আঞ্চলিক সংবাদ

October 2, 2024 7:41 PM October 2, 2024 7:41 PM

views 4

দেশৰ মুঠ ৩৩টা সংকুচিত জৈৱ গেছ প্ৰকল্পৰ আঁচনিৰ উদ্বোধন প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমত স্থাপন হ'বলগীয়া চাৰিটা গুৰুত্বপূৰ্ণ প্ৰকল্পকে ধৰি দেশৰ মুঠ ৩৩টা সংকুচিত জৈৱ গেছ প্ৰকল্পৰ ভার্চুৱেল ব্যৱস্থাৰে আধাৰশিলা স্থাপন কৰে। অইল ইণ্ডিয়া লিমিটেডে গুৱাহাটী, যোৰহাট, শিৱসাগৰ আৰু তিনিচুকীয়াত সংকুচিত জৈৱ গেছ প্রকল্প স্থাপনৰ ব্যৱস্থা কৰিছে। কেন্দ্ৰীয় চৰকা...

October 2, 2024 4:12 PM October 2, 2024 4:12 PM

views 14

ৰাজ্যত প্ৰথম পৰ্যায়ত অহা ৪ আৰু ৫ অক্টোবৰত ৩৯ খন সমজিলাৰ কাৰ্যালয় মুকলি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ

ৰাজ্যত প্ৰথম পৰ্যায়ত অহা ৪ আৰু ৫ অক্টোবৰত ৩৯ খন সমজিলাৰ কাৰ্যালয় মুকলি কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। চৰকাৰৰ সিদ্ধান্ত অনুসৰি মন্ত্ৰীসকলে বিভিন্ন জিলালৈ গৈ এই দুদিনত সম জিলাৰ কাৰ্যালয়সম...

October 2, 2024 3:57 PM October 2, 2024 3:57 PM

views 14

গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰত ছাফাই মিত্ৰ সুৰক্ষা শিবিৰ আয়োজন

গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰত ছাফাই মিত্ৰ সুৰক্ষা শিবিৰ আয়োজন কৰা হয়। যোৰাবাটৰ আৰ্হি হাস্পাতালৰ জ্যেষ্ঠ চিকিৎসক ডা০ নয়নমণি ৰাভাৰ লগতে বহুকেইজন চিকিৎসাকর্মীৰ উপস্থিতিত এই শিবিৰত বিনামূলীয়াকৈ ছাফাই কৰ্মীসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী আৰু ...

October 2, 2024 9:51 AM October 2, 2024 9:51 AM

views 9

গান্ধী জয়ন্তী উপলক্ষে যোৰহাট জিলাত মাংসৰ দোকান আৰু জীৱ-জন্তুৰ বধশালাসমূহ বন্ধৰ আহ্বান আয়ুক্তৰ

● গান্ধী জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে মাংসৰ দোকান আৰু জীৱ-জন্তুৰ বধশালাসমূহ বন্ধ কৰাৰ বাবে দিয়া নিৰ্দেশনাৰ অংশ হিচাপে যোৰহাট জিলা আয়ুক্তইও জিলাখনত আজি এই নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। আয়ুক্তগৰাকীয়ে আজিৰ দিনটোত জিলাখনৰ সকলো মাংসৰ দোকান আৰু বধশালাসমূহ বন্ধ ৰখাৰ লগতে এইক্...

October 2, 2024 9:48 AM October 2, 2024 9:48 AM

views 8

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীত আজি সমগ্র দেশবাসীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

● জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীত আজি সমগ্র দেশবাসীয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। গান্ধী জয়ন্তী উপলক্ষে প্ৰতি বছৰে সমগ্ৰ দেশৰ লগতে প্রবাসী ভাৰতীয়সকলেও ধাৰাবাহিকভাৱে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আহিছে। নতুন দিল্লীৰ ৰাজঘাটৰ বাপুৰ সমাধিস্থলীত গান্ধী জয়ন্তী উপলক্ষে আজি এখন সৰ্বধৰ্মীয় ...

