আঞ্চলিক সংবাদ

August 4, 2025 8:31 PM August 4, 2025 8:31 PM

views 66

ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ পাছত নেতাগৰাকীক তীব্ৰ সমালোচনা বিজেপিৰ

গালৱান সংঘৰ্ষৰ পাছত ভাৰতীয় সেনা বাহিনী সন্দৰ্ভত কৰা বিৰূপ মন্তব্যৰ পাছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এটা মানহানিৰ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ পাছত বিজেপিয়ে আজি নেতাগৰাকীক তীব্ৰ সমালোচনা কৰে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই ৰাহুল গান্ধীৰ মন্তব্য...

August 4, 2025 8:08 PM August 4, 2025 8:08 PM

views 22

নগাঁৱৰ ছাপানলাৰ হদহদী জলপ্ৰপাতত গা ধুবলৈ গৈ এজন যুৱকৰ মৃত্যু

নগাঁও জিলাৰ ছাপানলাৰ হদহদী জলপ্ৰপাতত গা ধুবলৈ গৈ আজি পুৱা এজন যুৱকৰ মৃত্যু হয়। যুৱকজন নগাঁৱৰ লাওখোৱা ৰোডৰ ২১ বছৰীয়া ছনায়াম জৈন বুলি জানিব পৰা গৈছে। পুৱা গা ধুবলৈ গৈ যুৱকজন পানীত বুৰ যোৱাৰ পাছত এছ ডি আৰ এফৰ দলে ঘটনাস্থলীত উপস্থিত হৈ তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।

August 4, 2025 8:04 PM August 4, 2025 8:04 PM

views 2

হোজাইত ভিন্ন সজাগতাৰে জিলা প্ৰশাসনৰ বিশেষ অভিযান ৰূপায়ণ

হোজাই জিলাত পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লগতে বাল্য বিবাহ, শিশু শ্ৰমিক আৰু মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টিৰ বাবে জিলা প্ৰশাসনে বিশেষ অভিযান ৰূপায়ণ কৰিছে। এই উপলক্ষে হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত এখন বিশেষ বাহনৰ যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে এই যাত্ৰাৰ শুভা...

August 4, 2025 7:55 PM August 4, 2025 7:55 PM

views 13

যোৰহাট আৰক্ষীৰ তিতাবৰ মহকুমা শাখাই চুৰি গোচৰত ৫জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ

যোৰহাট আৰক্ষীৰ তিতাবৰ মহকুমা শাখাই আজি এটা চুৰি গোচৰত পাঁচজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। তিনি দিন আগতে তিতাবৰৰ মিহিৰাম শ‍ইকীয়া বিদ্যালয়ত সংঘটিত এটা চুৰিৰ গোচৰৰ পৰিপ্ৰেক্ষিতত ব্যক্তিকেইজনক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ লগতে আৰক্ষীয়ে অভিযুক্তকেইজনৰ পৰা চুৰি হোৱা সামগ্ৰীসমূহ উদ্ধ...

August 4, 2025 7:51 PM August 4, 2025 7:51 PM

views 18

এআইইউডিএফৰ প্ৰতিনিধি দলৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আইন শৃংখলাৰ মহা পৰিদৰ্শক অখিলেশ সিঙক সাক্ষাৎ

উজনি অসমৰ কেইবাখনো জিলাত একাংশ দল-সংগঠনে বিশেষ সম্প্ৰদায়ৰ লোকৰ ওপৰত আতিশয্য চলোৱাৰ অভিযোগ তুলি আজি এ আই ইউ ডি এফৰ এটা প্ৰতিনিধি দলে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আইন শৃংখলাৰ মহা পৰিদৰ্শক অখিলেশ সিঙক সাক্ষাৎ কৰে। বিধায়ক ৰফিকুল ইছলাম, কৰিমউদ্দিন বৰভূঞা, সুজামুদ্দিন লস্কৰসহ প্রতিনিধি দলটোৱে আৰক্ষী মহা...

