আঞ্চলিক সংবাদ

August 30, 2025 9:01 PM

views 28

সোৱণশিৰি নৈৰ জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে সোৱণশিৰি নৈৰ জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এন এইচ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই ধেমাজি আৰু লখিমপুৰ জিলা প্ৰশাসনলৈ সতর্কতা জাৰি কৰিছে। ধাৰাসাৰ বৰষুণৰ ফলত সোৱণশিৰি নৈৰ জলস্তৰ অধিক বৃদ্ধি পোৱা...

August 30, 2025 8:29 PM

views 77

অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত ৯,৭০৪ গৰাকী মহিলাক স্কুটী প্ৰদান

অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত তৃণমূল পৰ্যায়ত কাম কৰা ৯ হাজাৰ ৭০৪ গৰাকী মহিলাক আজি স্কুটী প্ৰদান কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সমূহীয়া কেডাৰ হিচাপে কাম কৰা মহিল...

August 30, 2025 8:26 PM

views 14

গুৱাহাটী এইমছত সৰ্বভাৰতীয় ৰেডিঅ’লজী অভিৱৰ্তনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি এইম্‌ছ গুৱাহাটীত সৰ্বভাৰতীয় ৰেডিঅ'লজী অভিৱৰ্তনত অংশগ্রহণ কৰে। ভাষণ প্ৰসংগত তেওঁ এইম্‌ছক সৰ্বাত্মক স্বাস্থ্য সেৱাৰ গুৰি ধৰিবলৈ আহ্বান জনায়। এইম্‌ছ গুৱাহাটীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনগণক নিৰন্তৰ সেৱা আগবঢ়াই আহিছে বুলি তেওঁ কয়। যুৱক-যুৱতীসকলে আধুনিক চি...

August 30, 2025 8:08 PM

views 12

২০২৭ চনত ১৮ মাহৰ বাবে ব্ৰিটিছ সংগ্ৰহালয় কর্তৃপক্ষই অসমলৈ প্ৰেৰণ কৰিব বৃন্দাবনী বস্ত্ৰঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ৰাজ্য চৰকাৰে ব্ৰিটিছ সংগ্ৰহালয়ত সংৰক্ষিত হৈ থকা বৃন্দাবনী বস্ত্ৰ অসমত প্ৰদৰ্শনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ব্ৰিটিছ সংগ্ৰহালয় কর্তৃপক্ষই তাত থকা বৃন্দাবনী বস্ত্ৰ চৰ্তসাপেক্ষে অসমলৈ ১৮ মাহৰ বাবে প্ৰেৰণ কৰা সন্দৰ্ভত আলোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা অক্টোবৰ-নৱেম্বৰত লণ্ডনলৈ যাব। সকল...

August 30, 2025 11:44 AM

views 49

দেৰগাঁৱৰ দাধৰাত সংঘটিত পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু

গোলাঘাট জিলাৰ দেৰগাঁৱৰ দাধৰাৰ সমীপৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱানিশা সংঘটিত এটা পথ দুৰ্ঘটনাত ৰণ্টু ৰাজবংশী নামৰ এজন লোকৰ মৃত্যু হয়। নলবাৰীৰ পৰা তিনিচুকীয়া অভিমুখে তীব্র বেগেৰে গৈ থকা বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰাৰ ফলত চালক ৰণ্টু ৰাজবংশীৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনাটোত ব...

August 30, 2025 11:30 AM

views 12

নলবাৰীৰ ম’হখুলিত যোৱা নিশা হোৱা ডকাইতিৰ ঘটনাত এজন লোক নিহত

নলবাৰী জিলাৰ ম’হখুলিত যোৱা নিশা হোৱা ডকাইতিৰ ঘটনাত এজন লোক নিহত হয়। ডকাইতৰ আক্ৰমণত নিহত লোকজন গাঁওখনৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰমোদ বৰ্মন বুলি আমাৰ সংবাদদাতাই জনাইছে। বৰ্মনৰ পৰিয়ালটোৱে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ সময়তে তিনিজনীয়া ডকাইতৰ দলটোৱে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি লুটপাত চলোৱাৰ লগতে প্রমোদ ব...

August 30, 2025 11:27 AM

views 11

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শিলচৰত সমবেত সংগীতৰ আখৰা

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি অহা ১৩ ছেপ্তেম্বৰত আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শিলচৰত কালিৰেপৰা সমবেত সংগীতৰ আখৰাৰ আয়োজন কৰা হৈছে। কাছাৰ জিলাৰ পৰা নিৰ্বাচিত ২০ গৰাকী শিল্পীয়ে হিন্দী ভৱনত আয়োজিত জিলা পৰ্যায়ৰ আখৰাত অংশগ্ৰহণ কৰিছে। গুৱাহাটীৰ মূল প্রশিক্ষক আলেখ্য চক্ৰৱৰ্তীয়ে শ...

August 30, 2025 11:24 AM

views 26

সমাগত বিটিচিৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি

সমাগত বিটিচিৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। ৰাজনৈতিক দলসমূহে বিভিন্ন সমষ্টিৰ বাবে নিজ নিজ দলৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ সমান্তৰালকৈ প্ৰশাসনেও কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। তামুলপুৰ জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীয়ে সমাগত বিটিচিৰ নির্বাচন উপলক্ষে প...

August 30, 2025 11:21 AM

views 14

তৃণমূল পৰ্যায়ত কাম কৰা ৯,৭০৪ গৰাকী মহিলাক স্কুটী প্ৰদান

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত তৃণমূল পৰ্যায়ত কাম কৰা ৯ হাজাৰ ৭০৪ গৰাকী মহিলাক আজি স্কুটী প্ৰদান কৰা হ'ব। এই উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্...

August 30, 2025 11:18 AM

views 19

গৃহমন্ত্ৰী অমিত শ্বাহৰ দুদিনীয়া অসম ভ্রমণে ৰাজ্যক নতুন মাত্ৰা প্ৰদান কৰিলে : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দুদিনীয়া অসম ভ্রমণে ৰাজ্যৰ শান্তি, উন্নতি আৰু শক্তিশালী আন্তঃগাঁথনি সৃষ্টিৰ যাত্ৰাক নতুন মাত্ৰা প্ৰদান কৰিলে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখাকে ধৰি বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।