আঞ্চলিক সংবাদ

January 4, 2025 12:17 PM

views 21

পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা ৯ জানুৱাৰীলৈকে জাৰি নকৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পুনৰ বিবেচনাৰ আবেদন ৰাজ্য চৰকাৰৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা ৯ জানুৱাৰীলৈকে জাৰি নকৰিবলৈ ৰাজ্য চৰকাৰক দিয়া নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ অসম চৰকাৰে আবেদন জনাইছে। কালি এই স্থগিতাদেশৰ সংশোধনী বিচাৰি ৰাজ্য চৰকাৰে দাখিল কৰা হস্তক্ষেপধৰ্মী আবেদনৰ শুনানি ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ আদালতে গ্ৰহণ কৰে আৰু এই সম্পৰ্...

January 4, 2025 12:16 PM

views 23

গোৱালপাৰাৰ দুধনৈত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰা জিলাৰ দুধনৈত কালি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰে। ড° শৰ্মাই উদয়পুৰত সচিবালয় ভৱন উদ্বোধন কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰশাসনিক প্ৰয়োজনীয়তা আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ভৱনটো নিৰ্মাণ কৰা হৈছে । মুখ্যমন্ত্ৰ...

January 4, 2025 12:15 PM

views 12

২০১৪ চনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন নকৰা লোকসকলে নাপাব আধাৰ কাৰ্ডঃ মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰে আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত কেতবোৰ নতুন ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি আবেদনকাৰীসকলে পূৰ্বৰ তুলনাত অধিক কঠোৰ নিয়মাৱলী অনুসৰণ কৰিব লাগিব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি গোৱালপাৰাত এই কথা প্ৰকাশ কৰে। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ সচিবালয়ৰ উদ্বোধন উপলক্ষে আয়োজিত এটা অনুষ্ঠান...

January 4, 2025 12:13 PM

views 10

আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ নতুন এফ এম ট্রান্সমিটাৰৰ পৰা অনুষ্ঠান প্ৰচাৰ আৰম্ভ

আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰত স্থাপন কৰা ১০ কিলোৱাট শক্তি সম্পন্ন নতুন এফ এম ট্রান্সমিটাৰৰ পৰা অনুষ্ঠান প্ৰচাৰ আৰম্ভ হৈছে। এফ এম বেণ্ডৰ ১০২ মেগাহার্টজত এই ট্রান্সমিটাৰৰ পৰা প্ৰচাৰিত উন্নত মানৰ অনুষ্ঠান কোকৰাঝাৰৰ লগতে ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা আৰু চিৰাং জিলাৰ শ্ৰোতাসকলে শুনিবলৈ সমৰ্থ হৈছে।  তথ্য আৰু স...

January 4, 2025 12:11 PM

views 10

ৰাজ্যৰ আটাইকেইখন বিশ্ববিদ্যালয়তে এখনেই শৈক্ষিক দিনপঞ্জী প্ৰস্তুতৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰস্তাৱ

অসমত সুস্থ শৈক্ষিক পৰিৱেশ স্থাপনৰ উদ্দেশ্যে আটাইকেইখন বিশ্ববিদ্যালয়তে এখনেই শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰাৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম শাখাই প্ৰস্তাৱ দিছে। এই উদ্দেশ্যে কালি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসমৰ এটা প্ৰতিনিধি দলে ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যক সাক্ষাৎ কৰে। অসমৰ ৰাজ্যিক ...

January 4, 2025 12:10 PM

views 22

অসম, অৰুণাচল, মেঘালয়, নাগালেণ্ড, আৰু মণিপুৰৰ বতৰ আজি ফৰকাল হৈ থাকিব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, আৰু মণিপুৰৰ বতৰ ঘাইকৈ ফৰকাল হৈ থাকিব বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি আজি আৰু কাইলৈ অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বিভিন্ন অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰিব। আজি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা...

January 4, 2025 12:09 PM

views 11

প্ৰতিবছৰে ১৩ মে’ত অন্ধবিশ্বাসবিৰোধী দিৱস পালনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে প্ৰতিবছৰে ১৩ মে'ত অন্ধবিশ্বাসবিৰোধী দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী সন্মানেৰে বিভূষিত বীৰুবালা ৰাভাৰ মৃত্যুৰ দিনটো এনেদৰে পালন কৰিবলৈ ৰাজ্যপালৰ অনুমোদন সাপেক্ষে মহিলা আৰু শিশু বিকাশ বিভাগে অধিসূচনা জাৰি কৰিছে। অধিসূচনাখ...

January 4, 2025 12:03 PM

views 16

জোনাইৰ পবা অভায়ৰণ্যৰ লালী নৈৰ বালিচাপৰিত ১০-১২ জানুৱাৰীলৈ দ্বিতীয় পবা মহোৎসৱ

জোনাইৰ পবা অভায়ৰণ্যৰ লালী নৈৰ বালিচাপৰিত তিনি দিনীয়া কাৰ্যসূচীৰে দ্বিতীয় পবা মহোৎসৱৰ আয়োজন কৰা হৈছে। মিচিং স্বায়ত্বশাসিত পৰিষদ আৰু জোনাইবাসী ৰাইজৰ সহযোগত ১০ৰ পৰা ১২ জানুৱাৰীলৈ বিভিন্ন কাৰ্যসূচীৰে এই মহোৎসৱ আয়োজিত হ'ব। উল্লেখযোগ্য যে, কিছু দিন পূর্বে পবা অভায়ৰণ্যই বন্যপ্রাণী অভায়ৰণ্যৰ স্বীকৃত...

January 4, 2025 12:02 PM

views 13

সোণাৰিত তিনিদিনীয়া কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন আৰম্ভ

চৰাইদেউ জিলা সদৰ সোণাৰি নগৰৰ কাষৰীয়া চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত বিজয় ৰাজকোঁৱৰে বৰ অসমৰ প্ৰণেতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ নীতি আৰু আদৰ্শৰে পৰিচালিত হোৱা টাই আহোম যুৱ পৰ...

January 4, 2025 11:50 AM

views 8

গুৱাহাটীত অনুষ্ঠিত আই এছ এল ফুটবল প্ৰতিযোগিতাৰ মোহামেদান স্পৰ্টিং ক্লাব আৰু নৰ্থ-ইষ্ট ইউনাইটেডৰ খেল গ’লশূন্যভাৱে ড্ৰ’

গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক্‌ছ ষ্টেডিয়ামত কালি মোহামেদান স্পর্টিং ক্লাব আৰু নৰ্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত আই এছ এল ফুটবল প্রতিযোগিতাৰ খেলখন গ’লশূন্যভাৱে সমাপ্ত হয়। নৰ্থ-ইষ্ট ইউনাইটেডে সুন্দৰ খেল প্ৰদৰ্শন কৰে যদিও গ'ল দিবলৈ সক্ষম নহ'ল। ভুৱনেশ্বৰত আজি হ'বলগীয়া এখন খেলত ওড়িশা ফ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।