল ফুকন চিবিআইৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ

অনলাইন ট্রেডিং কেলেংকাৰীৰ গোচৰৰ প্ৰথমটো শুনানিত অভিযুক্ত চুমি বৰা, তার্কিক বৰা আৰু বিশাল ফুকন আজি চানমাৰিৰ চি বি আইৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ হয়। আদালতৰ নিৰ্দেশৰ ভিত্তিত তিনি অভিযুক্তই আজি ভাষ্য প্ৰদান কৰে। অৱশ্যে আন এজন অভিযুক্ত অভিজিত চান্দ আদালতত উপস্থিত থকাৰ পৰা বিৰত থাকে। উল্লেখযোগ্য যে ...

December 12, 2025 8:02 PM

views 14

পশ্চিমবংগত হ’বলগীয়া ‘বিশ্ব বাংলা সাহিত্য আৰু সংস্কৃতি উৎসৱলৈ অসমৰ কবি অনুপমা দাসক আমন্ত্রণ

পশ্চিমবংগৰ হালদিয়াত অহা ১৬ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ হ'বলগীয়া ২২ সংখ্যক ‘বিশ্ব বাংলা সাহিত্য আৰু সংস্কৃতি উৎসৱ ২০২৬ লৈ অসমৰ কবি অনুপমা দাসক আমন্ত্রণ জনোৱা হৈছে। ১৯৮০ চনত ‘পান্থপাদপ’ নামৰ কাব্য আলোচনীত আত্মপ্ৰকাশ কৰা কবি অনুপমা দাসে পৃথিৱীৰ সতে মোৰ দিন-ৰাতি, তুমি মোৰ পৃথিৱীৰ, সময়ৰ দস্তাবেজ, কাগজ...

December 12, 2025 8:01 PM

views 10

চৰাইদেউ জিলাৰ সোণাৰীৰ থুকুবিলত বনৰীয়া হাতীৰ আক্ৰমণত মহিলাৰ মৃত্যু

চৰাইদেউ জিলাৰ সোণাৰীৰ থুকুবিলত আজি বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হয়। থুকুবিলৰ বিজয় পামৰ পৰা সোণাৰী নগৰলৈ দিন হাজিৰাৰ বাবে যোৱাৰ সময়তে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীৰ আক্ৰমণত হীৰামণি শৰ্মা নামৰ মহিলাগৰাকীৰ থিতাতে মৃত্যু হয়। ঘটনাৰ খবৰ পোৱাৰ পাছত...

December 12, 2025 8:00 PM

views 14

শিলচৰৰ কাটিগড়াত বৰাক নৈৰ গেমন সেতুৰে যান-বাহনৰ চলাচল আজি সন্ধিয়া ৬ বজাৰ পৰা পৰৱৰ্তী ৪৮ ঘণ্টালৈ বন্ধ

শিলচৰৰ কাটিগড়াত বৰাক নৈৰ ওপৰত থকা গেমন সেতুৰে যান-বাহনৰ চলাচল আজি সন্ধিয়া ৬ বজাৰ পৰা পৰৱৰ্তী ৪৮ ঘণ্টালৈ বন্ধ কৰি দিয়া হৈছে। কাছাৰ জিলা প্ৰশাসনৰ দুৰ্যোগ প্রশমন বিভাগে এখন জাননীযোগে এই কথা প্ৰকাশ কৰিছে। জৰুৰী মেৰামতিৰ বাবে দলংখন অহা দেওবাৰৰ সন্ধিয়া ৬ বজালৈ বন্ধ কৰি দিয়া হৈছে। জাননীখনত উল্লেখ কৰা ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।