আঞ্চলিক সংবাদ

August 1, 2025 7:02 PM August 1, 2025 7:02 PM

views 29

ডিব্ৰুগড় জিলা কৃষি বিভাগৰ কঠীয়াতলী প্ৰস্তুতৰ বাবে ধানৰ বীজ সিঁচা কাৰ্যসূচীত কৃষকসকলক সহায় কাৰ্যসূচী

ডিব্ৰুগড় জিলা কৃষি বিভাগৰ উদ্যোগত আজি জিলাখনৰ খোৱাং, মানকটা, টেঙাখাট, বৰবৰুৱা, নাহৰকটীয়া, ৰহমৰীয়া, ৰাজগড়, চেচুঘাট আৰু মৰাণ কৃষি চক্ৰৰ অন্তৰ্গত অঞ্চলসমূহত সমূহীয়া কঠীয়াতলী প্ৰস্তুতৰ বাবে ধান বীজ সিঁচা কাৰ্যসূচীত কৃষকসকলক সহায় কৰা হয়। এই কাৰ্যসূচীত জিলা কৃষি বিষয়া অনুপ কুমাৰ পেগু আৰু কৃষি উন্...

August 1, 2025 6:56 PM August 1, 2025 6:56 PM

views 4

ভাষাবিদ টাবুৰাম টাইডৰ ৮৩ সংখ্যক জন্ম দিৱস উপলক্ষে টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুঁথিভঁৰাল আনুষ্ঠানিকভাৱে মুকলি

ভাষাবিদ টাবুৰাম টাইডৰ ৮৩ সংখ্যক জন্ম দিৱস উপলক্ষে আজি টাবুৰাম টাইড স্মৃতি ন্যাসৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত গোগামুখত প্ৰয়াত টাবুৰাম টাইডৰ সমাধিক্ষেত্ৰত প্ৰতিষ্ঠা কৰা টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুঁথিভঁৰাল আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। মন্ত্ৰী ৰণোজ পেগুৱে স্মাৰক সংগ্ৰহালয় আৰু পুঁথিভঁৰাল...

August 1, 2025 6:46 PM August 1, 2025 6:46 PM

views 28

ড° ভূপেন হাজৰিকা বছৰযোৰা জন্ম শতবার্ষিকী উদযাপনৰ অংশ হিচাপে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আনুষ্ঠানিকভাৱে পোৰ্টেল মুকলি

ড° ভূপেন হাজৰিকা বছৰযোৰা জন্ম শতবার্ষিকী উদযাপনৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত আনুষ্ঠানিকভাৱে এটা পোৰ্টেল মুকলি কৰে। পোৰ্টেল মুকলিৰ পূৰ্বে সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই ৫ ছেপ্তেম্বৰত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিয়লি ৫.৩০ বজাত হ'বলগীয়া ভ...

August 1, 2025 6:39 PM August 1, 2025 6:39 PM

views 9

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৩৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছেঃ মুখ্যমন্ত্রী

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৩৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে উৰিয়ামঘাট অঞ্চলত চলোৱা উচ্ছেদ অভিযানত ১০ হাজাৰৰো অধিক ভূমি দখলমুক্ত কৰা হৈছে। পূৰ্বতে ১ লাখ ২৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছিল বুলি তেওঁ...

August 1, 2025 6:36 PM August 1, 2025 6:36 PM

views 15

ৰাজ্যত জুন মাহত চাহৰ উৎপাদন যোৱা বছৰৰ তুলনাত ১২ শতাংশ হ্ৰাস

ৰাজ্যত জুনত চাহৰ উৎপাদন যোৱা বছৰৰ তুলনাত ১২ শতাংশ হ্ৰাস পাইছে। বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে এনে হোৱা বুলি কোৱা হৈছে। ভাৰতীয় চাহ সংস্থাৰ অসম শাখাৰ সচিব মাধুৰ্য বৰুৱাই কালি কয়, যে জুলাইত ৰাজ্যত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ ৩০ৰ পৰা ৪০ শতাংশ হ্ৰাস পাইছে আৰু ইয়াৰ ফলত অনাগত সময়ত চাহৰ উৎপাদন আৰু হ্ৰাস ...

