আঞ্চলিক সংবাদ

October 30, 2024 12:16 PM

views 17

কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত বাংলাদেশী নাগৰিকক আটক

অসম আৰক্ষীয়ে কালি আন্তঃৰাষ্ট্ৰীয় সীমান্তত বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ এটা চেষ্টা ব্যর্থ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। তেওঁ কৈছে যে অনুপ্ৰৱেশৰ বিৰুদ্ধে সদাসতর্ক অসম আৰক্ষীৰ জোৱানে কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত এগৰাকী বাং...

October 30, 2024 12:13 PM

views 34

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১ নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে হাতী ছাফাৰি মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে হাতী ছাফাৰি অহা ১ নৱেম্বৰৰ পৰা মুকলি হ'ব। যোৱা ১ অক্টোবৰৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত বন বিভাগে জীপ ছাফাৰি মুকলি কৰিছিল। ২০২৪-২৫ পৰ্যটন বৰ্ষ আৰম্ভ কৰাৰ পাছতে দেশী-বিদেশী পৰ্যটকক হাতী ছাফাৰি কৰাবলৈ উদ্যান কৰ্তৃপক্ষই প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে।

October 30, 2024 12:12 PM

views 13

ৰাজ্য চৰকাৰৰ ২৮ অক্টোবৰৰ পৰা ‘তদাৰকী সজাগতা সপ্তাহ’ উদযাপন

ৰাজ্য চৰকাৰে সত্যনিষ্ঠাৰ সংস্কৃতিৰ দ্বাৰা দেশৰ সমৃদ্ধি শ্লোগানেৰে ২৮ অক্টোবৰৰ পৰা তদাৰকী সজাগতা সপ্তাহ ২০২৪ উদযাপন কৰিছে। প্ৰশাসন ব্যৱস্থা নিকা কৰা তথা দুর্নীতি পৰায়ন বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লক্ষ্যৰে এই সপ্তাহ পালন কৰি থকা হৈছে। এই পৰিপ্ৰেক্ষিতত এখন বিজ্ঞপ্তিৰ জৰিয়তে চৰকাৰী বিষয়...

October 30, 2024 12:06 PM

views 13

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ পৰিচালনা সন্দৰ্ভত বৈঠক

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ সফল পৰিচালনা সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই জিলাখনত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলোকে নিজ নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। বৈঠকত যোৰহাটৰ আৰক্ষী অ...

October 29, 2024 7:38 PM

views 26

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত

অহা ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি চামগুৰি সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপুৰঞ্জন শৰ্মাৰ হৈ মন্ত্ৰী বিমল বৰাই প্ৰচাৰ চলায়। প্ৰচাৰ সভাত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ কল্যাণ আৰু উন্নয়নৰ স্বাৰ...

October 29, 2024 7:36 PM

views 40

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত আয়োজিত ৰোজগাৰ মেলাত সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত আয়োজিত ৰোজগাৰ মেলাত উপস্থিত থাকে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১০ বছৰে যুৱ প্ৰজন্মৰ সৱলীকৰণৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। যুৱ প্ৰজন্মৰ উন্নয়নত প্ৰধানমন...

October 29, 2024 7:34 PM

views 20

এইমছৰ চাংসাৰিস্থিত চৌহদত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানত আয়োজিত বিশেষ অনুষ্ঠানৰ জৰিয়তে দেশৰ স্বাস্থ্যখণ্ডৰ সেৱাসমূহৰ উন্নীতকৰণৰ উদ্দেশ্যে ভার্চুৱেল ব্যৱস্থাৰে ১২ হাজাৰ ৮৫০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষ স্বাস্থ্য খণ্ড প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে এইম...

October 29, 2024 6:56 PM

views 24

যোৰহাটত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাৰ্যালয়ত অতুল বৰাৰ পর্যালোচনা বৈঠক

মন্ত্ৰী অতুল বৰাই আজি যোৰহাটত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাৰ্যালয়ত পশু চিকিৎসা বিষয়া আৰু খণ্ড পশু চিকিৎসা বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। বানৰ সময়ত জিলাখনৰ পশুধন আৰু হাঁহ-কুকুৰা ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত বিভাগটোৰ প্ৰদৰ্শন, পিয়লৰ স্থিতি সম্পৰ্কত বৈঠকত মূল্যায়ন কৰা হয়। বৈঠকত প...

October 29, 2024 6:55 PM

views 25

মাজুলীৰ কমলাবাৰী আৰু নিমাতী পাৰঘাট সংযোগী ফেৰী সেৱা কাইলৈ পুৱা পুনৰ আৰম্ভ

মাজুলীৰ কমলাবাৰী আৰু নিমাতী পাৰঘাট সংযোগী ফেৰী সেৱা কাইলৈ পুৱা পুনৰ আৰম্ভ হ'ব। আজি সন্ধিয়াৰে পৰা টিকট ক্রয় প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। পৰিবহন মন্ত্ৰী কেশৱ মহন্তই আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ লগতে কমলাবাৰী পাৰঘাটৰ দিশত জলপথৰ কিছু অংশত নতুনকৈ পৰা বালি...

October 29, 2024 6:09 PM

views 21

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত দুজন সন্ত্ৰাসবাদীৰ মৃত্যু

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত আজি জম্মুৰ আখনুৰ চেক্টৰৰ বনাঞ্চলত লুকাই থকা দুজন সন্ত্ৰাসবাদীৰ পুনৰ মৃত্যু হয়। ফলস্বৰূপে নিয়ন্ত্ৰণ ৰেখাৰ সমীপত দীর্ঘ সময়ধৰি সংঘটিত গুলীচালনাত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা তিনিজনলৈ বৃদ্ধি হয়। আমাৰ সংবাদদাতাই জনাইছে যে উগ্রপন্থীসকলে কালি সেনাবাহিনীৰ কনভয়ৰ এম্বুলে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।