আঞ্চলিক সংবাদ

January 19, 2025 1:07 PM

views 31

অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড আৰু মণিপুৰত অহা ২৪ ঘণ্টাত কুঁৱলীৰ লগতে আকাশ ফৰকাল থাকিব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড আৰু মণিপুৰৰ ঠায়ে ঠায়ে কুঁৱলী পৰাৰ লগতে আকাশ ফৰকাল হৈ থাকিব বুলি আগলি বতৰা জাৰি কৰিছে। আনহাতে বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী ...

January 19, 2025 12:16 PM

views 54

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ ‘পাব্লিক স্পীক’ত কাইলৈ পথ সুৰক্ষা নিশ্চিতকৰণ সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত কাইলৈ নিশা ৯.৩০ বজাত পথ সুৰক্ষা নিশ্চিতকৰণ সন্দৰ্ভত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব মেহমুদ আহমেদ আৰু পৰিবহণ বিশেষজ্ঞ অনিল চিকাৰাৰ সৈতে হোৱা এলানি বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়...

January 18, 2025 8:34 PM

views 28

ভাৰত-ভূটান সীমান্তৰ দৰঙা মেলাত তামুলপুৰ আৰক্ষীৰ অবৈধ পেট্ৰল ভর্তি বাহন জব্দ

তামুলপুৰ আৰক্ষীয়ে অভিযান চলাই ভাৰত-ভূটান সীমান্তৰ দৰঙা মেলাত অবৈধ পেট্ৰল ভর্তি সাতখন বাহন জব্দ কৰাৰ লগতে ৬ গৰাকী লোকক আটক কৰিছে। প্ৰতিখন বাহনতে অতিৰিক্ত তেলৰ টেংকী সংযোগ কৰি লৈ ৬০০ লিটাৰৰো অধিক পেট্ৰ'ল ভূটানৰ পৰা আনিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। উল্লেখযোগ্য যে, ভাৰত-ভূটান সীমান্তত একাংশ তেল মাফি...

January 18, 2025 8:31 PM

views 23

আকাশবাণীৰ পাব্লিক স্পীকত সোমবাৰে পথ সুৰক্ষা নিশ্চিতকৰণ সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত সোমবাৰে নিশা চাৰে ৯ বজাত পথ সুৰক্ষা নিশ্চিতকৰণ সন্দৰ্ভত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব মেহমুদ আহমেদ আৰু পৰিবহণ বিশেষজ্ঞ অনিল চিকাৰাৰ সৈতে হোৱা এলানি বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থক...

January 18, 2025 8:00 PM

views 40

পবিতৰা অভয়াৰণ্যত জলচৰ পক্ষী গণনা কাৰ্যসূচী সম্পাদন

মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যত বন বিভাগ তথা প্ৰকৃতি প্ৰেমী সংগঠন আৰণ্যক আৰু আন কেইবাটাও বেচৰকাৰী সংস্থাৰ সহযোগত আজি জলচৰ পক্ষী গণনা কাৰ্যসূচী সম্পন্ন কৰা হয়। ২০২৩-২৪ বৰ্ষত ৫৬টা প্ৰজাতিৰ প্ৰায় ৮ হাজাৰ পক্ষীৰ তুলনাত এইবাৰ প্ৰায় ১০ হাজাৰ প্ৰজাতিৰ পক্ষী আছে বুলি গণনাকাৰীসকলে প্ৰকাশ কৰিছে। অভয়াৰণ্যখ...

January 18, 2025 7:58 PM

views 20

জোনবিলৰ পাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত জোনবিল মেলাৰ সামৰণি

মৰিগাঁও জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত জোনবিল মেলাৰ আজি সামৰণি পৰে। আজি গোভা ৰজা দীপসিং দেওৰজাই দ্বিতীয়খন ৰাজদৰবাৰ অনুষ্ঠিত কৰে। এই ৰাজদৰবাৰত মধ্য অসমৰ তিৱা ৰজাসকলে অংশগ্ৰহণ কৰে। গোভা দেওৰজাৰ অৰম বিলত সমূহীয়া মাছ ধৰা পৰ্ব আৰু ৰজাৰ বিষয়াবৰ্গই প্রতীকি ৰূপত কৰ ...

January 18, 2025 7:57 PM

views 12

অহা ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত ঝুমুইৰ বিনন্দিনী শীৰ্ষক অনুষ্ঠান

ৰাজ্য চৰকাৰে ঝুমুইৰ নৃত্যক বিশ্ব দৰবাৰত বিশেষ পৰিচয় প্ৰদান কৰাৰ উদ্দেশ্যেৰে অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ঝুমুইৰ বিনন্দিনী শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিবলৈ লোৱা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বিচৰা কামৰূপ জিলাৰ কমলপুৰ আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝুমুইৰ শিল্পীসকলৰ বা...

January 18, 2025 7:43 PM

views 12

ডিমা হাচাও জিলাৰ উমৰাংছ’ত শোকাৱহ স্কুলবাছ দুৰ্ঘটনা

ডিমা হাচাও জিলাৰ উমৰাংছ' আৰক্ষী থানাৰ অধীনৰ ১৯ কিলোমিটাৰ এলেকাৰ সমীপত আজি পুৱা এটা শোকাৱহ স্কুলবাছ দুৰ্ঘটনা সংঘটিত হয়। এটা চৰকাৰী বিবৃতিযোগে জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ক্ষেত্র বিষয়াই জনাইছে যে এই দুৰ্ঘটনাত এগৰাকী ছাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগতে ৬ গৰাকী ছাত্র-ছাত্রী গুৰুতৰভাৱে আহত হৈছে। আহত ছ...

January 18, 2025 7:40 PM

views 30

কাইলৈ প্রাদেশিকীকৃত মাধ্যমিক বিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তি পৰীক্ষা

শিক্ষা বিভাগে প্রাদেশিকীকৃত মাধ্যমিক বিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত কৰিব। কাইলৈ দুয়োবেলা দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাত স্নাতক পৰ্যায়ত ৩৯ হাজাৰ ২২৪ গৰাকী প্ৰাৰ্থী আৰু স্নাতকোত্তৰ পৰ্যায়ত ৩০ হাজাৰ ৩৫৮ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। টেট পৰীক্ষাৰ...

January 18, 2025 7:26 PM

views 24

বৰপেটাত আজিৰে পৰা দ্বিতীয় বার্ষিক ভাওনা সমাৰোহ অনুষ্ঠিত

বৰপেটাত আজিৰে পৰা তিনিদিনীয়াকৈ শংকৰী সাংস্কৃতিক ভাওনা দলৰ উদ্যোগত দ্বিতীয় বার্ষিক ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। এই সমাৰোহৰ মথুৰাদাস বুঢ়া আতা ৰংগক্ষেত্ৰ দ্বাৰ উন্মোচন কৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে। ইয়াৰ লগতে অধিবক্তা দীপক দাসে ভাওনা সমাৰোহৰ স্মৃতি তৰ্পণ কৰে।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।