October 2, 2024 9:40 AM October 2, 2024 9:40 AM

views 15

আজি মহালয়া

● আজি মহালয়া। আহিন মাহৰ অমাৱাস্যা তিথিটোক মহালয়া নামেৰে অভিহিত কৰা হয় আৰু এই দিনটোতে দিন-ৰাতিৰ সন্ধিক্ষণৰ পৰা মহালয়া পূজা আৰম্ভ হয়। মহালয়ৰ পৱিত্ৰ ক্ষণত দেৱী দুৰ্গাৰ ধৰালৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগে লগেই দুৰ্গা পূজাৰ আধ্যাত্মিক পৰ্বসমূহো আৰম্ভ হয়। মহালয়া উপলক্ষে পাৰ্বন শ্রাদ্ধ ক...

October 2, 2024 9:35 AM October 2, 2024 9:35 AM

views 11

অসমকে ধৰি ১৪ খন বান ক্ষতিগ্ৰস্ত ৰাজ্যলৈ কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ পুঁজিৰ আৱণ্টন

● কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে অসমকে ধৰি ১৪ খন বান ক্ষতিগ্ৰস্ত ৰাজ্যলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুজি আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰিৰ পুজিৰ অংশ হিচাপে ৫ হাজাৰ ৮৫৮ কোটি ৬০ লাখ টকাৰ আৱণ্টন দিছে। কেন্দ্ৰীয় চৰকাৰে অসমলৈ ৭১৬ কোটি টকা আবণ্টন দিছে। একেদৰে মহাৰাষ্ট্ৰলৈ ১,৪৯২ কোটি টকা, অন্ধ্ৰ প্ৰদেশলৈ এহেজাৰ কোটি...

October 2, 2024 9:28 AM October 2, 2024 9:28 AM

views 6

উচ্চতৰ মাধ্যমিকত ৭৫ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰক ড° বাণীকান্ত কাকতি বঁটাৰে স্কুটি প্ৰদানৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰী আৰু ৭৫ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰক ড° বাণীকান্ত কাকতি বঁটাৰে স্কুটি প্ৰদান কৰাৰ সিদ্ধান্তত ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে। সৰ্বমুঠ ৪০ হাজাৰ ৭৩৫ গৰাকী ছাত্ৰী, ৭ হাজাৰ ৯৩৮ জন ছাত্ৰক এই স্কুটি প্ৰদান কৰাৰ বাবে কেবিনেটে অনুমোদন জনায়। এই স্কুটিস...

October 1, 2024 8:27 PM October 1, 2024 8:27 PM

views 10

ডº বাণীকান্ত কাকতি বঁটাৰ স্কুটি প্ৰদানৰ সিদ্ধান্তত অসম কেবিনেটৰ অনুমোদন

অসম কেবিনেটে আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰী আৰু ৭৫ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰক ডº বাণীকান্ত কাকতি বঁটাৰে স্কুটি প্ৰদান কৰাৰ সিদ্ধান্তত অনুমোদন জনায়। সৰ্বমুঠ ৪৮ হাজাৰ ৬৭৩ গৰাকী ছাত্র-ছাত্রীক এই স্কুটি প্রদান কৰাৰ বাবে কেবিনেটে আজি অনুমোদন জনায়। ন্যায়ধীশ বিপ্লৱ শৰ্মা ...

October 1, 2024 8:07 PM October 1, 2024 8:07 PM

views 5

আজিৰে পৰা দেশ-বিদেশৰ পৰ্যটকৰ বাবে কাজিৰঙা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশ-বিদেশৰ পৰ্যটকৰ বাবে আজি মুকলি কৰা হয়। ৰাজ্য চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বাগৰি বনাঞ্চলৰ প্ৰৱেশ দ্বাৰৰ ফিটা কাটি ৰাষ্ট্ৰীয় উদ্যানখন ২০২৪-২৫ পর্যটন বর্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে। সমান্তৰালকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ ক'হৰা আৰু বুঢ়া পাহাৰ বনাঞ্চ...