আঞ্চলিক সংবাদ

October 27, 2024 7:28 PM

views 16

ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱত  কেবিনেটৰ অনুমোদন

গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই সিদ্ধান্ত চলিত বছৰৰ ১ জুলাইৰ পৰা প্ৰযোজ্য হ'ব। অৱশ্যে কৰ্মচাৰীসকলে পহিলা ডিচেম্বৰৰ পৰা বৰ্ধিত হাৰত ...

October 27, 2024 7:17 PM

views 26

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ নতুন প্ৰজন্মই নৱ জাগৰণ সৃষ্টিৰ বাবে আগুৱাই আহিব লাগিব বুলি উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ প্ৰকাশ

ভাৰতবৰ্ষ এতিয়া বিশ্বৰ সন্মুখত সম্পূৰ্ণ সম্ভাৱনাৰে উদীয়মান তাৰকা সদৃশ আৰু এই সম্ভাৱনা বহন কৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ নতুন প্ৰজন্মই নৱ জাগৰণ সৃষ্টিৰ বাবে আগুৱাই আহিব লাগিব বুলি উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে প্ৰকাশ কৰিছে। আজি গুৱাহাটীত কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজৰ একবিংশ দ্বিবার্ষ...

October 26, 2024 9:07 PM

views 16

হাটশিঙিমাৰী মহাবিদ্যালয়ত নিচামুক্ত ভাৰত অভিযানৰ অধীনত প্রশিক্ষণ কার্যসূচী

নিচামুক্ত ভাৰত অভিযানৰ অধীনত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ত আজি এটি প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। জিলা সমাজ কল্যাণ বিভাগে মহাবিদ্যালয়খনৰ ৫০ গৰাকী মুখ্য সদস্যক নিচামুক্ত ভাৰত অভিযান সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰে। নৱপ্ৰজন্মক নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰাই অনাৰ উদ্দেশ্যেৰে ...

October 26, 2024 9:05 PM

views 34

বিটিচিৰ প্ৰধান সচিবৰ সৈতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ, নিয়োগ, উদ্যমশীলতা আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি বিটিচিৰ প্ৰধান সচিবৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে আজি এই বৈঠকত ২৬ টা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে। কৃষি বিভাগৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে ধান ক্...

October 26, 2024 8:19 PM

views 50

কাইলৈ খানাপাৰাত কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজৰ একবিংশ দ্বিবার্ষিক সমাৱৰ্তন অনুষ্ঠিত হ’ব

কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজৰ একবিংশ দ্বিবার্ষিক সমাৱৰ্তন কাইলৈ গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব। অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তদুপৰি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম...

October 26, 2024 8:16 PM

views 21

‘ছেমি কণ্ডাক্টৰ উদ্যোগঃ উত্তৰ-পূব ভাৰতত প্ৰযুক্তিগত প্ৰত্যাহ্বান আৰু সম্ভাৱনাসমূহ’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ অংশগ্রহণ

শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত ছেমি কণ্ডাক্টৰ উদ্যোগঃ উত্তৰ-পূব ভাৰতত প্ৰযুক্তিগত প্ৰত্যাহ্বান আৰু সম্ভাৱনাসমূহ শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰত অংশগ্রহণ কৰে। এই অনুষ্ঠানে শিক্ষাৰ সৈতে উদ্যোগক সমন্বিত কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত ছেমি কণ্ডাক্টৰ খণ্ডৰ উদ্ভাৱনী আৰু...

October 26, 2024 8:10 PM

views 30

অবৈধ ট্রেডিঙৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকন, চুমি বৰাসহ ৮ জন অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়

অবৈধ ট্রেডিঙৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকন, চুমি বৰা নামৰ ৮ জন অভিযুক্তক আজি কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। আদালতে আটাইকেইজন অভিযুক্তকে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে। অহা ২৮ অক্টোবৰত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই ...

October 26, 2024 8:01 PM

views 43

কৰিমগঞ্জৰ ২৯ টা কেন্দ্ৰত কাইলৈ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব

কৰিমগঞ্জ জিলাৰ ২৯ টা কেন্দ্ৰত কাইলৈ চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষা কেন্দ্ৰসমূহত যিকোনো ধৰণৰ অবৈধ কার্যকলাপ ৰোধ কৰাৰ লগতে শান্তি শৃংখলা বজাই ৰাখিবলৈ জিলা আয়ুক্তই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬০ নম্বৰ ধাৰা অনুযায়ী কাইলৈ পুৱা ৬ বজাৰ পৰা সন্...

October 26, 2024 7:54 PM

views 37

কাইলৈ ৰাজ্যৰ ২৮ খন জিলাত ৪২টা বিভাগৰ চতুৰ্থ বৰ্গৰ মুঠ ৫ হাজাৰ ২৩টা খালী পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধীনত কাইলৈ হ'বলগীয়া চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা নিকাভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰশাসনৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। লিখিত পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ৰাজ্যজুৰি পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ ইণ্টাৰনেট সেৱা বন্ধ ৰখা হ'ব। ৰাজ্যত গৃহ আৰু ৰাজনৈতিক বিভাগৰ হৈ ...

October 26, 2024 7:50 PM

views 34

বিহালী আৰু চামগুৰি সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্রকাশ ‘আপ’ৰ

আম আদমী পার্টিয়ে বিহালী আৰু চামগুৰি সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্রকাশ কৰিছে। তালিকাত প্ৰকাশ কৰা অনুসৰি দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অসমত নির্বাচনী প্ৰচাৰ চলাব। প্রাক্তন উপ-মুখ্যমন্ত্রী মনীষ ছিছ’দিয়া, দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশীৰ লগতে প...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।