আঞ্চলিক সংবাদ

January 22, 2026 6:54 PM

views 13

বিশ্ব অর্থনৈতিক মঞ্চৰ অধিৱেশনৰ আজি স্বাস্থ্য আৰু স্বাস্থ্য সেৱা সম্পর্কীয় গুৰুত্বপূর্ণ বৈঠকত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ছুইজাৰলেণ্ডৰ ডাভ'ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চৰ অধিৱেশনৰ চতুর্থ দিনা স্বাস্থ্য আৰু স্বাস্থ্য সেৱা সম্পর্কীয় গুৰুত্বপূর্ণ বৈঠকত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অসমৰ অগ্ৰাধিকাৰৰ বিষয়সমূহক গোলকীয় মঞ্চলৈ লৈ যোৱাৰ উদ্দেশ্যে ৫ খন দ্বিপাক্ষিক বৈঠকত মিলিত হ...

January 22, 2026 12:41 PM

views 23

হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধিৰ দলৰ কোকৰাঝাৰ জিলাৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ হৈছে। বি টিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এটা সৰ্বদলীয় প্ৰতিনিধিৰ দলে আজি জিলাখনৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি শিবিৰত থকা লোকসকলৰ অৱস্থাৰ বুজ লয়। দলটোত বিধায়ক লৰেঞ্চ ইছলাৰী আৰু বি টি চিৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য আছিল। জিলাখনত ...

January 22, 2026 12:36 PM

views 14

দেউৰী জনগোষ্ঠীৰ লোকসকলৰ আজি মাঘ বিচু অর্থাৎ মাঘ বিহু পালন

দেউৰী জনগোষ্ঠীৰ লোকসকলে আজি মাঘ বিচু অর্থাৎ মাঘ বিহু পালন কৰিছে। জনগোষ্ঠীটোৰ বসতিপ্ৰধান ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীৰ পূব চিৰাম দেউৰী, পশ্চিম চিৰাম দেউৰী আৰু মাজৰ দেউৰী গাঁৱৰ লোকসকলে উলহ-মালহেৰে বিহু পালন কৰিছে। পূব চিৰাম গাঁৱৰ দেউৰী ৰাইজে সমজুৱাকৈ আয়োজন কৰা ভোগালী বিহুস্থলীত কালি উৰুকাৰ নি...

January 22, 2026 12:33 PM

views 18

শ্রীভূমি জিলাৰ আয়ুক্তৰ ঘোষণা: ভোটদাতা তালিকা সম্পৰ্কীয় সকলো বিষয় নিষ্পত্তি ব্যৱস্থা কৰা হৈছে

শ্রীভূমি জিলাৰ আয়ুক্তই ১৯৫০ চনৰ জনসাধাৰণৰ প্ৰতিনিধিত্ব আইন, ১৯৬০ চনৰ ভোটদাতা পঞ্জীয়ন নিয়মাৱলী আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ভোটদাতা তালিকা সম্পৰ্কীয় সকলো বিষয় নিষ্পত্তি ব্যৱস্থা কৰা হৈছে বুলি স্পষ্ট কৰি দিছে। সত্যাসত্য নিৰূপণ আৰু সংশ্লিষ্ট প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাকৈ কোনো ভোটদাতাৰ নাম ভ...

January 22, 2026 12:30 PM

views 26

সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রশাসনৰ প্রস্তুতি অব্যাহত

সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রশাসনে প্রস্তুতি অব্যাহত ৰাখিছে। ইয়াৰ বাবে জিলা সদৰসমূহত কুচ-কাৱাজৰ অনুশীলন কৰি থকা হৈছে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ আশাৰিকান্দি গাঁৱৰ ঐতিহ্যমণ্ডিত পোৰামাটিৰ শিল্প এইবাৰ নতুন দিল্লীত কৰ্তব্যপথত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুচ- কাৱাজত প্ৰদৰ্শন কৰা হ'ব। ময়ুৰপ...

January 22, 2026 12:27 PM

views 14

দুলীয়াজান ৰে’ল ষ্টেচনৰ সমীপত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ উত্তপ্ত পৰিস্থিতি

দুলীয়াজান ৰে'ল ষ্টেচনৰ সমীপত কালি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে ডিব্ৰুগড়ৰ পৰা দুলীয়াজান অভিমুখে গৈ থকা এখন টেংকাৰে বিপৰীত দিশৰ পৰা অহা এখন মটৰ চাইকেলক খুন্দা মৰাৰ ফলত মটৰ চাইকেল আৰোহীজনৰ থিতাতে মৃত্যু হয়। ঘটনা...

January 22, 2026 12:20 PM

views 61

কাইলৈ সৰস্বতী পূজা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈ বিদ্যা আৰু সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা-অৰ্চনা কৰা হ'ব। গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ৰাজ্য বিভিন্ন প্ৰান্ততো এই পূজাৰ আয়োজন কৰা হৈছে। মৃণ্ময় মূৰ্তিক প্রাণৱন্ত কৰাৰ বাবে প্ৰতিমা আৰু পূজাৰ সামগ্ৰীৰে বজাৰ ভৰি পৰা পৰিলক্ষিত হৈছে।...

January 22, 2026 12:17 PM

views 24

চতিয়া থানাত আৰক্ষী জিম্মাৰ পৰা আচামীৰ পলায়নৰ পাছতে ৩গৰাকী আৰক্ষী জোৱানক নিলম্বন

বিশ্বনাথ জিলাৰ চতিয়া থানাত আৰক্ষী জিম্মাৰ পৰা আচামীৰ পলায়নৰ পাছতে তিনিগৰাকী আৰক্ষী জোৱানক নিলম্বন কৰা হৈছে। নিলম্বিত জোৱানকেইজন কনিষ্টবল প্রিয়ংকা বাৰুতি, এল চি বিমান দাস আৰু চন্তৰীৰ দায়িত্বত থকা জন কোৰাদাক বুলি প্ৰকাশ কৰা হৈছে। বিশ্বনাথ আৰক্ষী অধীক্ষকে এটা নির্দেশযোগে এই জোৱানকেইজনক নিলম্বন কৰিছ...

January 22, 2026 12:14 PM

views 24

অসমত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পৰীক্ষণ প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব

বিধানসভা নিৰ্বাচনৰ বাবে অসমত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পৰীক্ষণ প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। ভোটাৰসকলক তেওঁলোকৰ কিবা ওজৰ-আপত্তি থাকিলে আজিৰ ভিতৰত এইসমূহ দাখিল কৰিবলৈ ৰাজ্যিক নির্বাচন আয়োগে ইতিমধ্যে অধিসূচনাৰ জৰিয়তে আহ্বান জনাইছে। অভিযোগ নিষ্পত্তিৰ পাছতে অহা ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রক...

January 22, 2026 12:07 PM

views 13

গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্রতিষ্ঠান আই আই ই পৰিদৰ্শন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীৰ

কেন্দ্ৰীয় দক্ষতা আৰু উদ্যমিতা দপ্তৰৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কালি গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্রতিষ্ঠান আই আই ই পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে আই আই ই চৌহদত নতুনকৈ স্থাপন কৰা দক্ষতা ভাৰত আন্তর্জাতিক কেন্দ্ৰও প্ৰত্যক্ষ কৰাৰ লগতে আন্তঃগাঁথনি আৰু আন্তৰ্জাতিক দক্ষতা মানৰ প্ৰসাৰ আৰু বি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।