August 1, 2025 6:31 PM August 1, 2025 6:31 PM

views 6

বৰপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচৰ অপৰাধত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে আনোৱাৰ হুচেইন নামৰ এজন লাট মণ্ডলক হাতে লোটে ধৰা পেলায়

বৰপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ অপৰাধত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে আজি আনোৱাৰ হুচেইন নামৰ এজন লাট মণ্ডলক হাতে লোটে ধৰা পেলায়। অভিযোগ অনুসৰি কয়াকুছিৰ এজন লোকৰ ভূমি সংক্রান্তীয় কাম কৰি দিয়াৰ বিনিময়ত মণ্ডল জনে প্রথমে ২০ হাজাৰ টকাৰ উৎকোচ দাবী কৰিছিল। ভুক্তভোগী লোকজনে এই কথা...

August 1, 2025 6:27 PM August 1, 2025 6:27 PM

views 10

বিশিষ্ট সংগীত প্রযোজক তথা সুৰকাৰ বিপুল বৰুৱাক আকাশবাণীৰ সৰ্বোচ্চ সংগীত প্রযোজকৰ স্বীকৃতি প্রদান

বিশিষ্ট সংগীত প্রযোজক তথা সুৰকাৰ বিপুল বৰুৱাক আকাশবাণীৰ সৰ্বোচ্চ সংগীত প্রযোজকৰ স্বীকৃতি প্রদান কৰা হৈছে। আকাশবাণীৰ সঞ্চালকালয়ে শ্ৰীবৰুৱাক সংগীতৰ প্ৰযোজনাৰ ক্ষেত্ৰত সৰ্বোচ্চ স্বীকৃতি প্ৰদান কৰা পত্ৰ খন আজি আকাশবাণী গুৱাহাটীত কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত তেওঁক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। উল্লেখ...

August 1, 2025 11:34 AM August 1, 2025 11:34 AM

views 3

টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল প্ৰতিষ্ঠা দিৱসৰ আয়োজন

বিশিষ্ট ভাষাবিদ টাবুৰাম টাইডৰ ৮৩ সংখ্যক জন্ম দিৱসৰ সৈতে সংগতি ৰাখি টাবুৰাম টাইড স্মৃতি ন্যাসৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত আজি ধেমাজিৰ গোগামুখত টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানতে টাবুৰাম টাইড স্মৃতি ন্যাসৰ সৌজন্যত ২০২৫ বৰ্ষৰ সাহিত্য বঁটাসমূহ ...

August 1, 2025 11:31 AM August 1, 2025 11:31 AM

views 10

বিশ্বনাথ জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

বিশ্বনাথ জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। জিলাখনত ১০ জন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য জিলা স্বাস্থ্য বিভাগে সদৰি কৰিছে। আক্রান্তসকলৰ ভিতৰত ইতিমধ্যে শিশুসহ দুজন লোকৰ মৃত্যু ঘটিছে। বিশ্বনাথ জিলাৰ টেঙাবৰী গাঁৱৰ গিৰিশ বৰা, বালিজুৰিৰ সোণাৰাণী বসুমতাৰী আৰু গড়প...

August 1, 2025 11:29 AM August 1, 2025 11:29 AM

views 12

ৰাজ্যত জুনত চাহৰ উৎপাদন যোৱা বছৰৰ তুলনাত ১২ শতাংশ হ্ৰাস

ৰাজ্যত জুনত চাহৰ উৎপাদন যোৱা বছৰৰ তুলনাত ১২ শতাংশ হ্ৰাস পাইছে। বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে এনে হোৱা বুলি কোৱা হৈছে। ভাৰতীয় চাহ সংস্থাৰ অসম শাখাৰ সচিব মাধুৰ্য বৰুৱাই কালি কয়, যে জুলাইত ৰাজ্যত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ ৩০ৰ পৰা ৪০ শতাংশ হ্ৰাস পাইছে আৰু ইয়াৰ ফলত অনাগত সময়ত চাহৰ উৎপাদন আৰু হ্ৰাস ...