আঞ্চলিক সংবাদ

September 17, 2024 6:25 PM September 17, 2024 6:25 PM

views 7

ধুবুৰীৰ হামিদাবাদ মহাবিদ্যালয়ৰ অধ্যক্ষ চাহাদৎ আলীৰ অগ্রিম জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নাকচ

গুৱাহাটী উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ গোচৰত ধুবুৰীৰ হামিদাবাদ মহাবিদ্যালয়ৰ অধ্যক্ষ চাহাদৎ আলীৰ অগ্রিম জামিন নাকচ কৰিছে। মহাবিদ্যালয়খনত ধনৰ অনিয়ম সম্পৰ্কত অভিযোগ উত্থাপন হোৱাৰ পাছতেই তদাৰকী কোষে গোচৰ ৰুজু কৰিছিল। এই গোচৰত গ্ৰেপ্তাৰৰ আশংকাত অধ্যক্ষজনে অগ্রিম জামিন বিচাৰি উচ্চ ন্যায়ালয...

September 17, 2024 6:21 PM September 17, 2024 6:21 PM

views 12

পঞ্চায়ত নিৰ্বাচনৰ বাবে  বৰপেটা জিলাৰ পুনৰ নিৰ্ধাৰিত পাঁচটা সমষ্টিৰ খচৰা প্ৰকাশ

অসমত চলিত বৰ্ষত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি বৰপেটা জিলাৰ পুনৰ নিৰ্ধাৰিত পাঁচটা সমষ্টিৰ খচৰা প্ৰকাশ কৰা হয়। বৰপেটা জিলা পৰিষদৰ কাৰ্যালয়ত মুখ্য কাৰ্যবাহী বিষয়া অৰূপ কুমাৰ পাঠকে আজি জিলাখনৰ পঞ্চায়তৰ পুনৰ নিৰ্ধাৰিত সমষ্টিৰ খচৰা প্ৰকাশ কৰে। এই অনুসৰি জিলাখনৰ বৰপেটা, মন্দিয়া, চেঙা, সৰভোগ, ভ...

September 17, 2024 12:34 PM September 17, 2024 12:34 PM

views 7

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতাৰ প্ৰয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.in ত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগ...

September 17, 2024 12:09 PM September 17, 2024 12:09 PM

views 10

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ আঁচনিৰ অধীনত দ্বিতীয় পৰ্যায়ত অসমলৈ অতিৰিক্ত ১ লাখ ৭১ হাজাৰ ৫৯৩টা গৃহ আৱণ্টন

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ আঁচনিৰ অধীনত দ্বিতীয় পৰ্যায়ত অসমলৈ অতিৰিক্ত ১ লাখ ৭১ হাজাৰ ৫৯৩টা গৃহ আৱণ্টন দিয়া হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত এই আঁচনিৰ জৰিয়তে ৰাজ্যত উন্নয়ন আৰু সমৃদ্ধিৰ দিশত আগুৱাই নিয়াৰ বাবে চলোৱা প্ৰ...

September 17, 2024 12:06 PM September 17, 2024 12:06 PM

views 6

শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৰ কোকৰাঝাৰত চিৰাং জিলাৰ বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষকসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে কালি কোকৰাঝাৰত উপস্থিত হৈ চিৰাং জিলাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু হাইস্কুলৰ প্ৰধান শিক্ষকসকলৰ সৈতে বিটিচি বিধান পৰিষদৰ ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত জিলাখনৰ ড্ৰ'প আউট ছাত্ৰ-ছাত্ৰীৰ হাৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে ড্রপআউটৰ সংখ্যা কমোৱাৰ ওপৰতো গ...

September 17, 2024 11:46 AM September 17, 2024 11:46 AM

views 4

কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা উলহ মালহেৰে পালন

আজি কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি পুৱাৰে পৰা এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন কল-কাৰখানা, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠা, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে...

September 16, 2024 7:44 PM September 16, 2024 7:44 PM

views 4

আজিৰে পৰা গোৱালপাৰাৰ দুধনৈত সাদিনীয়াকৈ ৰাভা লোক বাদ্য খাম আৰু ব্ৰাংছি অৰ্থাৎ‍ বাঁহী বাদনৰ কৰ্মশালা অনুষ্ঠিত

ৰাভা জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে আজিৰে পৰা গোৱালপাৰা জিলাৰ দুধনৈত সাদিনীয়াকৈ ৰাভা লোক বাদ্য খাম আৰু ব্ৰাংছি অৰ্থাৎ‍ বাঁহী বাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ অৰ্থ সাহায্যত আৰু সাংস্কৃতিক কৰ্মী জোনালী ৰাভা আৰু সঞ্জয় ৰাভাৰ নেতৃত্বত এই কর্মশালা অ...

September 16, 2024 7:40 PM September 16, 2024 7:40 PM

views 10

ৰাজ্যৰ বিভিন্ন স্থানত স্মার্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত

ৰাজ্যৰ বিভিন্ন স্থানত স্মার্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। ৰাজ্যৰ কেইবাটাও দল সংগঠনে আজি বিভিন্ন স্থানত থকা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ স্থানীয় কার্যালয়সমূহত প্রতিবাদ সাব্যস্ত কৰে। নগাঁওৰ চামগুৰি, বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয় হৈ চামগুৰি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় পর্যন্ত প্রতিবাদ...

September 16, 2024 7:37 PM September 16, 2024 7:37 PM

views 8

কৰিমগঞ্জ আৰক্ষীৰ অভিযানত এখন বাহনৰ পৰা নিচাযুক্ত টেবলেট জব্দৰ লগতে বুজন পৰিমাণৰ অন্য নিচাযুক্ত সামগ্ৰী জব্দ

কৰিমগঞ্জ আৰক্ষীয়ে আজি পেটেল নগৰ অঞ্চলত অভিযান চলাই চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহনত ভালেসংখ্যক নিচাযুক্ত টেবলেট জব্দ কৰাৰ লগতে বুজন পৰিমাণৰ অন্য নিচাযুক্ত সামগ্ৰী জব্দ কৰে। আৰক্ষীয়ে এই সংক্ৰান্তত তিনিজন লোকক আটক কৰিছে। অভিযানকালত আৰক্ষীয়ে প্ৰায় এক লাখ ২০ হাজাৰ নিচাযুক্ত টেবলেট আৰু ৫৩৭ গ্রাম হে...

September 16, 2024 7:34 PM September 16, 2024 7:34 PM

views 5

দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যজুৰি পোষণ অভিযানৰ কাৰ্যসূচী অব্যাহত

সন্তান সম্ভৱা আৰু শিশুসকলৰ পুষ্টি নিশ্চিত কৰাৰ লক্ষ্যৰে দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যজুৰি পোষণ অভিযানৰ কাৰ্যসূচী অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে আজি বাক্সা জিলাৰ ৩১ নম্বৰ আঞ্চলিক অংগনবাড়ী কেন্দ্ৰত কাৰ্যসূচী লোৱা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সন্তান সম্ভৱা আৰু শিশুসকলক পুষ্টিকৰ খাদ্য প্ৰদ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।