August 4, 2025 7:47 PM August 4, 2025 7:47 PM

views 5

সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ ৩৯ হাজাৰ ৫১৫ খন প্রাথমিক বিদ্যালয়লৈ ২০২৫-২৬ বৰ্ষৰ বাবে ৫০ শতাংশ বার্ষিক অনুদান হিচাপে ৫৬ কোটি ৯৭ লাখ টকা মুকলি কৰিছে

সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ ৩৯ হাজাৰ ৫১৫ খন প্রাথমিক বিদ্যালয়লৈ ২০২৫-২৬ বৰ্ষৰ বাবে ৫০ শতাংশ বার্ষিক অনুদান হিচাপে ৫৬ কোটি ৯৭ লাখ টকা মুকলি কৰি দিছে। এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে সমগ্র শিক্ষা অসমে এই ধনেৰে বিদ্যুতৰ মাচুল, ইণ্টাৰনেট মাচুল, বিদ্যালয় গৃহ মেৰামতিকে ধৰি আন্তঃগাঁথনিমূলক কাম-কাজ ক...

August 4, 2025 7:42 PM August 4, 2025 7:42 PM

views 14

ৰাজ্য চৰকাৰে আজি ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে চলিত বছৰৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰসমূহ ঘোষণা কৰিছে

ৰাজ্য চৰকাৰে আজি ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে চলিত বছৰৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰসমূহ ঘোষণা কৰিছে। ৰাজ্যিক পৰ্যায়ত অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ দলপতি অংকুৰ নাৰায়ণ দাস, মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ মাল্টি টাস্কিন ষ্টাফ বীৰ বাহাদুৰ ৰায়, ক্রীড়া আৰু যুৱ কল্যাণ ...

August 4, 2025 7:16 PM August 4, 2025 7:16 PM

views 18

বি টি আৰৰ বিভিন্ন ঠাইত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি বিজেপিৰ কৰ্মকৰ্তাসকলৰ সৈতে মুখ্যমন্ত্রীৰ মত-বিনিময়

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বি টি আৰৰ বিভিন্ন ঠাইত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি বিজেপিৰ কৰ্মকৰ্তাসকলৰ সৈতে মত-বিনিময় কৰে। বাক্সা জিলাৰ অদালবাৰী, হাউলী মাজৰগাঁওত তৃণমূল পৰ্যায়ৰ বিজেপিৰ কৰ্মীৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই উন্নয়নৰ নতুন লক্ষ্যৰে শান্তিপূৰ্ণ বড়োলেণ্ডৰ বিপুল...

August 4, 2025 6:59 PM August 4, 2025 6:59 PM

views 15

স্বাস্থ্য পৰীক্ষাৰ আইনগত নথিপত্ৰ আৰু মৰণোত্তৰ পৰীক্ষাৰ নথিসমূহ সহজে পাব পৰাকৈ গোৱালপাৰাৰ ছহিদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎ‍সালয়ত প্ৰথমটো মডলেপাৰ (ModLEaPR) প’ৰ্টেল মুকলি

স্বাস্থ্য পৰীক্ষাৰ আইনগত নথিপত্ৰ আৰু মৰণোত্তৰ পৰীক্ষাৰ নথিসমূহ সহজে পাব পৰাকৈ আজি ৰাজ্যৰ স্বাস্থ্য বিভাগে গোৱালপাৰাৰ ছহিদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎ‍সালয়ত প্ৰথমটো মডলেপাৰ (ModLEaPR) প'ৰ্টেল আজি মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তা মুখ্য অতিথ...

August 4, 2025 6:53 PM August 4, 2025 6:53 PM

views 2

গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিত আজিৰে পৰা গছপুলি ৰোপন আৰম্ভ

গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিত আজিৰে পৰা গছপুলি ৰোপন কৰা হৈছে। যোৱা ১২ জুলাইত বন বিভাগ আৰু প্ৰশাসনে সংৰক্ষিত বনাঞ্চলখনত ১৩৮ হেক্টৰ ভূমি দখলমুক্ত কৰিছে। এই ভূমিৰ প্ৰতি হেক্টৰতে দুহেজাৰ ৫০০টাকৈ গছপুলি ৰোপনৰ বাবে বন বিভাগে লক্ষ্য লৈছে। এই গছপুলি ৰোপনৰ জৰিয়তে অঞ্চলটো সেউজীয়া আ...