আঞ্চলিক সংবাদ

September 19, 2024 9:13 PM September 19, 2024 9:13 PM

views 8

মৰিগাঁৱৰ মৈৰাবাৰীত চাইবাৰ অপৰাধৰ সৈতে জড়িতৰ অভিযোগত ৮জন লোকক গ্ৰেপ্তাৰ

মৰিগাওঁ জিলাৰ মৈৰাবাৰীত আৰক্ষীয়ে চাইবাৰ অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগত ৮জন লোকক গ্ৰেপ্তাৰ কৰিছে। যোৱা নিশা মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত মৈৰাবাৰী আৰু লাহৰীঘাটৰ বিভিন্ন অঞ্চলত অভিযান চলাই এই লোককেইজনক গ্রেপ্তাৰ কৰা হয়। লোককেইজনৰ পৰা ভালেমান আপত্তিজনক নথি-পত্র জব্দ কৰা হৈছে।

September 19, 2024 9:08 PM September 19, 2024 9:08 PM

views 6

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ অংশকালীন সংবাদদাতাৰ বাবে আৱেদন আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.inত লগ-ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগত...

September 19, 2024 7:02 PM September 19, 2024 7:02 PM

views 3

উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন বিভাগত ৮৭৪গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান

উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদে আজি পৰিষদৰ অধীনৰ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা ৮৭৪ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ কৰে। পৰিষদৰ এই পদক্ষেপ ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থা ত্বৰান্বিত কৰাৰ লগতে স্থানীয় পৰ্যায়ত উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই অনুষ্ঠানতে নাৰ্ছাৰী আৰু প্ৰথম শ্...

September 19, 2024 6:55 PM September 19, 2024 6:55 PM

views 44

অবৈধ ট্রেডিঙৰ গোচৰত অভিযুক্ত জিংকি মিলিৰ জামিন নাকচৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজ্য চৰকাৰৰ আৱেদন

অবৈধ ট্রেডিঙৰ গোচৰত অভিযুক্ত জিংকি মিলিয়ে লাভ কৰা অন্তৱৰ্তীকালীন জামিন নাকচ কৰাৰ বাবে ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছে। ৰাজ্য চৰকাৰৰ হৈ লোক অধিবক্তা মাখন ফুকনে দাখিল কৰা আৱেদনখনৰ শুনানি অহা ২৩ ছেপ্টেম্বৰত গ্ৰহণ কৰা হ'ব। অবৈধ ট্রেডিঙৰ লগত জড়িত থকাৰ বাবে ইতিমধ্যে গ্ৰেপ্তাৰ হো...

September 19, 2024 1:32 PM September 19, 2024 1:32 PM

views 18

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ তৃতীয় বৰ্গৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ প্ৰস্তুতি প্রায় সম্পূর্ণ

অহা ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ তৃতীয় বৰ্গৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ প্ৰস্তুতি প্রায় সম্পূর্ণ হৈছে। ১৫ ছেপ্তেম্বৰত প্ৰথম পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত অহা ২৯ তাৰিখে পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ চাকৰিৰ আৰু বিয়লি ডেৰ বজাৰ...

September 19, 2024 12:56 PM September 19, 2024 12:56 PM

views 10

ৰাজ্যত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰু অতিৰিক্ত ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থাৰ শুভাৰম্ভ

ৰাজ্যত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰু অতিৰিক্ত ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থাৰ আজি শুভাৰম্ভ কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ লোকসেৱা আয়োগ ভৱন সভাকক্ষৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে দিনৰ ১১ বজাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ শুভাৰম্ভণি কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাতো আজি ...

September 18, 2024 7:59 PM September 18, 2024 7:59 PM

views 2

অভিভাৱক মন্ত্ৰী লাভৰ পাছত প্ৰথমবাৰৰ বাবে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু মাজুলীত উপস্থিত

মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰী লাভৰ পাছত প্ৰথমবাৰৰ বাবে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু জিলাখনত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে বিজেপিৰ মাজুলী জিলা কাৰ্যালয়ত উপস্থিত হৈ দলৰ সদস্যতা অভিযান আৰু অৰুণোদয় তৃতীয় পৰ্যায়ৰ আঁচনি ৰূপায়ণৰ সন্দৰ্ভতো মত বিনিময় কৰে ।

September 18, 2024 7:52 PM September 18, 2024 7:52 PM

views 5

সোণাপুৰৰ অবৈধ দখল উচ্ছেদ কৰা কাৰ্যক প্ৰশংসা বি টি আৰৰ জনজাতীয় সংগঠনৰ

বি টি আৰৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয় সমিতিয়ে ৰাজ্য চৰকাৰে সোণাপুৰৰ জনজাতীয় খণ্ড আৰু বেষ্টনীত অবৈধ দখল উচ্ছেদ কৰা কাৰ্যক প্ৰশংসা কৰিছে। সমিতিয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক এই পদক্ষেপ গ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আজি কোকৰাঝাৰত এখন সংবাদমেল সম্বোধন কৰি সমিতিৰ সভাপতি নিৰঞ্জন ব্ৰহ্ম আৰু সাধাৰ...

September 18, 2024 7:48 PM September 18, 2024 7:48 PM

views 5

বিদ্যুৎ বিকাশ গগৈক অতিৰিক্ত লোক অধিবক্তা পদৰ পৰা অপসাৰণ ন্যায় বিভাগৰ

অসম চৰকাৰৰ ন্যায় বিভাগে বিদ্যুৎ বিকাশ গগৈ নামৰ এজন অতিৰিক্ত লোক অধিবক্তা পদৰ পৰা অপসাৰণ কৰিছে। ইয়াৰ সমান্তৰালভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লোক অধিবক্তা কাৰ্যালয়ৰ কৰ্মচাৰী কমল নাথ, ব্ৰজেন কুমাৰ দাস আৰু অৰূপ কুমাৰ ডেকাক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। ট্রেডিঙৰ নামত চলোৱা প্ৰৱঞ্চনাৰ গোচৰত কালি জিংকি ম...

September 18, 2024 7:37 PM September 18, 2024 7:37 PM

views 12

ৰাজ্যত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰু অতিৰিক্ত ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা কাইলৈ শুভাৰম্ভ

ৰাজ্যত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰু অতিৰিক্ত ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা কাইলৈ শুভাৰম্ভ কৰা হ'ব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ দিনৰ ১১ বজাত মাজুলীত এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। সমগ্র ৰাজ্যৰ লগতে গোলাঘাট জিলাতো কাইলৈ অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰম্ভ হ'ব। গোলাঘাট নগৰৰ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।