আঞ্চলিক সংবাদ

September 29, 2024 8:34 PM September 29, 2024 8:34 PM

views 6

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত বাছনি লাভ কৰা ২৫,২৩৮গৰাকী উদ্যোগীলৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কাইলৈ আৰম্ভ

 মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত বাছনি লাভ কৰা ২৫,২৩৮গৰাকী উদ্যোগীলৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কাইলৈ আৰম্ভ কৰা হ'ব। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈ হ'বলগীয়া বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ৰাজ্যৰ বচা বচা কেইগৰাকীমান উদ্যোগীক আনুষ্ঠানিক...

September 29, 2024 8:28 PM September 29, 2024 8:28 PM

views 6

বিশেষভাৱে সক্ষম লোকসকলৰ সহায় হোৱাকৈ ভাৰতীয় সাংকেতিক ভাষাৰ শব্দকোষত প্ৰায় ২,৫০০ নতুন শব্দ সংযোজন

বিশেষভাৱে সক্ষম লোকসকলৰ সহায় হোৱাকৈ ভাৰতীয় সাংকেতিক ভাষাৰ শব্দকোষত গণিত, বিজ্ঞান আৰু অন্যান্য শৈক্ষিক ক্ষেত্ৰসমূহৰ বিভিন্ন বিষয়বস্তু সামৰি প্ৰায় ২,৫০০ নতুন শব্দ সংযোজন কৰা হৈছে প্রতিবন্ধী ব্যক্তি সৱলীকৰণ বিভাগৰ অধীনস্থ ভাৰতীয় সাংকেতিক ভাষা গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰই ৪ টা অন্যান্য সহযোগী সংস্...

September 29, 2024 7:59 PM September 29, 2024 7:59 PM

views 13

১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ উত্তৰ-পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত অহা ৫ৰ পৰা ৬ দিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বিভাগটোৱে জনোৱা মতে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশত অহা ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

September 29, 2024 7:39 PM September 29, 2024 7:39 PM

views 6

মৰিগাঁও জিলাৰ মায়ঙত গঁড়ৰ আক্ৰমণত এজন লোকৰ মৃত্যু

মৰিগাঁও জিলাৰ মায়ঙত আজি পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা গঁড়ৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয়। অঞ্চলটোৰ হাদুক দলঙৰ সমীপত সংঘটিত এই ঘটনাত মৃত্যু হোৱা লোকজন ৩৫ বছৰীয়া ছাদ্দাম হুছেইন বুলি চিনাক্ত কৰা হৈছে। লোকজনে ডিমৰীয়াৰ কচুতলিৰ পৰা উচ্ছেদ হোৱা নিজৰ বাসগৃহ সা-সামগ্রী কঢ়িয়াই নিয়া বাহনখনৰ পিছে পিছে...

September 29, 2024 7:29 PM September 29, 2024 7:29 PM

views 13

শাৰদীয় দুর্গা পূজা সমিতিসমূহলৈ বিত্তীয় সাহায্য প্ৰদানৰ বিষয়ে অসম চৰকাৰৰ ঘোষণা

সমগ্ৰ ৰাজ্যজুৰি শাৰদীয় দুর্গা পূজাৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহ আটকধুনীয়াকৈ নিৰ্মাণৰ বাবে প্ৰস্তুতি চলিছে। প্রতি বছৰৰ দৰে এইবাৰো অসম চৰকাৰে দুর্গা পূজা সমিতিসমূহলৈ বিত্তীয় সাহায্য প্ৰদানৰ বিষয়ে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর...

September 29, 2024 7:09 PM September 29, 2024 7:09 PM

views 14

স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গ আৰু চালক পদৰ বাবে শান্তিপূর্ণভাৱে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত

ৰাজ্যৰ কেইবাখনো জিলাত আজি স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰে এই পৰীক্ষা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰা লগতে পৰীক্ষা প্ৰক্ৰিয়াত অসাধু উপায় অৱলম্বন কৰাটো ৰোধ কৰাৰ বাবে পৰীক্ষা চলি থকা সময়ছোৱাত সমগ...

September 29, 2024 11:45 AM September 29, 2024 11:45 AM

views 11

কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহত পহিলা অক্টোবৰৰ পৰা পূৰ্বৰ সময় অনুসৰি পাঠদান কৰিবলৈ নিৰ্দেশ

কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহত অহা পহিলা অক্টোবৰৰ পৰা পূৰ্বৰ সময় অনুসৰি পাঠদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সৰ্বশিক্ষা অভিযানৰ কামৰূপ মহানগৰ জিলাৰ মিছন সমন্বয়কে এটা নির্দেশযোগে এই বিষয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে প্রচণ্ড গ্রীষ্মপ্ৰবাহৰ বাবে কামৰূপ মহানগৰ জিলাৰ চৰকাৰী, প্ৰাদেশিকৃত আৰু ব্যক্তিগ...

September 29, 2024 11:42 AM September 29, 2024 11:42 AM

views 48

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সাধাৰণ পৰ্যটকৰ বাবে পৰহিলৈ মুকলি

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সাধাৰণ পৰ্যটকৰ বাবে পৰহিলৈ মুকলি কৰা হ'ব। ইয়াৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। প্ৰথম অৱস্থাত পৰ্যটকসকলৰ বাবে কেৱল জীপ ছাফাৰীৰ ব্যৱস্থা থাকিব। অহা ১ নৱেম্বৰৰ পৰা পৰ্যটকসকলে হাতী ছাফাৰীৰ সুবিধা লাভ কৰিব। কাজিৰঙা ৰাষ্...

September 29, 2024 11:40 AM September 29, 2024 11:40 AM

views 13

অসমৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক নিযুক্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ জাৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক নিযুক্তিত স্থগিতাদেশ জাৰি কৰিছে। গোচৰ নিষ্পত্তি নোহোৱা পৰ্যন্ত উচ্চ মাধ্যমিক বিদ্যালয়সূহত শিক্ষা বিভাগে প্রধান শিক্ষক নিযুক্তি প্রক্রিয়া আগবঢ়াব নোৱাৰিব। উল্লেখযোগ্য যে ২০২৪ চনৰ আৰম্ভণিতে শিক্ষা বিভাগে উচ্চ মাধ্যমিক বিদ্যা...

September 29, 2024 11:33 AM September 29, 2024 11:33 AM

views 8

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্যৰ উদ্যোগীসকললৈ আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্যৰ উদ্যোগীসকললৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈ হ'বলগীয়া বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বচা বচা কেইগৰাকীমান উদ্যোগীক আনুষ্ঠানিকভাৱে ইয়াৰ প্ৰথমটো কিস্তি প...