আঞ্চলিক সংবাদ

December 5, 2024 8:15 PM December 5, 2024 8:15 PM

views 10

নগাঁৱৰ শোলমাৰীত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

নগাঁৱৰ শোলমাৰীত আজি নিচেই পুৱা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয়। লোকজনৰ পৰিচয় বৰ্তমানেও জানিব পৰা হোৱা নাই। নগাঁৱৰ বিভিন্ন প্ৰান্তত প্ৰায় এটা পষেক ধৰি বনৰীয়া হাতীৰ বৃহৎ জাকে উপদ্ৰৱ চলাই আহিছে বুলি জানিব পৰা গৈছে।

December 5, 2024 8:08 PM December 5, 2024 8:08 PM

views 15

সৰুপথাৰত কাইলৈৰ পৰা ৯ ডিচেম্বৰলৈ নেপালী সাহিত্য সভাৰ ষোড়শ ত্রিবার্ষিক অধিৱেশন

সৰুপথাৰত কাইলৈৰ পৰা ৯ ডিচেম্বৰলৈ নেপালী সাহিত্য সভাৰ ষোড়শ ত্রিবার্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ কেইবাগৰাকীও সাহিত্যিকে অংশগ্রহণ কৰিব। ৯ ডিচেম্বৰত সভাৰ মুকলি অধিৱেশনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা অধিৱেশনত উপস্থিত থকাৰ কথা।

December 5, 2024 8:06 PM December 5, 2024 8:06 PM

views 15

বঢ়মপুৰ অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য

দুদিনীয়া ভ্ৰমণসূচীৰে কালি নগাঁৱত উপস্থিত হোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আজি বঢ়মপুৰ অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয়। বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে প্ৰাৰ্থনাৰে ৰাজ্যপালগৰাকীক আদৰণি জনোৱাৰ পাছত মত বিনিময় অনুষ্ঠান সম্পন্ন হয়। ৰাজ্যপাল শ্ৰীআচাৰ্যই শিক্ষাৰ্থীসকলৰ মাজত স্মার্টফোন আৰু ইলেকট...

December 5, 2024 8:05 PM December 5, 2024 8:05 PM

views 10

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগীতামূলক পৰীক্ষা-২০২৩ৰ ফলাফল ঘোষণা

অসম লোকসেৱা আয়োগে আজি সংযুক্ত প্রতিযোগীতামূলক পৰীক্ষা-২০২৩ৰ ফলাফল ঘোষণা কৰে। আয়োগে অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু সংলগ্ন সেৱাৰ মুঠ ২৩৫ গৰাকী প্ৰাৰ্থী নিযুক্তিত অনুমোদন দিছে। চিৰঞ্জীৱ ফুকনে ৮৭২ নম্বৰেৰে প্ৰথম স্থান লাভ কৰে। এনিশা বুঢ়াগোহাঁইয়ে ৮২৩ নম্বৰ লাভ কৰি মহিলা প্ৰাৰ্থীৰ ভিতৰত প্ৰথম স্থান...

December 5, 2024 8:02 PM December 5, 2024 8:02 PM

views 29

নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক পৰ্যায়ৰ সাহিত্য প্ৰতিযোগিতা

ৰাজ্যখনৰ অগ্ৰণী প্ৰগতিবাদী সাহিত্য সংগঠন নতুন সাহিত্য পৰিষদৰ অহা ১, ২ আৰু ৩ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া দ্বি—বাৰ্ষিক ৰাজ্যিক সন্মিলন উপলক্ষে ৰাজ্যিক ভিত্তিক অসমীয়া প্ৰগতিবাদী গল্প, কবিতা আৰু প্ৰবন্ধ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি সন্মিলনৰ আদৰণী সমিতিয়ে এক বিবৃতিযোগে জনাইছে৷ পঞ্চাশ বছৰ অনূৰ্ধ্বৰ সক...

December 5, 2024 7:05 PM December 5, 2024 7:05 PM

views 7

৪ গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে ৭ ডিচেম্বৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে পৰহিলৈ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। চাৰিগৰাকী বিধায়কে শনিবাৰে দিনৰ ১২ বজাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যম এক্সযোগে এই কথা প্ৰকাশ কৰিছে। এই নতুন মন্ত্ৰীসকল হ'ব ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকন, লক্ষীপ...

December 5, 2024 1:28 PM December 5, 2024 1:28 PM

views 7

অসম মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ বাতিল সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসম মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ বাতিল কৰাক লৈ এটা সংগঠনে দাখিল কৰা আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ জাননী কৰিছে। এই সন্দৰ্ভত সদৌ অসম মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ক তথা কাজী সন্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। সংগঠনটোৱে দাখিল কৰা এখন লেখ আবেদনৰ শুন...

December 5, 2024 1:24 PM December 5, 2024 1:24 PM

views 6

ধুবুৰীত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৩৪৯ সংখ্যক শ্বহীদী দিৱস পালন

ধুবুৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীগুৰু টেগ বাহাদুৰ ছাহিব গুৰুদ্ধাৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৩৪৯ সংখ্যক শ্বহীদী দিৱস পালন কৰা হৈছে। শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰে স্থাপন কৰা ধুবুৰীৰ এই গুৰুদ্ধাৰত আয়োজিত এই দিৱসৰ কাৰ্যসূচীত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশ-বিদেশৰ পৰা বহুলোকে অংশগ্ৰহণ কৰিছে। বিগত বছ...

December 5, 2024 1:21 PM December 5, 2024 1:21 PM

views 9

অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা

অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মহাৰাষ্ট্ৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ সৈতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী শর্মাই কালি নতুন দিল্লীত এখন সংবাদমেলত অহা ৭ ডিচেম্বৰৰ ১২ বজাত অসম মন...

December 5, 2024 1:09 PM December 5, 2024 1:09 PM

views 4

ৰেস্তোৰাঁ, হোটেল ৰাজহুৱা অনুষ্ঠান, সামাজিক স্থানত গো-মাংস বন্ধৰ ঘোষণা ৰাজ্য চৰকাৰৰ

অসম চৰকাৰে ৰেস্তোৰাঁ, হোটেল ৰাজহুৱা অনুষ্ঠান আৰু আন সামাজিক স্থানত গো মাংসৰ ব্যৱহাৰ সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰি কালি কয়, যে কেবিনেট বৈঠকত বৰ্তমানৰ গো মাংস গ্ৰহণ কৰা আইনৰ সংশোধনত অনুমোদন জনোৱাৰ পিছত এই সিদ্ধান্ত চূড়ান্ত কৰা হয় ৷ মুখ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।