আঞ্চলিক সংবাদ

October 25, 2024 6:42 PM

views 14

অহা ২৬ আৰু ২৭ অক্টোবৰত জ্যোতি চিত্ৰবনত অষ্টম চলচিত্ৰম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ-২০২৪

অষ্টম চলচিত্ৰম ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ-২০২৪ কাইলৈ আৰু পৰহিলৈ গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ'ব। এই মহোৎসৱত ৫০ খন তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শন কৰা হ'ব। প্ৰতিযোগিতা আৰু প্ৰদৰ্শনী-- এই দুয়োটা শাখাত ছবিসমূহ প্ৰদৰ্শন কৰা হ'ব। বিশ্ব সংবাদকেন্দ্ৰ, অসমৰ সহযোগী অনুষ্ঠান চলচিত্ৰমৰ উদ্যোগত আয়োজিত ...

October 25, 2024 6:37 PM

views 25

অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয় প্ৰত্যক্ষ নিযুক্ত পৰীক্ষা সন্দৰ্ভত সংবাদমেল

অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ'বলগীয় চতুৰ্থবৰ্গৰ পৰীক্ষা সন্দৰ্ভত আজি চতুৰ্থবৰ্গৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধ্যক্ষ তথা অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে এখন সংবাদ মেল সম্বোধন কৰে । সংবাদ মেলখনত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ লগতে আয়ক্ত সচিব তথা ...

October 25, 2024 11:23 AM

views 24

অসমৰ আসন্ন বিধানসভা উপ-নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

ৰাজ্যৰ পাঁচটা বিধানসভা নিৰ্বাচনৰ বাবে হ'বলগীয়া আসন্ন উপ-নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। আজি বিহালী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্রার্থী জয়ন্ত বৰাই মনোনয়ন পত্র দাখিল কৰিব। মনোনয়ন পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ শীৰ্ষ নেতৃত্বৰ লগতে সাংসদ গৌৰৱ গগৈ উপস্থিত থকাৰ কথা আছে। ...

October 25, 2024 10:54 AM

views 25

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় পৰহিলৈ গুৱাহাটীলৈ আহিব

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পৰহিলৈ গুৱাহাটীত উপস্থিত হৈ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই ভ্ৰমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজ গুৱাহাটীৰ একবিংশ আন্তঃৰাষ্ট্ৰীয় সমাৱৰ্তনত অংশ ল'ব। তেওঁ লগতে ৰাজভৱনলৈও যোৱাৰ কথা আছে ।

October 24, 2024 9:08 PM

views 14

ৰাজ্যৰ উপ-নিৰ্বাচনৰ বাবে এতিয়ালৈ ১৪গৰাকী প্রার্থীৰ মনোনয়ন পত্র দাখিল, কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে আজি ৯গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে। ইয়াকে লৈ এই পর্যন্ত ১৪গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিলে। কাইলৈ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল অন্তিম দিন। চিদলী বিধানসভা সমষ্টিত আজি এন ডি এ সমর্থিত ইউ পি পি এল দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব...

October 24, 2024 9:11 PM

views 18

বিহালী সমষ্টিত কংগ্ৰেছৰ জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান

ৰাজ্যৰ উপ-নির্বাচনৰ বাবে অসম সন্মিলিত মৰ্চাৰ প্রার্থিত্বক লৈ যোৱা দুদিন ধৰি অব্যাহত থকা উৎকণ্ঠাৰ অৱসান ঘটাই আজি বিহালী আসনখনৰ বাবে কংগ্ৰেছ দলে প্রার্থী ঘোষণা কৰে। দলে এই আসনখনৰ বাবে জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। প্ৰথমে এই আসনখন অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থীক প্ৰদান কৰাৰ কথা আছিল যদিও শেষ মুহূ...

October 24, 2024 9:04 PM

views 25

সাংসদ অজিত কুমাৰ ভূঞাক অসম সন্মিলিত মৰ্চাৰ সভাপতিৰ দায়িত্ৱ

অসম সন্মিলিত মৰ্চাৰ সভাপতি হিচাপে আজি অজিত কুমাৰ ভূঞাৰ নাম ঘোষণা কৰা হয়। সভাপতিৰ  দায়িত্ব গ্ৰহণ কৰি শ্ৰীভূঞাই কয় যে কংগ্ৰেছে নিজৰ স্বৰূপ উদঙাই দেখুৱাইছে। অসম সন্মিলিত মৰ্চাই ৰাজ্যত বিৰোধী ঐক্যক সুৰক্ষিত কৰাৰ স্বাৰ্থত কাম কৰি যাব বুলি তেওঁ উল্লেখ কৰে।

October 24, 2024 9:01 PM

views 14

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পত ‘সমর্থ’ আঁচনি উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

কেন্দ্ৰীয় বস্ত্ৰ শিল্প আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাটৰ লাহদৈগড়ত কেন্দ্রীয় মুগা, এড়ী, গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই প্রতিষ্ঠানটোৱে ৰেচম উদ্যোগ বিশেষকৈ মূগা আৰু এড়ী, ৰেচম সূতা উৎপাদনৰ ক্ষেত্ৰত বিগত ২৫ বছৰ...

October 24, 2024 9:00 PM

views 16

অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট সমিতিৰ ৬,৭৯৮ কোটি টকাৰ দুটা ৰে’ল প্ৰকল্পত অনুমোদন

অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট সমিতিয়ে আজি যোগাযোগ ব্যৱস্থা উন্নীতকৰণ, যাত্ৰা সুচল কৰি তোলা আৰু পৰিবহণ ব্যয় হ্ৰাস কৰাৰ লক্ষ্যৰে ৬ হাজাৰ ৭৯৮ কোটি টকাৰ দুটা ৰে'ল প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পৰ দ্বাৰা উত্তৰ প্ৰদেশ আৰু বিহাৰৰ লগতে উত্তৰ পূৰ্বাঞ্চল আৰু সীমান্ত অঞ্চলত ৰে'ল যোগাযোগ উন্নত হ'ব বুল...

October 24, 2024 8:59 PM

views 11

অহা ২৭ অক্টোবৰত গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে অহা ২৭ অক্টোবৰত গুৱাহাটীত উপস্থিত হৈ এটা অনুষ্ঠানত অংশগ্রহণ কৰিব। এই ভ্রমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজ গুৱাহাটীৰ একবিংশ আন্তঃৰাষ্ট্ৰীয় সমাৱৰ্তনত অংশ ল'ব। তেওঁ লগতে ৰাজভৱনলৈও যোৱাৰ কথা আছে।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।