আঞ্চলিক সংবাদ

August 4, 2025 12:48 PM August 4, 2025 12:48 PM

views 7

২০২৬ৰ বিধানসভা নিৰ্বাচনত জনসাধাৰণে কংগ্ৰেছ দলটো পুনৰ শাসনলৈ অহালৈ বাট চাইছে বুলি গৌৰৱ গগৈৰ মন্তব্য

বিজেপি চৰকাৰে বৃহৎ কৰ্পোৰেট গোষ্ঠীৰ হকে কাম কৰে বুলি অভিযোগ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে ৰাজ্যৰ জনসাধাৰণে ২০২৬ৰ বিধানসভা নিৰ্বাচনত পুনৰ পুৰণি দলটো শাসনলৈ অহালৈ বাট চাইছে বুলি মন্তব্য কৰে। গুৱাহাটীত অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছৰ এখন বর্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত সাংবাদিকৰ সৈতে হো...

August 4, 2025 12:45 PM August 4, 2025 12:45 PM

views 3

পহিলা অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ গৰাকীসকলৰ ৰাজ সাহায্যযুক্ত নিমখ, মচুৰ দাইল আৰু চেনি লাভ

পহিলা অক্টোবৰৰ পৰা ৰাজ্যৰ ৰেচন কাৰ্ডৰ গৰাকীসকলে ৰাজ সাহায্যযুক্ত নিমখ, মচুৰ দাইল আৰু চেনি লাভ কৰিব বুলি মন্ত্ৰী কৌশিক ৰায়ে ঘোষণা কৰিছে। কোকৰাঝাৰ চহৰৰ সমীপৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত সকলো সুলভ মূল্যৰ দোকানী আৰু গাঁও পঞ্চায়ত সমবায...

August 4, 2025 12:42 PM August 4, 2025 12:42 PM

views 11

প্ৰায় ৪,২৪০ হেক্টৰ ভূমি দখলমুক্ত কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলত দখলকাৰীৰ কৱলত থকা প্ৰায় চাৰি হাজাৰ ২৪০ হেক্টৰ ভূমি ২০২৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত দখলমুক্ত কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে কিছুদিন পূর্বে বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষকে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলসমূহৰ বৃহৎ পৰিমাণৰ ভূমি দখলকাৰ...

August 4, 2025 12:39 PM August 4, 2025 12:39 PM

views 1

উৰিয়ামঘাটৰ নামবৰ দক্ষিণ সংৰক্ষিত বনাঞ্চলত ৩৫০টাতকৈ অধিক পৰিয়াল উচ্ছেদ, ১০০০ বিঘা সংৰক্ষিত বনভূমি পুনৰুদ্ধাৰ

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পাছত গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে কালি সৰু পথাৰৰ নামবৰ দক্ষিণ সংৰক্ষিত বনাঞ্চলৰ কিছু অংশত উচ্ছেদ চলায়। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু নাগালেণ্ড চৰকাৰৰ সহযোগত কালি গেলাজান আৰু ৩ নম্বৰ ৰজা পুখুৰীৰ অবৈধভাৱে দখলীকৃত বনভূমিত ...

August 4, 2025 12:37 PM August 4, 2025 12:37 PM

views 12

বিটিচিত কোচ, কলিতা, ৰাভা সকলোৱে ভূমিৰ অধিকাৰ পাব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

বিটিচিত জনজাতি, কোচ, কলিতা, ৰাভা সকলোৱে ভূমিৰ অধিকাৰ পাব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ঘোষণা কৰিছে। তামুলপুৰ জিলাৰ কেইবাটাও পৰিষদীয় সমষ্টিত অনুষ্ঠিত কার্যকর্তা সন্মিলনত অংশগ্ৰহণ কৰি সমাগত বি টি চি পৰিষদীয় নিৰ্বাচনৰ কুচকাৱাজ চলাই কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয...

August 3, 2025 9:08 PM August 3, 2025 9:08 PM

views 3

গোলাঘাট জিলাৰ নেঘ্ৰেৰীবিলত বন বিভাগ আৰু জিলা প্ৰশাসনৰ ৮ আগষ্টত উচ্ছেদ অভিযান

গোলাঘাট জিলাৰ মেৰাপানীৰ দৈয়াং সংৰক্ষিত বনাঞ্চলৰ নেঘ্ৰেৰীবিলত বন বিভাগ আৰু জিলা প্ৰশাসনে অহা ৮ আগষ্টত উচ্ছেদ দিন ধাৰ্য কৰাৰ পাছতে জিলা প্ৰশাসন তৎপৰ হৈ পৰিছে। সৰুপথাৰত কালি এখন সংবাদমেলত বন বিভাগৰ হৈ প্ৰধান মুখ্য বন সংৰক্ষক এম. কে. যাদৱে কয়, যে অঞ্চলটোত অবৈধভাৱে বসবাস কৰি থকা প্ৰায় ২০৫টা পৰিয়ালক অ...

August 3, 2025 9:03 PM August 3, 2025 9:03 PM

views 4

মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড়ৰ কাছাৰবাৰীত আয়োজিত প্রধানমন্ত্রী বন ধন যোজনাৰ অন্তৰ্গত ন্যূনতম খাদ্য মূল্যৰ কাৰ্যক্ৰম পৰিদৰ্শন

শক্তি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড়ৰ কাছাৰবাৰীৰ বিকাশ চেণ্টাৰ গোটত আজি আয়োজিত প্রধানমন্ত্রী বন ধন যোজনাৰ অন্তৰ্গত ন্যূনতম খাদ্য মূল্যৰ কাৰ্যক্ৰম পৰিদৰ্শন কৰে। মন্ত্রী শ্রীফুকনে জনজাতি সমাজৰ আত্মনিৰ্ভৰশীলতা আৰু কৌশলভিত্তিক উদ্যোগৰ জৰিয়তে জীৱিকা সৃষ্টিৰ এনে প্ৰচেষ্টা প্ৰশংসনীয় বুলি উল্লেখ...

August 3, 2025 8:54 PM August 3, 2025 8:54 PM

views 20

লেখিকা অনিতা দেৱীৰ অন্য যাত্রা শীর্ষক গল্প সংকলনৰ উন্মোচন

অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত লেখিকা অনিতা দেৱীৰ অন্য যাত্রা শীর্ষক এখন গল্প সংকলন আজি উন্মোচন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উত্তৰ-পূব অধ্যয়ন বিভাগৰ মুৰববী অধ্যাপক ড০ গজেন্দ্র অধিকাৰীয়ে গল্প সংকলনখন উন্মোচন কৰে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত চন্দ্ৰ প্ৰকাশৰ স্বত্বাধিকাৰী ডা...

August 3, 2025 8:50 PM August 3, 2025 8:50 PM

views 4

ধুবুৰী জিলাৰ টিপকাই নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ধুবুৰী জিলাৰ বন্ধিহানা আৰক্ষী চকীৰ অন্তৰ্গত চেন্দক গাওঁৰ টিপকাই নদীত আজি এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰে। অঞ্চলটোৰ ৰাইজে পানীত ওপঙি থকা মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু এই সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে।

August 3, 2025 8:46 PM August 3, 2025 8:46 PM

views 10

বাক্সা জিলাৰ নিমুৱাত মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত নিমুৱাত আজি মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ আৰু বিটিচিৰ কাৰ্যবাহী সদস্য গৌতম দাসে এই আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীৰ উন্নয়ন পুজিৰ ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া বীৰ চিলাৰায়ৰ প্ৰতি...