আঞ্চলিক সংবাদ

October 31, 2024 7:17 PM

views 35

অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চৰ তিনিজন শীৰ্ষ আৰক্ষী বিষয়া আৰু এজন কনিষ্টবলক কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক সন্মানৰ বাবে নিৰ্বাচিত

অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চৰ তিনিজন শীৰ্ষ আৰক্ষী বিষয়া আৰু এজন কনিষ্টবলক কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক সন্মানৰ বাবে নিৰ্বাচিত হৈছে। ৰাজ্যখনত বিগত বৰ্ষৰ ২১ মাৰ্চৰ পৰা চলিত বৰ্ষৰ ২০ মাৰ্চলৈ কেইবাটাও অভিযানত সফলতা লাভ কৰাৰ স্বীকৃতিস্বৰূপে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে অসম আৰক্ষীৰ স্পেচিয়েল টা...

October 31, 2024 7:13 PM

views 26

ৰাজ্যৰ বিভিন্ন জিলাতো কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উৎসাহ-উদ্দীপনাৰে উদযাপন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উৎসাহ- উদ্দীপনাৰে উদযাপন কৰা হৈছে। দীপাৱলীৰ লগতে কালী পূজা উপলক্ষে গোৱালপাৰাত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। গোৱালপাৰা নগৰৰ শান্তিনগৰ সাৰ্বজনীন শ্যামাকালী মন্দিৰত কালী পূজা উলহ- মালহেৰে পালন কৰা হৈছে। সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি...

October 31, 2024 6:44 PM

views 21

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বৃহৎ পৰিমাণৰ মাদক দ্রব্যসহ এজন যুৱক আটক

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বৃহৎ পৰিমাণৰ মাদক দ্রব্যসহ এজন যুৱকক আটক কৰা হয়। মাৰ্ঘেৰিটাৰ আৰক্ষীয়ে ১ নম্বৰ মাকুম পথাৰত চলোৱা অভিযানত প্ৰায় ৩৭ গ্রাম মাদক দ্রব্য জব্দ কৰে। আটকাধীন যুৱকজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।

October 31, 2024 6:40 PM

views 23

বিদ্যুৎ পৰিবহন উন্নত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ ১২০০ কোটি টকাৰ প্ৰকল্প

গ্রাম্য অঞ্চলসমূহত বিশেষ গুৰুত্ব আৰোপ কৰি বিদ্যুৎ পৰিবহন উন্নত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ১২০০ কোটি টকাৰ প্ৰকল্প হাতত লৈছে। সামাজিক মাধ্যমৰ এটা বার্তা যোগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে এই বছৰৰ অক্টোবৰলৈকে ১২ হাজাৰ কিলোমিটাৰতকৈ অধিক এল টি লাইন সলনি কৰা হৈছে আৰু ২৫০ কিলোমিটাৰ নতুন ১১ কি...

October 31, 2024 6:36 PM

views 24

ডিব্ৰুগড়ত আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১০ বছৰে চৰ্দাৰ বল্লভ ভাই পেটেলৰ নীতি আৰু প্ৰমূল্যৰে সমগ্ৰ ৰাষ্ট্ৰক একতাৰ ডোলেৰে বান্ধিবলৈ নিৰন্তৰ প্ৰচেষ্টা...

October 31, 2024 11:55 AM

views 18

মৰিগাঁও জিলাত ৪৪৮খন বিদ্যালয়ত ৰাণী লক্ষ্মীবাঈ আত্মৰক্ষা প্ৰশিক্ষণ কাৰ্যসূচী

মৰিগাঁও জিলাত সমগ্ৰ শিক্ষাৰ অধীনত ৪৪৮খন বিদ্যালয়ত ৰাণী লক্ষ্মীবাঈ আত্মৰক্ষা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ছাত্ৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে তেওঁলোকক আত্মবিশ্বাসী কৰি তুলিবলৈ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

October 31, 2024 11:53 AM

views 27

ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণে প্ৰস্তুত কৰা ভিজন-২০৪৫ৰ চূড়ান্ত পৰিকল্পনা মুকলি কৰি ২০৪৫ চনৰ ভিতৰত ডিব্ৰুগড় প্ৰদূষণমুক্ত চহৰ হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশা প্রকাশ

কেন্দ্ৰীয় জাহাজ পৰিবহণ, বন্দৰ আৰু জল পথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণে প্ৰস্তুত কৰা ভিজন-২০৪৫ৰ চূড়ান্ত পৰিকল্পনা মুকলি কৰি ২০৪৫ চনৰ ভিতৰত ডিব্ৰুগড় চহৰখন প্ৰদূষণমুক্ত চহৰ হ'ব বুলি আশা প্রকাশ কৰে। তেওঁ কয় যে, ডিব্ৰুগড়ৰ বহনক্ষম উন্নয়নৰ বাবে প্ৰচেষ্টা চলোৱাৰ সময়ত ইয়া...

October 31, 2024 11:44 AM

views 32

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া  ৮ নৱেম্বৰৰ পৰা আৰম্ভ

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পৰিক্ষাৰ্থীসকলৰ বাবে অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া অহা ৮ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া ৩০ নৱেম্বৰত অন্ত পৰিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অহা বছৰৰ ফেব্ৰুৱাৰী-মার্চ মাহত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। সেই অনুসৰি প্ৰ...

October 31, 2024 11:40 AM

views 28

ৰাজ্যৰ ৫ টা সমষ্টিত ১৩ নৱেম্বৰত হবলগীয়া উপ নির্বাচনৰ বাবে মুঠ ৩৪ গৰাকী প্ৰাৰ্থীৰ প্রতিদ্বন্দিতা

ৰাজ্যৰ ৫ টা সমষ্টিত অহা ১৩ নৱেম্বৰত হবলগীয়া উপ নির্বাচনৰ বাবে মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দিতা কৰাটো নিশ্চিত হৈছে। কালি মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিনা ধলাই বিধানসভা সমষ্টিৰ এজন নির্দলীয় প্রার্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ ফলত সমাগত উপ-নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া মুঠ প্ৰাৰ্থী...

October 30, 2024 9:14 PM

views 17

দীঘলীপুখুৰীপাৰৰ গছ নকটাকৈ উৰণ সেতু নিৰ্মাণ সম্পর্কে প্ৰতিবেদন দাখিল কৰিবলৈ লোক নিৰ্মাণ পথ বিভাগক মুখ্য সচিবৰ নিৰ্দেশ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে দীঘলীপুখুৰীৰ পশ্চিম আৰু পূব পাৰৰ পথ দুটা ব্যৱহাৰ নকৰাকৈ জি এন বি পথত উৰণ সেতু নিৰ্মাণৰ বিষয়টো সম্পৰ্কে আলোচনা কৰিবলৈ ৰাজ্যৰ মুখ্য সচিব ড০ ৰবী কোটা আজি লোক নিৰ্মাণ পথ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন আলোচনাত মিলিত হয়। এই বৈঠকত দীঘলীপুখুৰীৰ আশে-পাশে থকা ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।