আঞ্চলিক সংবাদ

December 18, 2025 4:22 PM

views 38

শিৱসাগৰৰ ৰূপহীমুখত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দূৰ্ঘটনাত দুজন লোক নিহত

শিৱসাগৰ জিলাৰ ৰূপহীমুখত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দূৰ্ঘটনাত আজি দুজন লোক নিহত হোৱাৰ লগতে এটি শিশুসহ আন এজন গুৰুতৰভাৱে আহত হয়। আজি পুৱা ঘন কুঁৱলীৰ মাজেৰে শিৱসাগৰৰ পৰা যোৰহাট অভিমুখে গৈ থকা এখন ডাম্পাৰত বিপৰীত দিশৰ পৰা আহি থকা এখন বাহনে খুন্দা মৰাৰ ফলতে এই দূর্ঘটনা সংঘটিত হয়। দূৰ্ঘটনা...

December 18, 2025 4:20 PM

views 27

পুনেত ৰাষ্ট্ৰীয় কলা উৎসৱৰ দলীয় লোক কলা শিতানত ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩ গৰাকী শিক্ষাৰ্থীয়ে অসমক প্রতিনিধিত্ব কৰিব

দৰং জিলাৰ ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩ গৰাকী শিক্ষাৰ্থীয়ে অহা ২০ ডিচেম্বৰৰ পৰা পুনেত হ'বলগীয়া ৰাষ্ট্ৰীয় কলা উৎসৱৰ দলীয় লোক কলা শিতানত অসমক প্রতিনিধিত্ব কৰিব। শিক্ষা মন্ত্ৰালয়ে আয়োজন কৰা এই উৎসৱত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰা শিক্ষাৰ্থী কেইগৰাকী হৈছে জ্যোতিস্...

December 18, 2025 4:18 PM

views 38

১৩০ বিঘা মাটিত আলু, সৰিয়হ, ৰঙা লাওৰ খেতিৰে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন মাজুলীৰ দিপাঙ্কৰ ৰাজখোৱাৰ

মাজুলী জিলা ছাত্রসন্থাৰ সম্পাদক তথা এগৰাকী কৃষক দিপাঙ্কৰ ৰাজখোৱাই প্ৰায় ১৩০ বিঘা মাটিত আলু, সৰিয়হ, ৰঙা লাওৰ খেতিৰে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। মাজুলীৰ গেজিং চাপৰিত ভূমি লীজত লৈ বিগত ৫ বছৰে তেওঁ কৃষি কৰ্মৰে যথেষ্ট লাভান্বিত হৈছে। কৃষকগৰাকীয়ে নিজৰ লগতে আন ১০ টা পৰিয়ালকো কৃষি কৰ্মত...

December 18, 2025 4:15 PM

views 25

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুর্থজন লোকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুর্থজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটো উজান বজাৰৰ অভিজিত চৌধুৰীৰ বুলি চিনাক্ত কৰা হৈছে। এজন লোকৰ এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যাত্মি...

December 18, 2025 4:13 PM

views 21

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ দেহাৱসান

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ যোৱা নিশা উত্তৰ প্ৰদেশৰ নয়ডাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০০ বছৰ। পদ্মভূষণ সন্মানেৰে বিভূষিত ভাস্কৰ্য্য শিল্পীগৰাকী গুজৰাটত স্থাপন কৰা বিশ্বৰ সবাটোকৈ ওখ প্ৰতিমূৰ্তি একতাৰ মূৰ্তিৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে জনাজাত। তেওঁ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূ...

December 18, 2025 4:10 PM

views 38

আজি ৪৩ গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব

স্বচ্ছ আৰু মেধা ব্যক্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি ৪৩ গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ ভিতৰত ১৬ গৰাকী যান্ত্ৰীক অভিযন্তা, ১১ গৰাকী বৈদ্যুতিক অভিযন্তা, ৮ গৰাকী জনস্বাস্থ্য অভিযন্তা, ৬ গৰাকী পৰিৱেশিক অভিযন্তা আৰু ২ গৰাকী ব্যৱহাৰিক অভিযন্তা আছে। দিছপুৰৰ লোকসেৱ...

December 18, 2025 12:19 PM

views 42

গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত ২১ ডিচেম্বৰত প্রধানমন্ত্ৰী মোদীয়ে পৰীক্ষা পে চৰ্চা বিষয় লৈ আলোচনা কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২১ ডিচেম্বৰত গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ ২৫-৩০ গৰাকী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা অৰ্থাৎ পৰীক্ষা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰিব। এই অনুষ্ঠানৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বাছনি কৰা হৈছে। এই কাৰ্যসূচীৰ...

December 18, 2025 12:47 PM

views 27

অসমৰ চাহ শ্রমিকক কাম কৰিবলৈ অৰুণাচললৈ লৈ যোৱাটো চিন্তনীয়: মুখ্যমন্ত্ৰী

● অসমৰ চাহ শ্রমিকক কাম কৰিবলৈ অৰুণাচললৈ লৈ যোৱাটো চিন্তনীয় বিষয় বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্তব্য কৰিছে। শ্রমিকসকলক কোনোধৰণৰ অনুমতি নোহোৱাকৈ এনেদৰে লৈ যোৱা তথা সামাজিক নিৰাপত্তা নথকা ব্যৱস্থাটো কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলিও তেওঁ উল্লেখ কৰিছে। চাহ বাগানৰ পৰা মানৱ সৰবৰাহ কৰাৰ অভিযো...

December 18, 2025 12:26 PM

views 34

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন ১২৫ দিনীয়া নিয়োগ নিশ্চিত আঁচনি সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা আৰু অসম ৰাজ্যিক বিজেপিৰ মুখপাত্র ড° দেৱজিৎ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা বাতৰি বি...

December 18, 2025 12:24 PM

views 28

মাছখোৱা আই টি এ কেন্দ্ৰত দ্বাবিংশতিতম ডাঃ অমিতাভ চৌধুৰী স্মাৰক বক্তৃতাৰ আয়োজন

● ডাঃ অমিতাভ চৌধুৰী স্মাৰক ন্যাসৰ উদ্যোগত কাইলৈ গুৱাহাটীৰ মাছখোৱা আই টি এ কেন্দ্ৰত দ্বাবিংশতিতম ডাঃ অমিতাভ চৌধুৰী স্মাৰক বক্তৃতাৰ আয়োজন কৰা হৈছে। বিয়লি পাঁচ বজাত হ'বলগীয়া এই অনুষ্ঠানত দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব্ মেডিকেল চায়েন্স চমুকৈ এইমচৰ প্ৰাক্তন অধ্যাপক তথা বিভাগীয় মুৰববী পদ্মশ্রী ডাঃ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।