আঞ্চলিক সংবাদ

April 15, 2025 1:24 PM

views 9

তিনিচুকীয়া জিলাৰ বজা আলী পথৰ ৰেলৱে পুখুৰীত মৃতদেহ উদ্ধাৰ

তিনিচুকীয়া জিলাৰ বজা আলী পথৰ ৰেলৱে পুখুৰীত আজি এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। কালি সন্ধিয়াৰে পৰা নিখোজ হৈ থকা ধীৰাজ সাহানী নামৰ ১৯ বছৰীয়া যুৱকজনৰ মৃতদেহ আজি এছ ডি আৰ এফে উদ্ধাৰ কৰে। যুৱকজনৰ সন্ধানত এছ ডি আৰ এফে যোৱা নিশাৰে পৰা অভিযান চলাই আছিল।

April 15, 2025 1:17 PM

views 20

মেঘালয়ৰ তিৱা জনগোষ্ঠীৰ লোকসকলে ১৭ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ ছগ্ৰা উৎসৱ পালন কৰিব

মেঘালয়ত বসবাস কৰা তিৱা জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ পৰম্পৰাগত ছগ্ৰা উৎসৱ অহা ১৭ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ পালন কৰিব। উল্লেখযোগ্য যে সুদীর্ঘ ২৫ বছৰৰ পাছত এইবেলি মেঘালয়ৰ লুম্ফৈ গাঁৱত লুপ্ত পাবলৈ ধৰা বসন্ত উৎসৱ ছগ্ৰা পালন কৰা হ'ব। জাগীৰোডৰ গোভা দেওৰজা দীপ সিং দেওৰজাৰ অনুমতি লৈ এই উৎসৱ পালন কৰিবলৈ লোৱা ...

April 15, 2025 1:09 PM

views 20

বহাগৰ পহিলা দিনটো পৰম্পৰাগতভাৱে ৰাজ্যজুৰি মানুহ বিহু পালন

বহাগৰ পহিলা দিনটোত আজি পৰম্পৰাগতভাৱে ৰাজ্যজুৰি মানুহ বিহু পালন কৰা হৈছে। এই উপলক্ষে সমগ্র ৰাজ্যতে উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢোল, পেঁপা, গগনাৰ শব্দই মুখৰিত কৰি তুলিছে। আজি অসমবাসীয়ে হেঁপাহৰ বিহুৱান বিনিময় কৰি পৰস্পৰৰ কুশল কামনা কৰাৰ লগতে জ্যেষ্ঠজনৰ আশিস লৈছে। বিভিন্ন ঠাইত...

April 14, 2025 7:48 PM

views 21

পৰিবহন আইন উলংঘা কৰি চলাচল কৰা ডাম্পাৰসমূহৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ কঠোৰ ব্যৱস্থা

গুৱাহাটী মহানগৰীত পৰিবহন আইন উলংঘা কৰি চলাচল কৰা ডাম্পাৰসমূহৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মহানগৰীখনত পথ সুৰক্ষা নিশ্চিত কৰাৰ লগতে যান-বাহন আইন কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ আইন উলংঘাকাৰী চালকসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে তালাচী অভিযান তীব্ৰ কৰি তোলা হৈছে। আৰক্ষীয়ে কালি পৰ্যন...

April 14, 2025 7:43 PM

views 26

ডিফু অগ্নিনির্বাপক বাহিনী সেৱা কেন্দ্ৰৰ উদ্যোগত অগ্নিনির্বাপক সপ্তাহ পালন

কাৰ্বি আলং জিলাৰ ডিফু অগ্নিনির্বাপক বাহিনী সেৱা কেন্দ্ৰৰ উদ্যোগত আজিৰে পৰা অগ্নিনির্বাপক সপ্তাহ পালন কৰা হৈছে। এই উপলক্ষে পুৱাৰ ভাগত চাফাই কাৰ্যসূচীৰ লগতে গছ-পুলি ৰোপন কৰা হয়। অগ্নিনির্বাপক সপ্তাহৰ সৈতে সংগতি ৰাখি জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ মাজত অগ্নিকাণ্ড আৰু ল'বলগীয়া সাৱধানতা সন্দৰ্ভত এলানি ...

April 14, 2025 7:35 PM

views 26

নৱবৰ্ষ আদৰণি উৎসৱ বৈশাগু উপলক্ষে বড়ো জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত উখল-মাখল পৰিবেশ

ৰাজ্যখনৰ বড়ো জনগোষ্ঠীৰ লোকসকলে পালন কৰা নৱবৰ্ষ আদৰণি উৎসৱ বৈশাগু উপলক্ষে জনগোষ্ঠীটোৰ বসতিপ্রধান অঞ্চলসমূহত উখল-মাখল পৰিবেশে বিৰাজ কৰিছে। খাম, চেৰজা, চিফুং আৰু জাবশিঙৰ ছন্দত চৌদিশ মুখৰ হৈ উঠিছে। বৈশাগু উপলক্ষে আজি কোকৰাঝাৰ নগৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত থকা বাওখুংগ্ৰী পাহাৰ বগোৱা কাৰ্যসূচী অনুষ্...

April 14, 2025 7:25 PM

views 12

গুৱাহাটীৰ ডি. বি. ষ্টক কনচালটেন্সিৰ বিত্তীয় অনিয়মত জড়িত থকাৰ অভিযোগত এক্সিছ বেংকৰ প্ৰাক্তন শাখা প্রবন্ধকক চি বি আইয়ে গ্ৰেপ্তাৰ কৰে

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা-চি বি আইয়ে আজি গুৱাহাটীৰ ডি. বি. ষ্টক কনচালটেন্সিৰ বিত্তীয় অনিয়মত জড়িত থকাৰ অভিযোগত মহানগৰীৰ এক্সিছ বেংকৰ প্ৰাক্তন শাখা প্রবন্ধক পুষ্পজিৎ পুৰকায়স্থ আৰু সন্দীপ গুপ্তাক ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে। চিবিআইয়ে প্ৰকাশ কৰা অনুসৰি পুৰকায়স্থই ডি বি ষ্টকৰ হৈ অধিক ধন ঘূৰ...

April 14, 2025 7:39 PM

views 33

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা হ’বলগীয়া ১৭খন জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালকৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা হ'বলগীয়া ১৭খন জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন-টি-এৰ সঞ্চালকৰ সৈতে আজি এখন বৈঠকত মিলিত হয়। অসম আৰক্ষীৰ বিশেষ অনুসন্ধানত ৰাজ্যৰ ব্যক্তিগত পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষাত উত্তীৰ্ণ কেইগৰাক...

April 14, 2025 6:53 PM

views 57

ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰু বিহু পালন

অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা নৈৰ ঘাট আৰু খাল-বিলসমূহত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। পুৱাই গঞা ৰাইজে গোহালিৰ গৰুকেইটা নোৱাই ধোৱাই বছৰটোলৈ গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে বিহু উপ...

April 14, 2025 10:52 AM

views 56

ৰঙালী বিহুৰ প্ৰথম দিনটো গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি পালন

অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা নৈৰ ঘাট আৰু খাল-বিনসমূহত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। পুৱাই গঞা ৰাইজে গোহালিৰ গৰুকেইটা নোৱাই-ধোৱাই বছৰটোলৈ গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। ৰাষ্ট্রপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে বিহু উপ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।