আঞ্চলিক সংবাদ

August 7, 2025 12:55 PM August 7, 2025 12:55 PM

views 5

নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি

উচ্চ শিক্ষাত ছাত্ৰীৰ নামভৰ্তি বৃদ্ধি, বাল্য বিবাহ তথা কৈশোৰকালীন মাতৃত্ব প্ৰতিৰোধ, শিশুৰ শিক্ষা,স্বাস্থ্য আৰু সুৰক্ষাৰ অধিকাৰ নিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে অভিলাষী আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে মাহিলী এহেজাৰ টকা, স্নাতক আৰু সংহত শিক্ষক শিক্ষা কাৰ্যসূচীৰ পাঠ্যক্ৰমত...

August 7, 2025 12:53 PM August 7, 2025 12:53 PM

views 10

খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন

হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত আজি গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত একাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হৈছে। হস্ততাঁত, বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৰাজ্যবাসীক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে। হস্ততাঁত খণ্ডত উল্লেখযোগ...

August 7, 2025 12:51 PM August 7, 2025 12:51 PM

views 2

আকাশবাণী গুৱাহাটীৰ উদ্যোগত কাইলৈ আকাশবাণীৰ ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমাক উদযাপন

ভাৰতীয় প্ৰচাৰণ সেৱাৰ ৯০ বছৰ : আকাশবাণী গুৱাহাটীৰ  উদ্যোগত কাইলৈ অসম ৰাজ্যিক সংগ্ৰাহলয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত আকাশবাণীৰ  ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমাক উদযাপন কৰাৰ উদ্দেশ্যে  যুৱবাণী শাখাৰ দ্বাৰা বিশেষ কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে। কাইলৈ পুৱা চাৰে ন বজাৰ পৰা "আকাশবাণীৰ ৯০ বছৰ" শীৰ্ষক কুইজ প্ৰতিযোগ...

August 7, 2025 12:47 PM August 7, 2025 12:47 PM

views 3

ভাস্কৰজ্যোতি গগৈলৈ ৰাষ্ট্ৰীয় ললিত কলা একাডেমী বঁটা

 অসমৰ যুৱ চিত্ৰশিল্পী ভাস্কৰজ্যোতি গগৈলৈ তেওঁৰ নষ্টালজিক ডেষ্ট্ৰাকচন শীৰ্ষক ছবিখনৰ বাবে ৰাষ্ট্ৰীয় ললিত কলা একাডেমী বঁটা আগবঢ়োৱা হৈছে। কালি ললিত কলা একাডেমীয়ে নতুন দিল্লীত আয়োজন কৰা ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত পদ্মবিভূষণ সন্মানেৰে সন্মানিত স্বনামধন্য শিল্পী ৰামভি সূতৰে এই বঁটা প্ৰদান কৰে। কে...

August 7, 2025 12:45 PM August 7, 2025 12:45 PM

views 9

বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ জাৰী ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ থকা ৬টা ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ জাৰী কৰিছে। এই অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অসমত প্ৰৱেশ কৰা হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, শিখ, পাৰ্চী আৰু জৈন ধৰ্মাৱলম্বী লোকৰ গোচৰসমূহ প্ৰত্যাহাৰ কৰা হ’ব। দিছপুৰত যোৱা ১৭ জুলাইত অনুষ্ঠিত গৃহ...

August 7, 2025 12:43 PM August 7, 2025 12:43 PM

views 21

মেৰাপানী সীমান্তৰ ২ নম্বৰ নেঘেৰীবিলত কাইলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান

গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগ কাইলৈ পুৱাৰে পৰা মেৰাপানী সীমান্তৰ ২ নম্বৰ নেঘেৰীবিলত উচ্ছেদ চলাব। আৰক্ষী, বন বিভাগৰ লোকে কালি অঞ্চলটোৰ পৰিস্থিতি নিৰীক্ষণ কৰে। কালি প্ৰশাসনৰ তৰফৰ পৰা ২ নম্বৰ নেঘেৰীবিল অঞ্চল খালী কৰাৰ বাবে অন্তিমবাৰৰ বাবে অবৈধ দখলকাৰীসকলক মাইকযোগে জাননী জাৰি কৰা হয়। উল্লেখযোগ্য যে,...

August 6, 2025 8:06 PM August 6, 2025 8:06 PM

views 2

গুৱাহাটী মহানগৰ আৰক্ষীৰ উদ্যোগত আমচাঙত মত বিনিময় কার্যসূচী

গুৱাহাটী মহানগৰ আৰক্ষীৰ উদ্যোগত আজি আমচাঙত বাল্য বিবাহ প্ৰতিৰোধ, পকছ' আইন, শিশু আৰু কিশোৰ অপৰাধ আইন বিষয়ক মত বিনিময় কার্যসূচী অনুষ্ঠিত হয়। আমচাং চাহ বাগিচা আদর্শ হাইস্কুল কৰ্তৃপক্ষৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত কমেও ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰে। পাণবজাৰ মহিলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজ...

August 6, 2025 8:04 PM August 6, 2025 8:04 PM

views 21

অসম গণ পৰিষদ দল বিটিআৰৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব : অতুল বৰা

অসম গণ পৰিষদ দলে বিটিআৰৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। দলটোৱে এইবাৰ একাংশ সমষ্টিত প্রার্থী দিব। অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই আজি গোলাঘাটত এই কথা প্রকাশ কৰে। অসম নাগালেণ্ড সীমান্তৰ নেঘ্ৰেীবিলৰ উচ্ছেদিত ভূমি নগাই নিজৰ বুলি কৰা দাবী সন্দৰ্ভত শ্ৰীবৰাই কয় যে দুয়োখন ৰাজ্যৰ আলোচনাৰ মাজেৰে এই সমস্য...

August 6, 2025 8:00 PM August 6, 2025 8:00 PM

views 17

অসমীয়া জাতিক নিঃশেষ কৰিবলৈ চলোৱা কোনো অপচেষ্টা সহ্য কৰা নহ’ব : ড০ হিমন্ত বিশ্ব শৰ্মা

অসমীয়া জাতিক নিঃশেষ কৰিবলৈ চলোৱা কোনো অপচেষ্টা সহ্য কৰা নহ'ব আৰু তেনে লোকক আইনৰ গণ্ডীৰে ৰোধ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত সকীয়াই দিয়ে। মুখ্যমন্ত্রীয়ে কয়, যে জাতিটোৰ বৰঘৰত কোনো লোকে অবৈধভাৱে প্ৰৱেশ কৰিব খুজিলে মানুহে মাত মাতিবই। সঠিক সময়ত মাত নামাতিলে, সেই জাতিক...

August 6, 2025 7:55 PM August 6, 2025 7:55 PM

views 17

মেৰাপানী সীমান্তৰ ২ নম্বৰ নেঘেৰিবিলত উচ্ছেদ চলাবলৈ সাজু

গোলাঘাট জিলা প্রশাসন আৰু বন বিভাগ পৰহিলৈ মেৰাপানী সীমান্তৰ ২ নম্বৰ নেঘেৰিবিলত উচ্ছেদ চলাবলৈ সাজু হৈছে। আৰক্ষী, বন বিভাগৰ লোকে আজি অঞ্চলটোৰ পৰিস্থিতি নিৰীক্ষণ কৰে। উচ্ছেদৰ বাবে মাজত এটা দিন বাকী থকা অৱস্থাত প্ৰশাসনৰ তৰফৰ পৰা ২ নম্বৰ নেঘেৰিবিল অঞ্চল খালী কৰাৰ বাবে শেষৰ বাৰৰ বাবে অবৈধ দখলকাৰীসকলক মাইকয...