আঞ্চলিক সংবাদ

April 1, 2025 11:10 AM

views 13

আজিৰেপৰা ঘৰুৱা বিদ্যুৎ গ্রাহকৰ বিদ্যুৎ মাচুল প্রতি ইউনিটত ২৫ প‍ইচাৰ পৰা ১ টকালৈ হ্ৰাস

■ ৰাজ্যত আজিৰেপৰা ঘৰুৱা বিদ্যুৎ গ্রাহকৰ বাবে বিদ্যুৎ মাচুল প্রতি ইউনিটত ২৫ প‍ইচাৰ পৰা এটকালৈকে হ্ৰাস কৰা হ'ব। সাধাৰণ গ্ৰাহকৰ উপৰি উদ্যোগ, কাৰখানা, কৃষি ইত্যাদি বাণিজ্যিক সংযোগ থাকা গ্ৰাহকসকলৰ ক্ষেত্ৰত প্ৰতি ইউনিটত ২৫ পইচাকৈ মাচুল হ্ৰাস পাব। অৱশ্যে গ্ৰাহকসকলে মে' মাহৰ মাচুলতহে ইয়াৰ প্ৰতিফলন দেখা পাব...

April 1, 2025 10:37 AM

views 38

৫ এপ্ৰিলৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনাঃ মুখ্যমন্ত্রী

● অহা ৫ এপ্ৰিলৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি বিশ্বনাথত আয়োজিত অনুষ্ঠানত প্ৰকাশ কৰে। পঞ্চায়ত নিৰ্বাচনৰ লগতে বি টি আৰ নিৰ্বাচনৰ বাবেও ৰাজ্যিক বিজেপিয়ে যাৱতীয় তৎপৰতা আৰম্ভ কৰিছে। এই অনুসৰি কালি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকী...

March 31, 2025 9:28 PM

views 9

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ একত্রিত পেন্সন আঁচনি (UPS) মঙলবাৰৰ পৰা কাৰ্যকৰী

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে একত্রিত পেন্সন আঁচনি (ইউ. পি. এছ.) কাইলৈৰ পৰা কাৰ্যকৰী হ’ব। কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ অধীনত এটা বিকল্প হিচাপে ইউ. পি. এছ. প্ৰৱৰ্তন কৰিছিল। পেন্সন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেন্ট অথৰিটি পি. এফ. আৰ. ডি. এ.-য়ে শেহতীয়াকৈ ইউ. পি. এছ.-ৰ কাৰ্য্যকৰী...

March 31, 2025 8:50 PM

views 15

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বাতৰি আৰু কেতবোৰ অনুষ্ঠানৰ সময় কিছু সালসলনি

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বাতৰি আৰু কেতবোৰ অনুষ্ঠানৰ সময় কিছু সালসলনি কৰা হৈছে। ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰূপে গঢ়ি তোলা হ'ব বুলি কৰা ঘোষণা সন্দৰ্ভত নগৰখনৰ নাগৰিকৰ অভিমতৰ ভিত্তিত আকাশবাণী গুৱাহাটী বাতৰি বিভাগে কালি সন্ধিয়া প্ৰচাৰ কৰা বিশেষ সংবাদ চলন্তিকা আকাশবাণী ডিব্ৰুগড় কে...

March 31, 2025 8:48 PM

views 8

বজালীত ৫৭ লাখ টকা ব্যয়সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ

ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ‍ কুমাৰ দাসে আজি বজালী জিলাত প্রায় ৫৭ লাখ টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটা ডিজিটেল পুঁথিভঁৰাল উদ্বোধন কৰাৰ লগতে মৰ্কাৰ মিলিত ৰঙালী ব...

March 31, 2025 8:46 PM

views 103

যশস্বী কবি-গীতিকাৰ কেশৱ মহন্তৰ আজি স্মৃতি দিৱস

গীত আৰু কাব্য সৃষ্টিৰে অসমীয়া সাহিত্য তথা সংগীতক সমৃদ্ধ কৰি থৈ যোৱা যশস্বী কবি-গীতিকাৰ কেশৱ মহন্তৰ আজি স্মৃতি দিৱস উপলক্ষে শ্রদ্ধা নিবেদন কৰা হৈছে। গীত-কবিতাৰ লগতে সাংবাদিকতা আৰু শিক্ষাৰ ক্ষেত্ৰলৈও অনৱদ্য অৱদান আগবঢ়োৱা মহন্তই ২০০৬ চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল। মোৰ শুকান কলিজাত কুঁহিপা...

March 31, 2025 8:43 PM

views 27

কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াৰ বাঁহী বাদন অনুষ্ঠান

কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত স্পিক মেকী নামৰ সংস্থাৰ উদ্যোগত আজি পদ্ম বিভূষণ সন্মানেৰে সন্মানিত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াৰ বাঁহীবাদন অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই এই অনুষ্ঠানৰ উদ্বোধন কৰি পণ্ডিতগৰাকীক প্ৰতিভাৰ স্রোতস্বিনী নদীৰ সৈতে তুলনা কৰ...

March 31, 2025 8:41 PM

views 25

ৰাজ্যত উলহ-মালহেৰে পৱিত্ৰ ঈদ-উল-ফিতৰ উদযাপন

বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো আজি উলহ-মালহেৰে পৱিত্ৰ ঈদ-উল-ফিতৰ উদযাপন কৰা হৈছে। দিনৰ ভাগত বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ কামনাৰে ইছলামধৰ্মী লোকসকলে সমূহীয়া নামাজত অংশ লয়। ঈদ উপলক্ষে ৰাজ্যৰ মছজিদ আৰু ঈদগাহসমূহ আটকধুনীয়াকৈ সজাই তোলা হৈছে। লগতে অতিথিক আপ্যায়নৰ বাবে ইছলামধৰ্মী লোকসকলে ঘৰে ঘৰে...

March 31, 2025 8:38 PM

views 8

বিশ্বনাথ জিলাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ১৪০ কোটি ৬৯ লাখ টকা ব্যয়সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বহুমুখী বিকাশৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি বিশ্বনাথ জিলাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেইবাটাও অভিলাষী প্রকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে জিলাখনত ১৪০ কোটি ৬৯ লাখ টকা ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে ২০...

March 31, 2025 8:32 PM

views 74

বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ওপজা দিনটো ৰাজ্যজুৰি ছাত্ৰ দিৱস হিচাপে উদযাপন

বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ওপজা দিনটো আজি ৰাজ্যজুৰি ছাত্ৰ দিৱস হিচাপে উদযাপন কৰা হয়। এই উপলক্ষে ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ত আয়োজন কৰা প্ৰথম বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম স্মাৰক বক্তৃ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।